ইছলাম আৰু সন্ত্ৰাসবাদ: ভুল ব্যাখ্যাৰ বিৰুদ্ধে সত্যৰ সংগ্ৰাম

Story by  atv | Posted by  [email protected] • 2 h ago
সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুছলমানসকলে প্ৰতিবাদ কৰা দৃশ্য
সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুছলমানসকলে প্ৰতিবাদ কৰা দৃশ্য
 
আমিৰ ছুহাইল ৱানী
 
দিল্লীত শেহতীয়াকৈ সংঘটিত বোমা বিস্ফোৰণে পুনৰবাৰ দেশৰ জনগণক জোকাৰি গৈছে। শোক আৰু ক্ষোভৰ মাজতে, এটা পৰিচিত আৰু বিপজ্জনক ধাৰা উন্মোচিত হৈছে: চাঞ্চল্যকৰ বাতৰিৰ শিৰোনামা, জল্পনা-কল্পনা আৰু দুই এজনৰ ঘৃণনীয় কাৰ্য্যক এক বিলিয়নৰো অধিক লোকৰ বিশ্বাসৰ জড়িত এটা ধৰ্মৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰাৰ এক উদ্বেগজনক দৌৰ।
 
এজন মুছলমান অভিযুক্তৰ এই অভিযোগত জড়িত হোৱাৰ বাবেই এক বেদনাদায়ক পৰিবেশৰ পুনৰ আৰম্ভ হৈছে। যিয়ে অন্যায়ভাৱে ইছলামক উগ্ৰপন্থীৰ সৈতে সংমিশ্ৰিত কৰিছে। বাস্তৱত ভিত্তি কৰি, বিশ্বাস আৰু ন্যায়পৰায়ণতাৰ ওপৰত আধাৰিত এয়া এনে এক বিকৃতি, যাৰ সংশোধন হোৱাটো প্ৰয়োজন।
 
ইছলাম আৰু ইয়াৰ উৎপত্তি মূলত, শান্তি, কৰুণা আৰু আধ্যাত্মিক সম্প্ৰীতিৰ এক বিশ্বাস। ইছলাম শব্দটো আৰবী মূল s-l-m ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ শান্তি, সুৰক্ষা, আৰু ঐশ্বৰিক ইচ্ছাৰ অধীনতাক বুজাই। ইছলাম ধৰ্মাৱলম্বীসকলে 'আছ-ছালামু আলাইকুম বুলি সম্ভাষণ  জনাই। 'আছ-ছালামু আলাইকুম'ৰ অৰ্থ হ'ল আপোনালোকৰ ওপৰত শান্তি বৰ্ষীত হওঁক। এয়া হ'ল সম্প্ৰীতি আৰু ভালপোৱাৰ দৈনিক আহ্বান।
 
কোৰাণৰ এই বাণী স্পষ্টঃ "হে মোৰ বিশ্বাসীসকল, ন্যায়ৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা, আল্লাহৰ বাবে সাক্ষী হোৱা, তোমালোকৰ নিজৰ বা তোমালোকৰ আত্মীয়সকলৰ বিপক্ষে থিয় হ'বলগীয়া হ'লেও, ন্যায়ৰ পক্ষতে থিয় দিয়া।" (কোৰাণ ৪ঃ১৩৫)।
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুছলমানসকলে প্ৰতিবাদ কৰা দৃশ্য
 
এই নৈতিক নীতি প্রিয় নবী হজৰত মহম্মদ (ছাঃ) জীৱন পৰিক্ৰমাত সম্পূৰ্ণৰূপে দেখা যায়। যিয়ে জনগোষ্ঠীয় হিংসাৰ যুগক পৰিৱৰ্তন কৰি নৈতিকতা আৰু কৰুণাৰ সভ্যতালৈ ৰূপান্তৰিত কৰিছিল। যেতিয়া তেওঁ মক্কাত প্ৰৱেশ কৰিছিল, তেতিয়া তাত তেওঁক বহু নিৰ্যাতন কৰা হৈছিল আৰু তেওঁক নিৰ্বাসিত কৰাও হৈছিল। তথাপি তেওঁ সকলোকে একেবাৰে সাধাৰণভাবে ক্ষমা কৰি দিছিল। আৰু ঘোষণা কৰিছিলঃ "যোৱা, কিয়নো তুমি মুক্ত।"
 
এই উদাৰ কাৰ্য্য মানৱ ইতিহাসৰ ক্ষমাৰ অন্যতম বৃহৎ নজিৰ হৈয়েই আছে। কোৰাণে উল্লেখ কৰে যে, কেতিয়াবা সংঘৰ্ষ অনিবাৰ্য হ'ব পাৰে, কিন্তু ইয়াৰ বাবে কঠোৰ নৈতিক সীমা নিৰ্ধাৰণ কৰা হৈছে: "যিসকলে তোমালোকৰ লগত যুদ্ধ কৰে, তেওঁলোকৰ লগত আল্লাহে দেখুওৱা ধৰণে যুদ্ধ কৰা। কিন্তু সীমা উলংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমা উলংঘনকাৰীসকলক ভাল নাপায়।" (কোৰাণ ২:১৯০)
 
