জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত উদ্যোগপতি গৌতম আদানি; জুবিনৰ সৃষ্টি আৰু স্মৃতি সংৰক্ষণৰ প্রতিশ্রুতি

Story by  atv | Posted by  Munni Begum • 1 h ago
জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত উদ্যোগপতি গৌতম আদানি
জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত উদ্যোগপতি গৌতম আদানি
 
গুৱাহাটী 
 
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত দেওবাৰে নিশা উপস্থিত হয় বিশিষ্ট উদ্যোগপতি গৌতম আদানি। দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত জুবিন গাৰ্গৰ বাসগৃহত পুত্ৰ জিৎ আদানিৰ সৈতে উপস্থিত হয় উদ্যোগপতি গৰাকী। 
 
আদানিয়ে দেওবাৰে সন্ধিয়া ব্যক্তিগত বিমানযোগে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। তাৰ পৰা গৌতম আদানি আৰু জিৎ আদানি পোনে পোনে গুৱাহাটীৰ কাহিলীপাৰাত থকা জুবিন গাৰ্গৰ বাসভৱনত উপস্থিত হয়। তাত তেওঁলোকে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্রদ্ধা নিবেদন কৰাৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। 
 
এই সকলোখিনি কাম কেইমিনিটমানৰ ভিতৰতে সম্পন্ন হয় আৰু তাৰ পৰা তেওঁলোক বিমান বন্দৰলৈ গৈ ব্যক্তিগত বিমানখনেৰে উভতি যায়। জানিব পৰামতে গৰিমা শইকীয়া গাৰ্গৰ সৈতে হোৱা চমু সাক্ষাতৰ সময়ত আদানিয়ে জনায় যে, এজন শিল্পীৰ মৃত্যুত হোৱা ইমান জনসমাবেশ ইয়াৰ পূৰ্বে দেশত কেতিয়াও দেখা নাই। 
 
আদানিয়ে কয় যে, তেওঁ নিজেও জুবিন গাৰ্গৰ গান শুনিছে আৰু এই গানৰ তেওঁ এজন অনুৰাগী। সেয়েহে শিল্পীগৰাকীৰ সৃষ্টি আৰু স্মৃতি সংৰক্ষণৰ বাবে সকলোখিনি কৰিব বুলি প্রতিশ্রুতি দিয়ে। তেওঁৰ কাৰ্যালয়ৰ পৰা গৰিমা গাৰ্গৰ সৈতে পোন্ধৰ দিনৰ পিচত যোগাযোগ কৰিব আৰু শিল্পীগৰাকীৰ পত্নীয়ে যিধৰণে বিচাৰে সেইধৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব।