বানপানীৰ ফলত মৃত্যু ৭৫ জনৰ মৃত্যু, ৩.৩২ লাখ লোক আক্ৰান্ত; মুখ্যমন্ত্ৰীৰ নতুন সাহায্য ঘোষণা

Story by  atv | Posted by  [email protected] • 3 h ago
বানপানীৰ ফলত মৃত্যু ৭৫ জনৰ মৃত্যু, ৩.৩২ লাখ লোক আক্ৰান্ত; মুখ্যমন্ত্ৰীৰ নতুন সাহায্য ঘোষণা
বানপানীৰ ফলত মৃত্যু ৭৫ জনৰ মৃত্যু, ৩.৩২ লাখ লোক আক্ৰান্ত; মুখ্যমন্ত্ৰীৰ নতুন সাহায্য ঘোষণা
 
গুৱাহাটী
 
অসমৰ প্ৰলয়ংকৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে আৰু ৩.৩২ লাখ লোক বৰ্তমানো বানৰ কৱলত আছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্পৰ্কীয় বুলেটিনত প্ৰকাশ পাইছে এই কথা ৷
 
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শিৱসাগৰত মঙলবাৰৰ দিনটোত ৭ জন লোকৰ মৃত্যু হৈছে। ইফালে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, শোণিতপুৰ, আৰু কামৰূপ (মহানগৰ)ত বানৰ ফলত বিস্তৰ ক্ষতি হৈছে।
 
উল্লেখযোগ্য যে, ২১ টা ৰাজহ চক্ৰৰ ৬২২ খন গাঁৱৰ ৩ লাখ ৩২ হাজাৰ ৬৩৯ জন লোক বৰ্তমানো বানৰ মাজত আৱদ্ধ হৈ আছে৷ কৃষিৰ যথেষ্ট ক্ষতি হৈছে আৰু ৪৫,৩৪১.৯৮ হেক্টৰ কৃষি ভূমি বৰ্তমান পৰ্যন্ত পানীৰ তলত আছে । নুমলীগড়ত ধনশিৰি নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে।
 
ইফালে, উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাহায্য ঘোষণা কৰিছে।
 
বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪,০০,০০০ টকাৰ এককালীন সাহায্য আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত ৫,০০,০০০ টকা (মুঠ ৯,০০,০০০ টকা) প্ৰদান কৰা হ'ব।
 
যদি কোনো ব্যক্তি এমাহ ধৰি সন্ধানহীন হৈ থাকে, তেন্তে তেওঁৰ পৰিয়ালকো ৯,০০,০০০ টকাৰ সাহায্য দিয়া হ'ব।
 
বানপীড়িত চাৰিখন অঞ্চলত এই মাহৰ বাবে অৰুণোদয় আঁচনিৰ ধন ১,২৫০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি কৰা হ'ব।
 
কিতাপ-পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক ১,০০০ টকা, স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীক ৩,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক ৫,০০০ টকা দিয়া হ'ব।
 
এই চাৰিখন বানাক্ৰান্ত অঞ্চলৰ সকলো পৰিয়ালক তাৎক্ষণিক সাহায্য হিচাপে ১৫,০০০ টকাকৈ দিয়া হ'ব।