যুদ্ধৰ সময়তো দয়া আৰু সংযম প্ৰদৰ্শন কৰা হৈছিল। নবী (ছাঃ) এ অসহিষ্ণু লোক, মহিলা, শিশু, বৃদ্ধ আৰু সন্ন্যাসীসকলক আঘাত নকৰিবলৈ আদেশ দিছিল। আনকি অযথা গছ কাটিবলৈও বাধা দিছিল। তেওঁৰ সৈন্যসকলক দিয়া স্পষ্ট নিৰ্দেশ আছিল:  "মহিলা, শিশু আৰু বৃদ্ধসকলক আঘাত নকৰিবা, গছ-গছনি আৰু বসবাস কৰা ঠাই ধ্বংস নকৰিবা।" (চুনান আবু দাউদ, ২৬১৪) 
 
কোৰাণৰ বিবেকৰ আহ্বান সমানেই স্পষ্ট:  "ধৰ্মত কোনো বাধ্যবাধকতা নাই" (কোৰাণ ২:২৫৬)
 
ইছলাম কেতিয়াও বল বা ভয় দেখুৱাই জাপি দিব নোৱাৰা এক স্বাধীন ইচ্ছাৰ কাৰ্য্য। নবী হজৰত মহম্মদ (ছ:) কৈছে, "প্ৰকৃত মুছলমান সেইজন যাৰ জিভা আৰু হাতৰ পৰা মানুহ নিৰাপদ।" (ছাহীহ আল বুখাৰী, ১০) আৰু "সাৱধান! যিয়ে কোনো জীৱক অন্যায়ভাৱে হত্যা কৰে, আল্লাহে তেওঁৰ বাবে জান্নাত নিষেধ কৰিব।" (ছুনান আল-নাছা’ই, ৩৯৮৭)
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই শিক্ষাসমূহ প্ৰান্তীয় বা অস্পষ্ট নহয়। এই শিক্ষাই ইছলামিক আইন আৰু আধ্যাত্মিকতাৰ নৈতিক মেৰুদণ্ড গঠন কৰে। যিসকলে ইছলামৰ নামত নিৰ্দোষী লোকক হত্যা কৰে, তেওঁলোক ইছলামৰ ৰক্ষক নহয়, বৰঞ্চ ইয়াৰ বিৰোধীহে। শতিকাজুৰি, ইছলামিক পণ্ডিত (উলেমা) আৰু আইনজ্ঞসকলে অবাধ হিংসা, অৰাজকতা আৰু বিদ্ৰোহৰ নিন্দা কৰি আহিছে।
 
কোৰাণতো 'এজন নিৰ্দোষী মানুহক হত্যা কৰাটো সমগ্ৰ মানৱ জাতিকে হত্যা কৰাৰ সৈতে সমতুল্য বুলি কোৱা হৈছে': "যদি কোনোৱে নিৰীহ লোকক হত্যা কৰে, তেন্তে তেওঁ সম্পূৰ্ণ মানৱ জাতিক হত্যা কৰাৰ দৰে হয়। আৰু যি কোনোৱে এজন মানুহক উদ্ধাৰ কৰে, তেন্তে তেওঁ সমগ্ৰ মনৱ জাতিক উদ্ধাৰ কৰাৰ দৰেই হয়। (কোৰাণ ৫ঃ৩২)
 
আমাৰ সময়তো, ডঃ মহম্মদ তাহিৰ-উল-কাদ্ৰীয়ে সন্ত্ৰাসবাদ আৰু আত্মঘাতী বোমা বিস্ফোৰণৰ বিষয়ে তেওঁৰ স্মাৰকীয় ফতোৱাৰ জৰিয়তে পুনৰ উল্লেখ কৰিছে যে, সন্ত্ৰাসবাদ আৰু আত্মঘাতী আক্ৰমণ কুফৰ অৰ্থাৎ বিশ্বাসৰ অমান্য কৰা। আল-আজহাৰ বিশ্ববিদ্যালয়, ইছলামিক সহযোগিতা সংস্থা (OIC) আৰু ইছলামিক ফিকহ একাডেমীৰ দৰে প্ৰতিষ্ঠানসমূহে সন্ত্ৰাসবাদক নিন্দা কৰি বাৰে বাৰে ঘোষণা জাৰি কৰিছে যে, এনে কাৰ্য্যবোৰ আটাইতকৈ গুৰুতৰ গুনাহ (পাপ)।
 
