নতুন দিল্লী
দেশৰ কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকত থকা বিদেশী প্রতিষ্ঠানৰ অংশীদাৰিত্বৰ গভীৰ পর্যবেক্ষণৰ পিচত এনে বেংক প্রতিষ্ঠানসমূহত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) ব সীমা ২০% ব পৰা ৪৯ শতাংশলৈ বৃদ্ধি কৰিব পাৰে চৰকাৰে।
দেওবাৰৰ বাজেট দাখিলৰ পিচত বিত্তীয় সেরা বিভাগৰ সচিব এম নাগাৰাজুৱে জনায় যে ভাৰতীয় বেংক প্রতিষ্ঠানসমূহৰ প্রতি বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ লগতে মূলধনৰ ভিত্তি বৃদ্ধি কৰা আৰু সমগ্র প্রক্রিয়াত অধিক বৃহৎ বেংক প্রতিষ্ঠা কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। ইতিমধ্যে এই বিষয়ক লৈ মন্ত্ৰীমণ্ডলৰ পৰামৰ্শৰ বাবে এখন বৈঠকো অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে ব্যক্তিগত খণ্ডৰ বেংক প্রতিষ্ঠানত এফ ডি আইৰ সীমা হৈছে ৭৪%। ইপিনে ৰাজহুৱা খণ্ডৰ বেংক প্রতিষ্ঠানসমূহত চৰকাৰী অংশীদাৰিত্বৰ হাৰ হ'ব লাগে ৫১%।