১৪ বছৰীয়া ‘ভানভাছ’ৰ পিছত পুনৰ ৰাজনীতিলৈ গোবিন্দ ঘূৰি আহিল; শিৱসেনাত যোগদান

Story by  atv | Posted by   Imtiaz Ahmed • 29 d ago
গোবিন্দ একনাথ শিণ্ডেৰ সৈতে
গোবিন্দ একনাথ শিণ্ডেৰ সৈতে
মুম্বাই

উৎকৃষ্ট কমিক টাইমিং আৰু মহাকাব্যিক নৃত্যৰ বাবে পৰিচিত নব্বৈৰ দশকৰ গণ মনোৰঞ্জক বলীউড অভিনেতা গোবিন্দই বৃহস্পতিবাৰে মুম্বাইত শাসকীয় শিৱসেনাত যোগদান কৰি ১৪ বছৰীয়া বিৰতিৰ পিছত ৰাজনীতিত পুনৰ আত্মপ্ৰকাশ কৰে।
 
নিৰ্বাচনৰ বতৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ উপস্থিতিত শিৱসেনাত যোগদান কৰে লোকসভাৰ প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে।

দশকজুৰি চলি থকা কেৰিয়াৰত একাধিক ছুপাৰহিট ছবি দিয়া গোবিন্দই ২০০৪ চনত নিৰ্বাচনী ৰাজনীতিত ব্লকবাষ্টাৰ এণ্ট্ৰি কৰিছিল। সেই বছৰ "হিৰো নং ১" অভিনেতাজনে 'জায়েণ্ট কিলাৰ' হিচাপে আত্মপ্ৰকাশ কৰিছিল যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ মুম্বাই উত্তৰ লোকসভাৰ আসনত বিজেপিৰ নেতা ৰাম নাইকক পৰাস্ত কৰে।

একনাথ শিণ্ডে ৬০ বছৰীয়া অভিনেতাগৰাকীক নিজৰ দলত আদৰণি জনাই কয় যে তেওঁ সমাজৰ সকলো শ্ৰেণীৰ জনপ্ৰিয় ব্যক্তি।

এই উপলক্ষে ভাষণ দি আশীৰ দশকত অভিনয় জীৱন আৰম্ভ কৰা আৰু তেওঁৰ ছবিসমূহ পাৰিবাৰিক মনোৰঞ্জক হিচাপে পৰিগণিত হোৱা এজন আৱেগিক গোবিন্দই কয় যে ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে ৰাজনীতিত প্ৰথমবাৰৰ বাবে কাম কৰাৰ পিছত তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল যে তেওঁ পুনৰ একেটা ক্ষেত্ৰলৈ ঘূৰি আহিব।

তেওঁ মন্তব্য কৰে যে "১৪ বছৰীয়া  (নিৰ্বাসন) ‘ভানভাছ’ৰ পিছত মই পুনৰ (ৰাজনীতিত) আহিছো।"

সম্পূৰ্ণ নাম গোবিন্দ আহুজা প্ৰবীণ অভিনেতাগৰাকীয়ে সুযোগ পালে শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰিব বুলি জানিবলৈ দিয়ে।

যদিও বেলেগ ৰাজনৈতিক দলৰ বেনাৰত, শিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মুম্বাইক অধিক ধুনীয়া আৰু বিকশিত দেখা গৈছে বুলি তেওঁ পুনৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন আশ্চৰ্যজনক বুলি কয় অভিনেতাগৰাকীয়ে।

২০২২ চনৰ জুন মাহত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা একনাথ শিণ্ডেয়ে কয় যে মুম্বাইত ইতিবাচকতা আৰু সমৃদ্ধি আছে আৰু মহানগৰত প্ৰদূষণৰ মাত্ৰাও কমি আহিছে।

মুখ্যমন্ত্ৰীয়ে বহুমুখী অভিনেতাজনে কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ নিজৰ দলত যোগদান কৰা বুলি কয় আৰু এই প্ৰৱেশ নিৰ্বাচনৰ সৈতে জড়িত বুলি দিয়া পৰামৰ্শ নাকচ কৰে।