ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত প্ৰদৰ্শিত হব পাঁচখন প্রাচীন সাঁচিপতীয়া পুথি

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসমীয়া ভাষাৰ ধ্রুপদী মর্যাদাক অধিক গৰিমামণ্ডিত কৰি তোলাৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সৌজন্যত এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হৈছে। কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত মঙলবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱন সচিবালয়ৰ সচিব দিপ্তী উমাশংকৰৰ হাতত পাঁচখন অমূল্য সাঁচিপতীয়া পুথি আনুষ্ঠানিকভাবে অর্পণ কৰে।
 
কলাক্ষেত্ৰৰ উদ্যোগত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে এই পাঁচখন প্রাচীন সাঁচিপতীয়া পুথিকেইখনৰ এক সংগ্রহ আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষা, ঐতিহ্যৰ যাত্রাই এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰানুষ্ঠানৰ সৈতে যোগাযোগ কৰি সাঁচিপতীয়া পুথিকেইখন সংগ্ৰহৰ ব্যৱস্থা কৰে। 
 
ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালৰ শোভা বৃদ্ধি কৰা সাঁচিপতীয়া পুথিকেইখন হৈছে- মাজুলীস্থিত শ্রীশ্রী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত 'কীর্তন ঘোষা', মৰিগাঁওস্থিত শ্রীশ্রী নৰোৱা কুঁজি সত্র (বৈকুণ্ঠপুৰ থান)-ৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে ভাগৱতৰ দশম স্কন্ধৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱৰ ভাবানুবাদ 'আদি দশম', মাজুলীস্থিত শ্রীশ্রী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীয়ে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত 'নামঘোষা', তিতাবৰস্থিত শ্রীশ্রী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীয়ে সংস্কৃত ভাষাত বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰচনা কৰা 'শ্রী ভক্তি ৰত্নাৱলী'ৰ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰদ্বাৰা অনূদিত 'ভক্তি ৰত্নাৱলী আপুৰুগীয়া পুথিকেইখন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়ায়।
 
তদুপৰি, যোৰহাট নিবাসী সুৰেন ফুকনে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অভিলেখাগাৰলৈ দান হিচাপে আগবঢ়োৱা সংস্কৃত ভাষাত জয়দেৱে ৰচনা কৰা 'গীতা-গোবিন্দ'ৰ আধাৰত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজসভাৰ কবি কবিৰাজ চক্ৰৱৰ্তীৰদ্বাৰা অসমীয়ালৈ অনূদিত ৰূপৰ 'গীত গোৱিন্দ' সাঁচিপতীয়া পুথিভাগো ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হৈছে। 
 
অসমীয়া ধ্রুপদী ভাষাৰ চানেকি সংৰক্ষণ তথা প্ৰদৰ্শনৰ ক্ষেত্ৰত সত্ৰাধিকাৰসকলকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ সহায়-সহযোগিতাৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।