বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা ভাৰতৰ নিৰ্বাচন আয়োগৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
পাটনা
 
আগন্তুক বিহাৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যখনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হৈছে। দুদিনীয়া বিহাৰ ভ্ৰমণৰ দ্বিতীয় দিন দেওবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বলৱৎকাৰী সংস্থাসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। 
 
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আয়োগে আজি পাটনাত বিভিন্ন বলৱৎকাৰী সংস্থাৰ মুৰব্বী আৰু ন'ডেল বিষয়াৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্যখনত মুক্ত, নিকা আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সমন্বয় আৰু প্ৰস্তুতিৰ মূল্যায়ন কৰে।
 
শনিবাৰে নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীৰ সৈতে চি ই চি জ্ঞানেশ কুমাৰে পাটনাত এক বিশদ আৰু ব্যাপক পৰ্যালোচনা কৰে। য'ত বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ গুণজ্যল আৰু আয়োগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
 
ইচিআইৰ উপ-সঞ্চালক পি পৱনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, আয়োগে আয়ুক্ত, আইজি, ডিআইজি, ডিইঅ’, এছএছপি, এছপিৰ সৈতে নিৰ্বাচনী পৰিকল্পনা, ইভিএম পৰিচালনা, লজিষ্টিক, ভোটকেন্দ্ৰৰ যুক্তিসংগতকৰণ আৰু আন্তঃগাঁথনি, নিৰ্বাচনী কৰ্মচাৰীৰ প্ৰশিক্ষণ, জব্দ, আইন-শৃংখলা, ভোটাৰ সজাগতা আৰু প্ৰচাৰ কাৰ্যকলাপৰ প্ৰতিটো দিশৰ ওপৰত বিশদ পৰ্যালোচনা কৰে।
 
সকলো ডি ই অ’ আৰু এছ পিক ছ’চিয়েল মিডিয়াত ভুৱা বাতৰিৰ বাবে নিৰীক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে উপযুক্ত আইনী ব্যৱস্থাৰে ক্ষিপ্ৰতাৰে সঁহাৰি জনাবলৈ নিৰ্দেশ দিয়া হৈছিল।
 
এই নিৰ্বাচন আয়োগে স্বীকৃতিপ্ৰাপ্ত জাতীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ প্ৰতিনিধি ক্ৰমে আম আদমী পাৰ্টি, বহুজন সমাজ পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), কংগ্ৰেছ, নেচনেল পিপলছ পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) (মুক্তি), জনতা দল (ইউ), লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিনিধিৰ সৈতে মত-বিনিময় কৰিছিল আৰু ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ লগতে তেওঁলোকৰ পৰামৰ্শ বিচাৰিছিল।
 
ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিয়ে সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ষঠ পূজাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় আৰু নূন্যতম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়।
 
জেডিইউ বিহাৰৰ সভাপতি উমেশ সিং কুশৱাহাই কয় যে, তেওঁলোকৰ দলে ইচিআইক একক পৰ্যায়ত আৰু ষঠ পূজাৰ ঠিক পিছতেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে, যাতে ৰাজ্যৰ বাহিৰত বসবাস কৰা লোকসকলেও ভোটদান কৰিব পাৰে।
 
জেডি (ইউ)ৰ মিত্ৰ দল বিজেপিয়েও কয় যে, নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লাগে। ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ বাবে উপস্থিত হোৱা ‘পৰ্দা নাছিন’ (বৰ্খা পৰিহিত মহিলা)ক চিনাক্ত কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক আহ্বান জনাইছে দলটোৱে।
 
সাংবাদিকক সম্বোধন কৰি বিজেপিৰ বিহাৰৰ মুৰব্বী দিলীপ জয়ছৱালে কয় যে, ভোটগ্ৰহণ সংস্থাটোৱেও পিছপৰা অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ পদযাত্ৰা কৰি জনসাধাৰণ নিশ্চিন্ততা নিশ্চিত কৰিবলৈ বিজেপিয়ে আহ্বান জনাইছে।
 
শীঘ্ৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। বিশেষ নিবিড় পুনৰীক্ষণ (SIR) সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৩০ ছেপ্টেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ পোৱাৰ পিছতে এই পৰ্যালোচনা কৰা হৈছে।
 
ইচিআইৰ তথ্য অনুসৰি চূড়ান্ত তালিকাত মুঠ নিৰ্বাচক সংখ্যা ৭.৪২ কোটি, যিটো চলিত বৰ্ষৰ ২৪ জুনলৈকে ৭.৮৯ কোটি আছিল। বিহাৰৰ নিৰ্বাচনী যুঁজখন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্বত গঠিত মহাগঠবন্ধনৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি বহুলাংশে আশা কৰা হৈছে।
 
২৪৩ জনীয়া বিহাৰ বিধানসভাত এন ডি এৰ বৰ্তমান ১৩১খন আসন আছে, য'ত বিজেপিৰ ৮০, জেডিৰ(ইউ) ৪৫, হামৰ(এছ) ৪, আৰু দুখন নিৰ্দলীয়ৰ। আনহাতে মহাগঠবন্ধনৰ ১১১খন আসন আছে, য’ত আৰজেডিৰ ৭৭, কংগ্ৰেছৰ ১৯, চিপিআইৰ(এমএল) ১১, চিপিআইৰ(এম) ২, আৰু চিপিআইৰ ২। অ