গুৱাহাটী
মঙলবাৰে পুৱাই ভূমিকম্পই কঁপালে ৰাজ্য। প্ৰতিকূল বতৰৰ মাজতে পুৱাই অনুভূত হোৱা কম্পনে আতংকৰ সৃষ্টি কৰে । মঙলবাৰে পুৱা গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
অৱশ্যে এই ভূমিকম্পত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই যদিও কৰ্তৃপক্ষই সতৰ্কতা অৱলম্বন কৰিছে।
নেচনেল চেণ্টাৰ ফৰ চিচম’লজী-ৰ প্ৰতিবেদন অনুসৰি, পুৱা ০৫:৫৯:৩৩ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ কামজং জিলা। ৬২ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পটো মধ্যমীয়া গভীৰতাৰ এক ভূ-তাত্ত্বিক পৰিঘটনা আছিল । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২।
অসমৰ লগতে মেঘালয় আৰু নাগালেণ্ডকো এই ভূমিকম্পই কঁপাই যায়।