ৰাষ্ট্ৰপতি ভৱনত অসমীয়াকে ধৰি ১১ ধ্ৰুপদী ভাষাৰ গ্ৰন্থ, পাণ্ডুলিপিৰ বাবে 'গ্ৰন্থ কুটীৰ’ মুকলি

Story by  atv | Posted by  [email protected] • 29 d ago
ৰাষ্ট্ৰপতি ভৱনত অসমীয়াকে ধৰি ১১ ধ্ৰুপদী ভাষাৰ গ্ৰন্থ, পাণ্ডুলিপিৰ বাবে 'গ্ৰন্থ কুটীৰ’ মুকলি
ৰাষ্ট্ৰপতি ভৱনত অসমীয়াকে ধৰি ১১ ধ্ৰুপদী ভাষাৰ গ্ৰন্থ, পাণ্ডুলিপিৰ বাবে 'গ্ৰন্থ কুটীৰ’ মুকলি
 
নতুন দিল্লী
 
ধ্ৰুপদী ভাষাই ভাৰতীয় সংস্কৃতিৰ ভেটি স্থাপন কৰি বিজ্ঞান, যোগ, আয়ুৰ্বেদ আৰু সাহিত্যৰ জ্ঞানৰ জৰিয়তে যুগ যুগ ধৰি বিশ্বক পথ প্ৰদৰ্শন কৰি আহিছে।- এই মন্তব্য ৰাষ্ট্ৰপতি মুৰ্মুৰ। শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত 'গ্ৰন্থ কুটীৰ' উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। 
 
সভাত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে তিৰুক্কুৰাল আৰু অৰ্থশাস্ত্ৰৰ দৰে গ্ৰন্থ আজিও প্ৰাসংগিক হৈ আছে বুলি উল্লেখ কৰি কয় যে পাণিনিৰ ব্যাকৰণ, আৰ্যভট্টৰ গণিত আৰু চৰক আৰু সুশ্ৰুতৰ চিকিৎসা বিজ্ঞানৰ দৰে অৱদানসমূহে বিশ্বক অনুপ্ৰাণিত কৰি আহিছে।
 
এই ভাষাসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "ধ্ৰুপদী ভাষাসমূহত সৃষ্টি হোৱা জ্ঞানৰ সমৃদ্ধিয়ে আমাক আমাৰ চহকী অতীতৰ পৰা শিকিবলৈ আৰু উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে। বিশ্ববিদ্যালয়ত ধ্ৰুপদী ভাষা শিকোৱা, যুৱক-যুৱতীসকলক অন্ততঃ এটা ধ্ৰুপদী ভাষা শিকিবলৈ উৎসাহিত কৰা আৰু পুথিভঁৰালত এনেধৰণৰ অধিক ৰচনা উপলব্ধ কৰাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।
 
