গুৱাহাটী
গুৱাহাটীৰ কৃত্ৰিম বান কোনো নতুন কথা নহয়, কিন্তু চৰকাৰে গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা কৰিছে। কৃত্ৰিম বানমুক্ত গুৱাহাটী গঢ়াৰ উদ্দেশ্যেৰে মঙলবাৰে লোকসেৱা ভৱনত এক বিশেষ বৈঠক অনুষ্ঠিত হয়।
মন্ত্ৰী কৌশিক ৰায়ৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত আইআইটি গুৱাহাটীৰ এটা বিশেষজ্ঞৰ দল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, নগৰ আৰু গাঁও পৰিকল্পনাৰ বিশেষ সঞ্চালক, গুৱাহাটী আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ উপস্থিত আছিল।
বৈঠকত গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত হোৱা কৃত্ৰিম বান আৰু ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বানপানী সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে বান প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে।
এই সন্দৰ্ভত সামাকিজ মাধ্যমৰ জৰিয়তে মন্ত্ৰী কৌশিক ৰায়ে কয়,"গুৱাহাটীক বান মুক্ত কৰাৰ উদ্দেশ্যেৰে আইআইটি গুৱাহাটী আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় ৷ বৈঠকত এক বিস্তৃত উপস্থাপন আৰু পৰ্যালোচনাৰ অন্তত বান প্ৰতিৰোধমূলক বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক দায়িত্ব প্ৰদান কৰা হয়।"
তেওঁ লগতে কয়,"সকলোৰে প্ৰচেষ্টা আৰু সহযোগিতাত গুৱাহাটী মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধান কৰিবলৈ সফল হ’ম বুলি আমি বিশ্বাসী। আজিৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত, নগৰ আৰু গাঁও পৰিকল্পনাৰ বিশেষ সঞ্চালক, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সচিব উপস্থিত আছিল৷"
উল্লেখযোগ্য যে, মঙলবাৰে অহা এজাক বৰষুণতে মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল৷