মালবাহী ৰে'লৰ চলাচল আৰম্ভ হ'ল নাগালেণ্ডত

Story by  atv | Posted by  [email protected] • 1 Months ago
মালবাহী ৰে'লৰ চলাচল আৰম্ভ হ'ল নাগালেণ্ডত
মালবাহী ৰে'লৰ চলাচল আৰম্ভ হ'ল নাগালেণ্ডত
 
গুৱাহাটী
 
মিজোৰামৰ পাছতে এইবাৰ নাগালেণ্ডত আৰম্ভ হ'ল মালবাহী ৰে'লৰ চলাচল। ছেপ্টেম্বৰ মাহত ৰে’ল মন্ত্ৰালয়ে নাগালেণ্ডৰ মলভম ষ্টেচনৰ পৰা মালবাহী ৰে’লৰ কাম আৰম্ভ কৰিছিল। তেলেংগানাৰ পৰা অহা ৪১খন ৱেগন চিমেণ্টেৰে গঠিত প্ৰথমটো ইনৱাৰ্ড ৰেক ২৪ ছেপ্টেম্বৰত মলভমত সফলতাৰে স্থাপন কৰা হয়।
 
যোৱা ২৯ ছেপ্টেম্বৰত মলভমৰ পৰা জিৰানিয়ালৈ ৪২টা ৱেগনত শিলৰ টুকুৰা ভৰাই দিয়া হয়। এক বিবৃতিত ৰাষ্ট্ৰীয় পৰিবহণ সংস্থাটোৱে কয় যে, “যাত্ৰী আৰু মালবাহী সেৱা দুয়োটাৰে ক্ৰমবৰ্ধমান চাহিদাই দেখুৱাইছে যে ৰে’ল সংযোগে উত্তৰ-পূবৰ জীৱনক কেনেদৰে ৰূপান্তৰিত কৰিছে।সুবিধাতকৈও এই নতুন সংযোগসমূহে অৰ্থনৈতিক বৃদ্ধি, স্থানীয় সামগ্ৰীৰ বজাৰত উন্নত প্ৰৱেশ, আৰু বাণিজ্য আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগৰ প্ৰতিশ্ৰুতি দিয়ে।”
 
উল্লেখযোগ্য যে,  মিজোৰামৰ পৰা যাত্ৰী আৰু মালবাহী উভয় সেৱা সফলভাৱে আৰম্ভ কৰাৰ পিছত ভাৰতীয় ৰেলৱেই এতিয়া নাগালেণ্ডৰ পৰা মালবাহী ৰে'লৰ কাম আৰম্ভ কৰিছে ৷ যোৱা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈৰবি-ছৈৰাং ৰেল লাইন প্ৰকল্প উদ্বোধন কৰাৰ পিছতে মিজোৰামত ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে ৰেল সংযোগ স্থাপন কৰা হৈছিল।