শিল্পী জুবিন গাৰ্গৰ স্মৃতিসৌধৰ বাবে ১০ বিঘা ভূমিত আবণ্টন অসম চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী
 
ইউক্যালিপটাছৰ দৰে ওখ এক সুবিশাল শিল্পীসত্তা জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়াৰ বাবে কমাৰকুছি এন চি গাঁৱত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। খানাপাৰাৰ পৰা ৭ কিলোমিটাৰ আঁতৰৰ দিছাং ৰিজ’ৰ্টৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে কমাৰকুছি গাঁৱৰ হাতীমুৰাত থকা ১০ বিঘা ভূমিত শিল্পী গৰাকীৰ অন্তেষ্টিক্ৰিয়াৰ বাবে  স্থানীয় ৰাইজে স্ব-ইচ্ছাৰেই সেই ভূমি এৰি দিছে। 
 
অসমৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয়, "এই ঠাইতে ১০ বিঘা চৰকাৰৰ ভূমি আছে। যিখিনিত শিল্পী জুবিন গাৰ্গৰ স্মৃতিসৌধৰ বাবে আবণ্টন দিয়া দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা।" 
 
অসম মন্ত্ৰী অতুল বৰাই কয়, শিল্পী জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যৰ ইচ্ছামতে অসম চৰকাৰে ইয়াত স্মৃতিসৌধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ আছিল এজন অতি জনপ্ৰিয় শিল্পী। সেইবাবেই সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশৰ মানুহ ইয়ালৈ আহি মৰম আৰু শ্ৰদ্ধা জনাইছে।