উল্লেখ্য যে ৰাষ্ট্ৰপতি ভৱনে ঔপনিৱেশিক পৰম্পৰা ত্যাগ কৰা আৰু ভাৰতৰ ১১ টা ধ্ৰুপদী ভাষাৰ ২,৩০০ খন গ্ৰন্থ আৰু পাণ্ডুলিপিৰ বাবে এখন বিশেষ স্থান নিৰ্মাণ কৰাৰ পদক্ষেপ অনুসৰি উদ্বোধন কৰে এক 'গ্ৰন্থ কুটীৰ'। ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতিত কোৱা হৈছে যে এই সংকলনটোত তামিল, সংস্কৃত, কানাড়া, তেলুগু, মালয়ালম, ওড়িয়া, মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাৰ ৰচনা সন্নিবিষ্ট কৰা হৈছে আৰু ভাৰতৰ চহকী সাংস্কৃতিক, দাৰ্শনিক, সাহিত্যিক আৰু বৌদ্ধিক ঐতিহ্যক প্ৰতিফলিত কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনলৈ অহা দৰ্শকে দৰ্শনৰ সময়ত নিৰ্বাচিত ৰচনাসমূহ চাব পাৰিব, আনহাতে অনলাইন পৰ্টেলৰ জৰিয়তেও কিতাপ আৰু পাণ্ডুলিপিসমূহ উপলব্ধ হ’ব। গৱেষকসকলে পৰ্টেলৰ জৰিয়তে গ্ৰন্থ কুটীৰত প্ৰৱেশৰ বাবে আবেদন কৰিব পাৰিব।
বিবৃতিটোত কোৱা হয় যে ‘গ্ৰন্থ কুটীৰ’ (শাস্ত্ৰ পুথিভঁৰাল)ত ধ্ৰুপদী ভাষাত ভাৰতৰ সংবিধানৰ লগতে মহাকাব্য, দৰ্শন, ভাষাবিজ্ঞান, ইতিহাস, শাসন, বিজ্ঞান আৰু ভক্তিমূলক সাহিত্য আদি বিস্তৃত বিষয় সামৰি পাণ্ডুলিপি আৰু গ্ৰন্থ ৰখা হৈছে। প্ৰায় ৫০খন পাণ্ডুলিপি আৰু কলপাত, কাগজ, বাকলি আৰু কাপোৰৰ দৰে বহু পৰম্পৰাগত সামগ্ৰীৰে হাতেৰে লিখাও এই সংগ্ৰহৰ অংশ।
 
শেহতীয়াকৈ ইয়াত এ কেটেলগ অৱ দ্য অৰিজিনেল ৱৰ্কছ অৱ উইলিয়াম হোগাৰ্থ, স্পিচ অৱ লৰ্ড কাৰ্জন অৱ কেডলেষ্টন, ছামাৰী অৱ দ্য এডমিনিষ্ট্ৰেচন অৱ লৰ্ড কাৰ্জন অৱ কেডলেষ্টন, লাইফ অৱ লৰ্ড কাৰ্জন, পাঞ্চ মেগাজিনছ আদি গ্ৰন্থ ৰখা হৈছে। এইসমূহ এতিয়া ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰৰ এটা সুকীয়া স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু আৰ্কাইভ সংগ্ৰহৰ অংশ এই গ্ৰন্থসমূহ ডিজিটেলাইজ কৰা হৈছে আৰু গৱেষক পণ্ডিতসকলে অনলাইনযোগে প্ৰৱেশৰ বাবে আবেদন কৰিব পাৰিব।
 
এই গ্ৰন্থ কুটীৰৰ উদ্দেশ্য হৈছে ভাৰতৰ সাংস্কৃতিক আৰু সাহিত্যিক ঐতিহ্যৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু ঔপনিৱেশিক প্ৰভাৱ পেলোৱাৰ জাতীয় সংকল্পৰ সৈতে সামঞ্জস্য স্থাপন কৰা।
 
এই পদক্ষেপে পৰম্পৰাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰি ভাৰতৰ বিশাল পাণ্ডুলিপি ঐতিহ্য সংৰক্ষণ, ডিজিটেলাইজ আৰু প্ৰচাৰৰ লক্ষ্যৰে জ্ঞান ভাৰতম অভিযানকো সমৰ্থন কৰে। কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰি দেশৰ মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা ১১টালৈ বৃদ্ধি কৰিছিল।
 
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, সাংস্কৃতিক সংস্থা আৰু ব্যক্তিগত দাতাৰ সহযোগত এই নতুন স্থান গঢ়ি তোলা হৈছে আৰু এই পদক্ষেপক শিক্ষা আৰু সংস্কৃতি মন্ত্ৰালয়ে সহায় কৰিছে। ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ দ্য আৰ্টছে পাণ্ডুলিপি সংৰক্ষণ, নথিপত্ৰ আৰু প্ৰদৰ্শনৰ বাবে পেছাদাৰী বিশেষজ্ঞতা প্ৰদান কৰি আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।