আৱাজ-দ্য ভইচ অসম ব্যুৰো
বিশ্বাস আৰু পৰম্পৰাৰ সৈতে অনুৰণন ঘটাই দুটা পবিত্ৰ মছজিদৰ ৰক্ষক ৰজা ছলমানে সমগ্ৰ ছৌদি আৰৱৰ মুছলমান লোকসকলক ১৩ নৱেম্বৰ বৃহস্পতিবাৰে 'ইস্তিক্বাহ' নামাজ পঢ়িবলৈ আহ্বান জনাইছে।
হজৰত মহম্মদ (ছাঃ)ৰ ছুন্নত গভীৰভাৱে শিপাই থকা এই বিশেষ নামাজক খৰাং আৰু পানীৰ সংকটৰ সময়ত আল্লাহ (ঐশ্বৰিক)ৰ দয়া আৰু বৰষুণ বিচাৰি কৰা সামূহিক প্ৰাৰ্থনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
নবীগত পৰম্পৰাৰ দ্বাৰা পৰিচালিত এক ৰাজকীয় আহ্বান
ছৌদি প্ৰেছ এজেন্সিৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত ৰাষ্ট্ৰীয় আদালতে নিশ্চিত কৰে যে, খৰাং অৱস্থাত সাৰ্বজনীন নামাজ হিচাপে 'চালাত আল-ইস্তিক্বাহ'ৰ নবীগত অনুশীলনক অনুসৰণ কৰিবলৈ ৰজা ছালমানে এই নিৰ্দেশনা প্ৰদান কৰিছে। ৰজাৰ এই নিৰ্দেশনাত গুৰুত্ব আৰোপ কৰা হৈছে যে, নামাজে ঈশ্বৰৰ আগত নম্ৰতা আৰু তেওঁৰ কৰুণাৰ লাভৰ সামূহিক আশাক প্ৰতিফলিত কৰে।
প্ৰতিনিধিত্বমূলক ছবি
সমগ্ৰ ৰাষ্ট্ৰখনৰ মছজিদসমূহক একক উদ্দেশ্যেৰে একত্ৰিত কৰি বিশ্বাস, অনুশোচনা আৰু সৎকৰ্মৰ জৰিয়তে বৰষুণ আৰু খৰাংৰ পৰা সকাহ বিচাৰি তেওঁ সকলো নাগৰিক আৰু বাসিন্দাসকলক দেশজুৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
অনুতাপ আৰু দানৰ বাবে আহ্বান
ৰজা ছলমানৰ এই বাৰ্তাই ধৰ্মীয় পৰিধিক অতিক্ৰম কৰিছিল। তেওঁ লোকসকলক অনুতপ্ত হ'বলৈ আৰু ক্ষমা বিচৰাৰ বাবে, আন্তৰিকতাৰে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। তেওঁ মানুহক স্বতঃস্ফূৰ্তভাৱে আৰাধনা কাৰ্যত জড়িত হ'বলৈ সোঁৱৰাই দিয়ে, দান-বৰঙণি আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি অতিৰিক্ত নামাজ পঢ়িবলৈ আহ্বান জনায়, যাতে আল্লাহৰ অনুগ্ৰহ লাভ কৰিব পাৰে।
সমাজক মমতা আৰু উদাৰতাৰে মূৰ্ত কৰি তুলিবলৈ আহ্বান জনাই ৰজা ছলমানে কয়, "বিশ্বাসীসকলে মানুহৰ বোজা লাঘৱ কৰাৰ লগতে তেওঁলোকৰ দুখ দূৰ কৰিবলৈও চেষ্টা কৰা উচিত। যাতে আল্লাহে আমাক আমাৰ কষ্টৰ পৰা মুক্ত কৰে আৰু আমি যি বিচাৰিছো সেয়া আমাক প্ৰদান কৰে।"
ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমান আল ছাউদ
ইস্তিক্বাহৰ অৰ্থ আৰু আত্মা
ইস্তিক্বাহ, আক্ষৰিক অৰ্থত “পানী বিচৰা”, বৰষুণ কম হ’লে বা খৰাং থাকিলে কৰা এক ইছলামিক প্ৰাৰ্থনা বা নামাজ। ই হৈছে জীৱিকা আৰু দয়াৰ বাবে কৰা এক সাম্প্ৰদায়িক অনুৰোধ, যিটো কোন মুকলি ঠাই বা মছজিদত কৰা হয়, যিয়ে আধ্যাত্মিক আৰু শাৰীৰিক দুয়োটা প্ৰয়োজনীয়তাৰ প্ৰতীকক সূচায়। মুছলমানসকলে এই নামাজ ঈশ্বৰৰ ৰচনাৰ ওপৰত নিৰ্ভৰশীলতা আৰু কৃতজ্ঞতা, নম্ৰতা আৰু আনৰ সেৱাৰ সৈতে জীয়াই থকাৰ কৰ্তব্যৰ সোঁৱৰণী হিচাপে আগবঢ়ায়।
বিশ্বাস, ঐক্য আৰু আশা
বৃহস্পতিবাৰৰ ইস্তিক্বাহত সমগ্ৰ চৌদি আৰৱৰ উপাসকসকলক একক উদ্দেশ্যৰে ঐক্যবদ্ধভাৱে একত্ৰিত হোৱা দেখা যাব। ৰজা ছলমানৰ আন্তৰিক আহ্বানত এই গভীৰ বাৰ্তাটোৱে প্ৰতিধ্বনিত হৈছিল যে, ৰাষ্ট্ৰৰ শক্তি বিশ্বাসত, সংহতিত আৰু চিৰস্থায়ী মমতাত নিহিত হৈ আছে। আন্তৰিক প্ৰাৰ্থনা, অনুতাপ আৰু দয়াৰ কাৰ্য্যৰ দ্বাৰা ৰাষ্ট্ৰই কেৱল বৰষুণেই নহয়, বৰং হৃদয়, সম্প্ৰদায় আৰু ঐশ্বৰিক অনুগ্ৰহৰ নবীকৰণো বিচাৰে।