ইছলামৰ ইতিহাসত নৈতিক সংযম আৰু সহাৱস্থান কৰাৰ উদাহৰণেৰে ভৰি আছে। মদিনাৰ সংবিধান- বিশ্বৰ প্ৰথম লিখিত সামাজিক চনদ - য'ত মুছলমান, ইহুদী আৰু পৌত্তলিকসকলৰ বাবে ধর্মীয় স্বাধীনতা আৰু নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিছিল। ওমৰ ইবনে আল-খত্তাব (ৰা:) ৰ খিলাফতৰ সময়ত যেতিয়া জেৰুজালেম মুছলমান শাসনৰ অধীনলৈ আহিছিল, তেতিয়া এটাও গীৰ্জা অপবিত্ৰ কৰা হোৱা নাছিল, আৰু এজনো লোকৰ জীৱন ক্ষতিগ্ৰস্ত হোৱা নাছিল। জেৰুজালেমৰ খ্ৰীষ্টানসকলৰ সৈতে তেওঁৰ চুক্তি ধৰ্মীয় সহনশীলতাৰ এক অতুলনীয় আৰ্হি হৈয়েই আছে।
 
মুছলমান শাসকসকলে আনকি বিজয়ৰ সময়তো ন্যায়ৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। ১১৮৭ চনত জেৰুজালেম পুনৰ দখল কৰাৰ পিছত ছুলতান ছালাহউদ্দিন আয়ুবি (ছালাহউদ্দিন) য়ে সকলো খ্ৰীষ্টান বাসিন্দাসকলক নিৰাপদ পথৰ প্ৰস্তাৱ দিছিল, যিটো ক্ৰুছেডাৰসকলৰ গণহত্যাৰ সৈতে সম্পূৰ্ণ বিপৰীত আছিল। তেওঁৰ সাহসিকতাই শক্তি আৰু শান্তিৰ ক্ষেত্ৰত ইছলামৰ নৈতিকতাৰ প্ৰমাণ হৈ ৰৈছে।
 
হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ ছবি
 
জনপ্ৰিয় আখ্যানবোৰৰ বিপৰীতে, মুছলমানসকল নিজেই সন্ত্ৰাসবাদৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী। বিশ্বব্যাপী নিৰাপত্তা সূচকৰ তথ্যই দেখুৱাইছে যে, সন্ত্ৰাসবাদৰ বলি হোৱা অধিকাংশই মুছলমান নাগৰিক- ইৰাক, পাকিস্তান, আফগানিস্তান আৰু নাইজেৰিয়াৰ দৰে দেশসমূহৰ পুৰুষ, মহিলা আৰু শিশুসকল। এনে অপৰাধ সংঘটিত কৰা তথাকথিত 'ইছলামিক' উগ্ৰপন্থীসকল বিশ্বাসৰ কণ্ঠ নহয়, বৰঞ্চ বিশ্বাসঘাতকৰহে কণ্ঠ। তেওঁলোকৰ উদ্দেশ্য কেৱল ৰাজনৈতিক, জনগোষ্ঠীয় বা ব্যক্তিগত, কিন্তু কেতিয়াও ধৰ্মীয় নহয়।
 
তেওঁলোকৰ নৃশংসতাক ইছলামৰ সৈতে সমানে সমানে তুলনা কৰাটো একেবাৰে যুক্তিসংগত নহয়। যেনে খ্ৰীষ্টান ধৰ্মক কু ক্লাক্স ক্লানৰ বাবে আৰু বৌদ্ধ ধৰ্মক ম্যানমাৰৰ জাতিগত শোষণৰ বাবে দায়ী কৰা অযুক্তিকৰ। সন্ত্ৰাসবাদ কোনো ধৰ্মীয় পৰিঘটনা নহয়; ই এক মানৱীয় ব্যাধি।
 
ইছলামিক পণ্ডিত আৰু নেতৃত্বৰ ভূমিকা
 
উগ্রপন্থীৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে সন্মুখীন হ'বলৈ, মুছলমান পণ্ডিত আৰু সমাজৰ নেতৃবৃন্দই বৌদ্ধিক আৰু নৈতিক পথ প্ৰদৰ্শক হিচাপে কাম কৰি যাব লাগিব। তেওঁলোকৰ দায়িত্বৰ ভিতৰত আছেঃ
 
* স্পষ্ট ধৰ্মীয় নিৰ্দেশনা (ফতোৱা) জাৰি কৰা: পণ্ডিতসকলে সন্ত্ৰাসবাদ আৰু আত্মঘাতী বোমা বিস্ফোৰণক নিষিদ্ধ (হাৰাম) বুলি স্পষ্টভাৱে ঘোষণা কৰিব লাগিব।
 
