ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটিৰ'ত স্থান পালে আঠখন সাঁচিপতীয়া পুথিয়ে

Story by  atv | Posted by  [email protected] • 28 d ago
ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটিৰ'ত স্থান পালে আঠখন সাঁচিপতীয়া পুথিয়ে
ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটিৰ'ত স্থান পালে আঠখন সাঁচিপতীয়া পুথিয়ে
 
নতুন দিল্লী
 
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ভৱনৰ 'গ্ৰন্থ কুটীৰ'ত পৰিলক্ষিত হৈছে অসমীয়া ভাষা-সাহিত্যৰ জয়যাত্ৰা। অসমীয়া ভাষাৰ ধ্রুপদী গৰিমাত নতুন ৰহণ সানি ৰাষ্ট্ৰপতি ভৱনৰ পৰিসৰত কালি সন্ধিয়া মুকলি হোৱা গ্ৰন্থ কুটীৰত স্থান লাভ কৰিছে ৮ খনকৈ সাঁচিপতীয়া পুথিয়ে। এই ৮ খন সাঁচিপতীয়া পুথিৰ লগতে অসমীয়া তিনি শতাধিক যুগজয়ী সাহিত্য সম্ভাৰকো স্থায়ীভাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এই গ্রন্থ কুটীৰত। তদুপৰি এই গ্রন্থ কুটীৰতে লেখন সামগ্ৰীৰ ৰূপত সাঁচিপাত প্ৰস্তুতকৰণৰ প্রক্রিয়াটোক দৃশ্য-শ্রব্য মাধ্যমেৰে প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছে।
 
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সদৰী কৰা হৈছে এই কথা। বিবৃতিটোত লগতে জনোৱামতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত ইতিমধ্যে অসমৰ বিভিন্ন সত্রানুষ্ঠান তথা সুধীজনৰ পৰা সংগৃহীত পাঁচখন প্রাচীন সাঁচিপতীয়া পুথিকে ধৰি মুঠ আঠখন সাঁচিপতীয়া পুথিয়ে 'গ্রন্থ কুটীৰ'ত স্থান লাভ কৰিছে। কালি সন্ধিয়া ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুরে উদ্বোধন কৰা 'গ্রন্থ কুটীৰ'ত অসমীয়াকে ধৰি দেশৰ মুঠ ১১টা ধ্রুপদী ভাষাৰ প্রাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
 
অনুষ্ঠানটিত অংশগ্রহণ কৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ আগত অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্রীশ্রীজনার্দন দেবগোস্বামী, শ্রীশ্রীকমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোণাৰাম শৰ্মা, নগাঁৱৰ কুঁজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, 
লখিমপুৰৰ বিষ্ণু চন্দ্র গোস্বামী, নীলকমল গোস্বামী আৰু মৃদু মৌচম বৰাকে ধৰি সাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকী দাতাই অংশগ্রহণ কৰে।
 
এই সন্দৰ্ভত বাষ্ট্রপতি মুর্মুৱে শাস্ত্রীয় ভাষাসমূহত সঞ্চিত জ্ঞান-সম্পদে গৌৰৱময় অতীতৰ পৰা শিক্ষা ল'বলৈ আৰু উজ্জ্বল ভবিষ্যৎ গঢ়িবলৈ প্রেৰণা দিয়ে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাৰ পৰামর্শক্রমে সাঁচিপতীয়া পুথি সংগ্ৰহৰ প্ৰক্ৰিয়াত কলাক্ষেত্র সমাজে গুৰুত্বপূর্ণ ভূমিকা লৈছে।
 
কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰৰ নেতৃত্বত অসমৰ বিভিন্ন স্থানৰ পৰা 'দশম', 'ভক্তি ৰত্নাৱলী', 'কীর্তনঘোষা', 'নামঘোষা' আৰু 'গীত গোবিন্দ' সাঁচিপতীয়া পুথিসমূহ দানসূত্রে সংগ্রহ কৰি ৰাষ্ট্রপতি ভৱনক অর্পণ কৰা হৈছে।
 
ইফালে 'গ্রন্থ কুটীৰ' প্ৰকল্পৰ ন'ডেল বিষয়াৰ দায়িত্ব বহন কৰিছে আন এগৰাকী অসম সন্তানে। তেওঁ হৈছে ৰাষ্ট্রপতি ভবনৰ সংগ্ৰহালয়ৰ উপ-সঞ্চালক পংকজপ্রতিম বৰদলৈ। সেইসূত্রে তেওঁলোকৰ নিৰলস প্রয়াস আৰু সুধীজনৰ সহযোগিতাৰ সুফলৰূপে অসমীয়া ভাষা-সাহিত্যই এনে এক স্বীকৃতি লাভ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে আৰু ইতিমধ্যে ধ্রুপদী স্বীকৃতি লাভ কৰা অসমীয়া ভাষাৰ গৰিমাৰ অসামান্য উত্তৰণ ঘটিছে বুলিও বিবৃতিটোত কোৱা হৈছে।