গুৱাহাটী
বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বি টি আৰৰ পাঁচখন জিলাত ২২ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে৷ অসম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, নেগ’চিয়েবল ইনষ্ট্ৰুমেণ্টছ (এন আই) এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে৷
বিবৃতিত উল্লেখ কৰা অনুসৰি, "২২ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া স্থানত বি টি আৰৰ অধীনস্থ বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ৷"
উল্লেখ্য যে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২৬ আগষ্টত এক জাননীযোগে বি টি চিৰ ৪০টা সমষ্টিৰ ২০২৫ৰ পৰিষদীয় নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল আৰু সেই অনুসৰি অহা ২২ ছেপ্টেম্বৰত হ’ব বি টি আৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ ২৬ ছেপ্টেম্বৰত হ’ব ভোটগণনা আৰু সেইদিনাই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷
ইফালে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ২ ছেপ্টেম্বৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২২ ছেপ্টেম্বৰ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ২২ ছেপ্টেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, আনহাতে ২৬ ছেপ্টেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব৷
বি টি চি নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯৩৭ গৰাকী আৰু ইয়াৰে ১৩,২৩,৩৯৯ গৰাকী পুৰুষ, ১৩,৩৪,৫২১ গৰাকী মহিলা আৰু ১৭ গৰাকী তৃতীয় লিংগৰ লোক৷
বি টি চিৰ ৪০ টা সমষ্টিৰ ভিতৰত অনুসূচিত জনজাতি (ST)ৰ বাবে ৩০টা সমষ্টি সংৰক্ষিত৷ আনহাতে, অ-অনুসূচিত জনজাতিৰ (Non-ST) বাবে ৫টা সমষ্টি সংৰক্ষিত হোৱাৰ বিপৰীতে সকলোৰে বাবে মুকলি (Open) ৫টা সমষ্টি। বি টি আৰত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলা অন্তর্গত৷
বৰ্তমান পৰিষদত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউ পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টি) ক্ষমতাত আছে, যদিও গেৰুৱা দলটোৱে আগন্তুক নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি টি আৰত সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে৷