কঁহৰা নদীৰ বহনক্ষম ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ

Story by  atv | Posted by  Munni Begum • 7 Months ago
কাজিৰঙা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
কাজিৰঙা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
 
গুৱাহাটী  
 
অসমৰ কঁহৰা নদী অৱবাহিকাৰ স্থানীয় লোক আৰু কাজিৰঙা চিত্ৰকলা বিদ্যালয়, হাতীপথৰ মন্দিৰ পাৰিচালনা সমিতি আৰু কঁহৰাৰ ভূমি সংৰক্ষণ বিভাগকে ধৰি স্থানীয় প্ৰতিষ্ঠানসমূহে উদযাপন কৰিছে বিশ্ব নদী দিৱস। এইবাৰৰ এই দিৱসত কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডৰ জীৱনৰেখা স্বৰূপ কঁহৰা নদীৰ বহনক্ষম ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। 
 
কাৰ্বি আংলঙৰ কঁহৰাৰ হাতীপথাৰত উদযাপন কৰা এই দিৱসৰ অংশ হিচাপে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জন সচেতনতা বৃদ্ধি আৰু নদীৰ বহনক্ষম ব্যৱস্থাপনাক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে ছেপ্টেম্বৰ মাহৰ  চতুৰ্থ দেওবাৰে বিশ্ব নদী দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন সম্প্ৰদায়ৰ ৩৫ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
 
হাতীপথাৰ অঞ্চলত কঁহৰা নদীত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়। অংশগ্ৰহণকাৰীয়ে ভূমি সংৰক্ষণ বিভাগৰ পৰিদৰ্শন বাংলোত সমবেত হৈ প্ৰতীক বৰাৰ অধ্যক্ষতাত এক স্মৃতি ৰোমন্থন আৰু আলোচনাত অংশগ্ৰহণ কৰে। স্থানীয় সংৰক্ষণবিদ স্বপন নাথে অনুষ্ঠানটোৰ প্ৰাথমিক উদ্দেশ্য আৰু নিৰ্ধাৰিত কাম-কাজৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়ায়। 
 
জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে কৰা পানীৰ গুণাগুণ আৰু নিৰ্গমনৰ দীৰ্ঘম্যাদী নিৰীক্ষণৰ ভিত্তিত লাভ কৰা তথ্যসমূহ প্ৰকাশ কৰে আৰু কঁহৰা নদী আৰু ইয়াৰ জলভাগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অংশগ্ৰহণকাৰী লোকসকলে আলোচনা কালত নদীখনৰ পূৰ্বৰ পানীৰ আয়তন, পানীৰ গুণাগুণৰ পৰিৱৰ্তন, মাছৰ প্ৰজাতিৰ বৈচিত্ৰ্য আৰু কঁহৰা নদীৰ পৰা লাভ কৰা বিভিন্ন সুবিধা/সেৱা আদিকে ধৰি কঁহৰা নদীকেন্দ্ৰিক বিভিন্ন স্মৃতি ৰোমন্থন কৰে। 
 
ধ্ৰুৱজ্যোতি সাহাই কঁহৰা নদীৰ বৰ্তমানৰ অৱস্থা আৰু নদীখনৰ বহনক্ষম ব্যৱস্থাপনা পৰিকল্পনাৰ প্ৰয়োজনৰ বিষয়ে সংশ্লিষ্ট সদৰ মহকুমাধিপতি (এছ ডি অ’ চিভিল)ক লিখিতভাৱে অৱগত কৰাৰ পৰামৰ্শ আগবঢ়ায়। কঁহৰাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান শিক্ষক ৰঞ্জন ৰাজখোৱাই এখন সমাজৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক যোগসূত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি নদী আৰু মানুহৰ সম্পৰ্ক সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে।  
 
কঁহৰা নদীৰ বহনক্ষম ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অংশগ্ৰহণকাৰীসকলে দৈৰী প্ৰসাদ উপাধ্যায়ৰ অধ্যক্ষতাত এখন এঘাৰজনীয়া সমিতি গঠন কৰে। এই সমিতিখনে কঁহৰা নদীখনৰ প্ৰাকৃতিক প্ৰৱাহ অব্যাহত ৰখাতো নিশ্চিত কৰাৰ অৰ্থে সজাগতা সৃষ্টি কৰাৰ পণ লৈছে। কঁহৰাস্থিত আৰণ্যকৰ দলৰ সহযোগত কঁহৰাৰ স্বপন নাথ আৰু ৰেহান আলীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত স্বপন নাথে কাৰ্বি আংলঙৰ পৰা বৈ অহা পাহাৰীয়া জুৰিবোৰৰ গুৰুত্ব আৰু কঁহৰা নদী আৰু ইয়াৰ কাষৰীয়া লোকসকলৰ প্ৰতি এইবোৰৰ অবদানৰ বিষয়ে ব্যাখ্যা কৰে।