মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ আজি ৰাজ্য স্থাপনা দিৱস, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা

Story by  atv | Posted by  [email protected] • 7 h ago
মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ আজি ৰাজ্য স্থাপনা দিৱস, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা
মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ আজি ৰাজ্য স্থাপনা দিৱস, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা
 
নতুন দিল্লী
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ৰাজ্যসমূহৰ উদ্যমী আৰু মেধাৱী লোকসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
 
উত্তৰ-পূৰ্বাঞ্চল (পুনৰ্গঠন) আইন বলবৎ হোৱাৰ পিছত মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰ ১৯৭২ চনত পূৰ্ণাংগ ৰাজ্য হয়।
 
মুৰ্মুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি কয়, ''মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জনাইছো। এই ৰাজ্যসমূহ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, জীৱন্ত পৰম্পৰা আৰু অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ।’’
তেওঁ কয় যে এই ৰাজ্যসমূহৰ উদ্যমী আৰু মেধাৱী লোকসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মই এই ৰাজ্যসমূহৰ জনসাধাৰণৰ শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছো।
 
উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা মণিপুৰত ৰাষ্ট্ৰপতি শাসন চলি আছে। ২০২৩ চনৰ মে' মাহৰ পৰা মণিপুৰত ইম্ফল উপত্যকাৰ মেইতি জনগোষ্ঠী আৰু পাহাৰৰ কুকি-জ' জনগোষ্ঠীৰ মাজত হোৱা জাতিগত হিংসাত কমেও ২৬০ জন লোক নিহত হৈছে আৰু সহস্ৰাধিক লোক গৃহহীন হৈছে।