* ভুল ব্যাখ্যা প্ৰতিহত কৰা: কোৰাণৰ আয়াত আৰু হাদীছসমূহক প্ৰাসংগিক কৰি, পণ্ডিতসকলে উগ্ৰবাদৰ আদৰ্শগত ভেটিসমূহ ধ্বংস কৰিব পাৰে।
 
* শান্তি আৰু মত-বিনিময়ৰ প্ৰসাৰঃ আন্তঃধৰ্মীয়, নাগৰিক আৰু শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণে সেতু নিৰ্মাণ কৰে আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে।
 
ভৱিষ্যতৰ পথঃ ইছলামৰ প্ৰকৃত ভাৱমূৰ্তি পুনৰুদ্ধাৰ কৰা
 
ইছলাম আৰু সন্ত্ৰাসবাদৰ বিষয়ে ভুল ধাৰণা সংশোধন কৰাটো কেৱল মুছলমানৰ কৰ্তব্য নহয়, ই এক সাধাৰণ মানৱীয় বাধ্যবাধকতা। চৰকাৰ, সংবাদ মাধ্যম আৰু নাগৰিক সমাজে একেলগে কাম কৰি কুসংস্কাৰক প্ৰত্যাহ্বান জনোৱাৰ লগতে সত্যক প্ৰসাৰিত কৰিব লাগিব।
 
* শিক্ষাঃ যুক্তি, কৰুণা আৰু সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকৃত ইছলামী শিক্ষাক পুনৰুজ্জীৱিত কৰক। যুৱক-যুৱতীসকলক শিক্ষা দিয়ক যে, জেহাদ মানে নিজৰ অহংকাৰ, অন্যায় আৰু অজ্ঞতাৰ বিৰুদ্ধে কৰা নৈতিক সংগ্ৰাম, জেহাদ মানে যুদ্ধ বা ঘৃণা নহয়।
 
* সংবাদ মাধ্যমৰ দায়িত্ব: দায়িত্বশীল সাংবাদিকতাই চাঞ্চল্যকৰ বাতৰিৰ স্থান ল'ব লাগিব, যাতে অপৰাধৰ বাবে বিশ্বাসক দায়ী কৰা নহয়।
 
* ন্যায় আৰু অন্তৰ্ভুক্তিঃ সামাজিক-অৰ্থনৈতিক অৱহেলা আৰু ৰাজনৈতিক অত্যাচাৰৰ ফলত প্ৰায়ে হতাশাৰ সৃষ্টি হয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ন্যায়, সুযোগ আৰু সন্মানৰ প্ৰয়োজন।

* মহিলাসকল আৰু যুৱক-যুৱতীসকলক সৱলীকৰণ কৰা: সামাজিক আৰু নাগৰিক জীৱনত অন্তৰ্ভুক্তিকৰণ হৈছে উগ্ৰবাদৰ নিশ্চিত প্ৰতিষেধক।
 
হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ ছবি
 
ইছলামৰ সাৰমর্ম হৈছে 'ৰহমত', ইয়াৰ লক্ষ্য হৈছে শান্তি, ইয়াৰ পদ্ধতি হৈছে ন্যায়। নবী হজৰত মহম্মদ (ছ:) ঘোষণা কৰিছেঃ "আল্লাহৰ ওচৰত সকলোতকৈ প্ৰিয় সেইসকল লোক যিসকলে আনক সৰ্বাধিক উপকৃত কৰে।" (আল-মুজাম আল-আউছাত, ৬১৯২)
 
ইছলামৰ নামত সংঘটিত প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যই ইছলামৰ আত্মাৰ বিৰুদ্ধে কৰা বিদ্ৰোহ। কোৰাণৰ নৈতিক দৃষ্টিভংগী- সহাৱস্থান, সহানুভূতি আৰু মানৱীয় মৰ্যাদা- ঘৃণাৰ মতাদৰ্শৰ সৈতে চিৰ বিৰোধী।
 
সন্ত্ৰাসবাদ বিৰোধী সংগ্ৰামখন কেৱল অস্ত্ৰৰ যুঁজ নহয়, এয়া ধাৰণা-বিৰোধী যুঁজো। বিশ্বাসক বিকৃতিৰ পৰা আৰু সত্যক কুসংস্কাৰৰ পৰা উদ্ধাৰ কৰাৰ যুঁজ। সন্ত্ৰাসবাদৰ বলি হোৱা মুছলমান আৰু অমুছলমান সকলক সন্মান জনাবলৈ আমি ইছলামৰ অন্তৰত থকা বিশ্বজনীন বাৰ্তাক পুনৰবাৰ নিশ্চিত কৰিব লাগিব। যিটো বাৰ্তা মানৱতাই পুনৰবাৰ শুনাটো অতিশয় প্ৰয়োজনীয়।
 
শান্তি বিচৰা সকলো লোকৰ ওপৰত শান্তি হওঁক।