নতুন দিল্লী
পশ্চিমবংগৰ কলকাতাৰ এখন হোটেলত বুধবাৰৰ পুৱতি নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয়।কলকাতাৰ মিৰ্জা গালিব ষ্ট্ৰীটত অৱস্থিত হোটেলখন এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ লগে লগে ৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ২ বজাত হঠাতে হোটেলখনৰ পৰা ধোঁৱা ওলোৱা দেখা যায়। কিছু মুহূৰ্তৰ ভিতৰতে হোটেলখনৰ কেইবাটাও কোঠালৈ জুই বিয়পি পৰে। জুই আৰু ঘন ধোঁৱাৰ মাজত আবদ্ধ হৈ শ্বাস-প্ৰশ্বাহত অসুবিধা হোৱাৰ ফলত কেইবাজনো লোক অচেতন হৈ পৰে৷
অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই হোটেলখনৰ ভিতৰৰ পৰা অচেতন অৱস্থাত ৯জন লোকক উদ্ধাৰ কৰে। তেওঁলোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আটাইকেইজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁলোকৰ মৃত্যুৰ খবৰ এতিয়াও আনুষ্ঠানিকভাৱে চিকিৎসালয় বা প্ৰশাসনে নিশ্চিত কৰা নাই।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, চিকিৎসাৰ বাবে অহা বাংলাদেশী নাগৰিকৰো এই অগ্নিকাণ্ডৰ ফলত মৃত্যু হয়।
আনহাতে ধোঁৱাৰ ফলত অসুস্থ হৈ পৰা আন ছয়জন লোককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ বিষয়ে বিতং তথ্য এতিয়াও উপলব্ধ হোৱা নাই।
জানিব পৰা মতে, মৃতকৰ ভিতৰত ৬ জন পুৰুষ, ২ গৰাকী মহিলা আৰু এটা শিশুও আছে। এচি মেচিনত বিস্ফোৰণ বা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।