কেৰালাত বৃহৎ ইফতাৰ ভোজ; ২৫ হাজাৰ লোকৰ সমাগম

Story by  atv | Posted by  [email protected] • 30 d ago
কেৰালাত বৃহৎ ইফতাৰ ভোজ; ২৫ হাজাৰ লোকৰ সমাগম
কেৰালাত বৃহৎ ইফতাৰ ভোজ; ২৫ হাজাৰ লোকৰ সমাগম
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

কেৰালাৰ কোঝিকোড় জিলাত অৱস্থিত Markaz Knowledge Cityৰ গ্ৰেণ্ড মছজিদ অৱ জামিউল ফুতুহ (Jamiul Futuh)ত এক বৃহৎ ইফতাৰ ভোজৰ আয়োজন কৰা হয়, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰে। এই উপলক্ষে গ্ৰেণ্ড মছজিদটো বিশেষভাৱে ৰঙেৰে সজাই তোলা হৈছে৷ জামিউল ফুতুহত আয়োজন কৰা দাৱত-ই-ইফতাৰত সমবেত হোৱা মানুহৰ ভিৰলৈ চাই এনেকুৱা লাগিছিল যেন গোটেই চহৰখন তালৈ উঠি আহিছে।
 
এই উপলক্ষে একাংশ লোকে ৰাইজৰ মাজত শিক্ষা, ইছলাম আৰু দেশ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। জমিউল ফুতুহৰ গ্ৰেণ্ড মছজিদত আয়োজন কৰা বৃহৎ ইফতাৰত দেশৰ ২৫ হাজাৰৰো অধিক লোকৰ উপস্থিতি এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হৈছে।
 
এই ভোজৰ আয়োজন কৰিবলৈ বৃহৎসংখ্যক শ্ৰমিক নিয়োগ কৰা হৈছিল। মাৰ্কাজ নোলেজ চিটিৰ বদৰ আল কুব্ৰাৰ মূল আকৰ্ষণ আছিল জামিউল ফুতুহ। এই সময়ত মাৰ্কাজে কয়, “বদৰে আমাৰ মাজত ধৈৰ্য্য আৰু বিশ্বাসৰ ভাৱ জগাই তোলে। ই আমাৰ বিশ্বাস আৰু আশাক দৃঢ় কৰে। সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আমাক শক্তিশালী কৰে।
 
 
মাৰ্কাজৰ পৰা তথ্য দিয়া হৈছিল যে ইফতাৰ ভোজৰ বাবে বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। আনকি ইফতাৰ খাদ্যও ২৬ হাজাৰ লোকৰ বাবে প্ৰস্তুত কৰা হৈছিল। এই সুস্বাদু খাদ্যৰ বিশেষ আকৰ্ষণ আছিল মাটন বিৰিয়ানী।
 
এই উপলক্ষে যান-বাহনৰ ব্যৱস্থাপনা এক ডাঙৰ প্ৰত্যাহ্বান আছিল যদিও স্বেচ্ছাসেৱকসকলে ইফতাৰ ভোজ সু-সংগঠিতভাৱে আয়োজন কৰাই নহয়, যান-বাহন ব্যৱস্থাও অতি দক্ষতাৰে পৰিচালনা কৰিছিল। ২৫০০ গাড়ী, ১৫০০ দুচকীয়া বাহন আৰু ব্যক্তিগত আৰু ৰাজহুৱা বাছ পাৰ্কিঙৰ বিশেষ ব্যৱস্থা কৰা হৈছিল। ইয়াত দুদিন আগৰে পৰা খাদ্যৰ পেকিং চলি আছিল। ইয়াৰ বাবে ২৫ হাজাৰ পেকেট প্ৰস্তুত কৰা হৈছিল।
 
মাৰ্কাজ ছুন্নীয়া হৈছে ভাৰতৰ আগশাৰীৰ শৈক্ষিক আৰু দাতব্য সংস্থা। ১৮৬০ চনৰ ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত ১৯৭৮ চনত প্ৰতিষ্ঠা হোৱা মাৰ্কাজে সমগ্ৰ ভাৰতবৰ্ষত বিয়পি থকা বিভিন্ন শিক্ষা আৰু দাতব্য অনুষ্ঠান পৰিচালনা কৰি আছে। ই আধুনিক পাঠ্যক্ৰমৰ সৈতে নৈতিক শিক্ষাক অনুসৰণ কৰে। ইয়াত আধুনিক শিক্ষিত ব্যক্তিসকলেও দেশৰ আইন মানি চলি সতীৰ্থৰ প্ৰতি পৰম শ্ৰদ্ধাৰে প্ৰকৃত বিশ্বাস ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
 
