নতুন দিল্লী
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে সতৰ্কতামূলক আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰু অধিক নিৰাপত্তা ব্যৱস্থাৰ উদ্ধৃতি দি ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই ১৩ মে’ৰ বাবে উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাখনো চহৰলৈ যোৱা বিমান সেৱা বন্ধ কৰিছে। ইণ্ডিগ'ই শনিবাৰে নিশা ১১:৫৯ বজালৈকে শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড় আৰু ৰাজকোটলৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰিছে।
এক বিবৃতিত বিমান সংস্থাটোৱে কয় যে, "আমি বুজিব পাৰিছো যে, ইয়াৰ বাবে আপোনালোকৰ ভ্ৰমণ পৰিকল্পনা কেনেকৈ বিঘ্নিত হ’ব পাৰে আৰু ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি অনুশোচনাও কৰিছো। আমাৰ দলসমূহে পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে আৰু অধিক আপডেটৰ বিষয়ে আপোনালোকক তাৎক্ষণিকভাৱে অৱগত কৰা হব।"
এয়াৰ ইণ্ডিয়াইও জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ অহা-যোৱা কৰা বিমান সেৱা বাতিল কৰাৰ কথা ঘোষণা কৰিছে।
বিমান সংস্থাটোৱে এক্সত এই তথ্য প্ৰকাশ কৰি কয় যে, "শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনালোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ অহা-যোৱা কৰা বিমান ১৩ মে’ অৰ্থাৎ মঙলবাৰৰ বাবে বাতিল কৰা হৈছে। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু আপোনালোকক অৱগত কৰি থাকিম।"
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি সোমবাৰে সন্ধিয়া অমৃতসৰলৈ যোৱা ইণ্ডিগ'ৰ এখন বিমানে অমৃতসৰত সতৰ্কতামূলক ব্লেকআউট ব্যৱস্থা বলৱৎ কৰাৰ পিছত দিল্লীলৈ উভতি যায়।
ছাম্বা, আখনূৰ, জয়ছালমেৰ আৰু কথুৱাত ড্ৰ’ন দেখা পোৱা খবৰ পোৱাৰ পিছতে বিমান সংস্থাসমূহৰ এই কাৰ্য্য সংঘটিত হৈছে। অৱশ্যে ভাৰতীয় সেনাই মঙলবাৰে স্পষ্ট কৰি দিয়ে যে, শেহতীয়াকৈ ড্ৰ’নৰ কোনো কাৰ্যকলাপ ধৰা পৰা নাই আৰু যুদ্ধবিৰতি অক্ষত আছে বুলি বাতৰি সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।
যদিও সোমবাৰে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এই বিমানবন্দৰসমূহ পুনৰ মুকলি কৰিছে তথাপিও বিমান সংস্থাসমূহে সাৱধানতাৰে আগবাঢ়ি যোৱাটো বিচাৰিছে। এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলক আশ্বাস দিয়ে যে, তেওঁলোকে সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে।
"বিমানবন্দৰসমূহ পুনৰ মুকলি কৰাৰ সন্দৰ্ভত বিমান কৰ্তৃপক্ষৰ পৰা এক অধিসূচনা পোৱাৰ পিছতে এয়াৰ ইণ্ডিয়াই জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ আৰু তাৰ পৰা ক্ৰমান্বয়ে বিমান সেৱা আৰম্ভ কৰাৰ দিশত কাম কৰি আছে। এই সময়ত আপোনালোকৰ বুজাবুজিৰ আমি শলাগ লৈছো কাৰণ আমাৰ দলসমূহে এই বিমানবন্দৰসমূহৰ কাৰ্য্যকলাপ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাম কৰি আছে" বুলি বিমান সংস্থাটোৱে এক পোষ্টত প্ৰকাশ কৰিছে।
ইফালে ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই চাম্বা খণ্ডত পাকিস্তানী ড্ৰ’নসমূহক বাধা দিছিল, নিশাৰ আকাশত ৰঙা ৰেখা আৰু বিস্ফোৰণ দেখা গৈছিল। সেনাৰ সূত্ৰই নিশ্চিত কৰিছে যে, এই খণ্ডত সামান্য সংখ্যক ড্ৰ’নে প্ৰৱেশ কৰি সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। তেওঁলোকে অৱশ্যে আতংকিত হ’বলগীয়া একো নাই বুলি কয়।