কেৰালাৰ কালিকটত থকা মুখ্য কাৰ্যালয়ৰ পৰা কাম কৰা মাৰ্কাজৰ সমগ্ৰ ভাৰত, উপসাগৰীয় দেশ, ইউৰোপ আৰু আমেৰিকাত আঞ্চলিক শিক্ষা কেন্দ্ৰ আৰু বিভাগীয় কাৰ্যালয় আছে। মাৰ্কাজে সমগ্ৰ বিশ্বতে ৫০টাতকৈও অধিক প্ৰতিষ্ঠান আৰু কেইবাটাও উপ-কেন্দ্ৰ পৰিচালনা কৰে য’ত অনাথ আশ্ৰম, কোৰান বিদ্যালয়, শ্বৰীয়ত মহাবিদ্যালয়, মাধ্যমিক আৰু হাইস্কুল, কলা আৰু বিজ্ঞান মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, অনাথৰ ঘৰুৱা যত্ন, বৃত্তিমূলক প্ৰশিক্ষণ আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আছে।
 
 
এই প্ৰতিষ্ঠানটোত চিকিৎসা আৰু পেছাদাৰী প্ৰতিষ্ঠান, পৰিচালনা আৰু ফিনিচিং স্কুল, মছজিদ, চিকিৎসালয়, ছোৱালীৰ হোষ্টেল আদিও চলি থাকে। বৰ্তমান ২০ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী প্ৰত্যক্ষভাৱে আৰু আৰু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী পৰোক্ষভাৱে মাৰ্কাজৰ পৰা লাভৱান হৈছে। মাৰ্কাজে অনাথ, নিঃস্ব আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক গুৰুত্বপূৰ্ণ সাহায্য প্ৰদান কৰে। 
 

 

টাকাফুল আৰু মাৰ্কাজ কেয়াৰছ হৈছে যোগ্য ছাত্ৰ-ছাত্ৰী আৰু শিশুৰ বাবে মাৰ্কাজৰ সহযোগী আঁচনি। পবিত্ৰ কোৰান আৰু হজৰত মহম্মদৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ মাৰ্কাজে অনাথ, শ্বৰীয়ত আৰু কোৰানৰ ছাত্ৰ-ছাত্ৰী, কাশ্মীৰৰ ল’ৰা আদিকে ধৰি ৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া শিক্ষা আৰু গোটেই দিনটোৰ খৰচৰ ব্যৱস্থা কৰে।

শৈক্ষিক সৱলীকৰণৰ উপৰিও মাৰ্কাজে সমগ্ৰ ভাৰততে চিকিৎসা অভিযান, কেৰিয়াৰ গাইডেন্স, বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প, সামূহিক বিবাহ আৰু বহুতো মানৱীয় সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৯৭৮ চনৰ ১৮ এপ্ৰিলত পবিত্ৰ মক্কাৰ বিশ্ববিখ্যাত পণ্ডিত ড° চৈয়দ মহম্মদ আলৱী মালিকীয়ে যেতিয়া আধাৰশিলা স্থাপন কৰিছিল তেতিয়া শিক্ষাবিদ, পণ্ডিত আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি কেৰালাৰ জনসাধাৰণে এক নতুন যুগৰ আৰম্ভণি প্ৰত্যক্ষ কৰিছিল। 
 
 
মাৰ্কাজ হৈছে হাজাৰ হাজাৰ নিঃস্ব শিশুৰ বাসস্থান। বহু পৰিয়ালৰ বাবে ই সকাহ আৰু আৰামৰ উৎস। দান-বৰঙণিৰে গঢ়ি উঠা এই বিশাল বেচৰকাৰী সংস্থাটোৱে এটা প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হিচাপে নিজৰ স্থান খোদিত কৰিছে। মাৰ্কাজে ইছলামিক শিক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতি গঢ়ি তুলিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয় (AMU), জামিয়া মিলিয়া, হামদাৰ্ড আদিৰ দৰে সন্মানীয় শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত ইজিপ্তৰ কায়ৰো মাৰ্কাজ আল-আজহাৰ বিশ্ববিদ্যালয়ো অন্যতম।
 
ইয়ালৈ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু-কাশ্মীৰ, কেৰালা, লাক্ষাদ্বীপ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ছাত্ৰ-ছাত্ৰী পঢ়িবলৈ আহে। কানাডা, আমেৰিকা, ব্ৰিটেইন, ছিংগাপুৰ আদি বিদেশী দেশৰ ছাত্ৰ-ছাত্ৰীয়েও ইয়াত প্ৰশিক্ষণ লৈছে। মাৰ্কাজ প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ থকা-খোৱাৰো ব্যৱস্থা কৰে।