আদৰণি জনাবলৈ কিয় নাহিলে, মমতা বেনাৰ্জীয়ে মোক কিবা বেয়া পাই আছে নেকি? ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰশ্ন

Story by  atv | Posted by   Imtiaz Ahmed • 5 h ago
আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে
আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে
কলকাতা

বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে পশ্চিম বংগ চৰকাৰক সমালোচনা কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে প্ৰশ্ন কৰে যে উত্তৰ বংগ ভ্ৰমণৰ সময়ত তেওঁক আদৰণি জনাবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বা মন্ত্ৰীসভাৰ কোনো মন্ত্ৰী উপস্থিত নথকাৰ অৰ্থটো মমতা বেনাৰ্জীয়ে মোক কিবা বেয়া পাই আছে নেকি?

মুৰ্মুৱে লগতে প্ৰশ্ন উত্থাপন কৰে যে আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনৰ -- জনজাতীয় সমাজৰ যিটো অনুষ্ঠানত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল -- স্থান কিয় বিধাননগৰৰ পৰা গোছাইপুৰলৈ সলনি কৰা হ’ল, য’ত জনসাধাৰণৰ উপস্থিতি হাৰ কম বুলি জানিব পৰা গৈছে।

"মই নাজানো ৰাজ্য প্ৰশাসনে কিয় তাত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিলে। যথেষ্ট ঠাই আছে। মইও বংগৰ কন্যা। মমতা বেনাৰ্জী মোৰ সৰু ভনীৰ দৰে। মই নাজানো তেওঁ মোক কিবা বেয়া পই আছে নেকি, যাৰ বাবেই কাৰ্যসূচীটো তাতেই (গোছাইপুৰত) অনুষ্ঠিত কৰা হৈছিল। কিন্তু সেয়া কোনো কথা নহয়। আপোনালোক সকলো ভালেই থাকক।"

অনুষ্ঠানত ভাষণ দি মুৰ্মুৱে কয় যে কেন্দ্ৰই বিগত দশকত জনজাতীয় গৌৰৱক এক নতুন পৰিচয় আৰু জনজাতীয় সমাজৰ উন্নয়নৰ বাবে এক নতুন গতি প্ৰদান কৰিছে। কিন্তু তেওঁ বংগ চৰকাৰৰ বাবে প্ৰশ্ন উত্থাপন কৰে।

"এই অঞ্চলত সন্থাল আৰু জনজাতীয়সকলৰ বাবে উন্নয়ন হৈছে নে? মই নাভাবো। উন্নয়ন আৰু সুবিধাসমূহ (কেন্দ্ৰৰ পৰা) আপোনালোকৰ ওচৰলৈ গৈছে নে? মই নাভাবো... মই ভাবো কিছুমান লোকক ইয়ালৈ (এই অনুষ্ঠানলৈ) অহাৰ পৰা বাধা দিয়া হৈছে... হয়তো কিছুমান মানুহে নিবিচাৰে যে সন্থালসকলে একত্ৰিত হওক, আগবাঢ়ি যাওক, শিক্ষিত হওক আৰু ক্ষমতা লাভ কৰক।"

মুৰ্মুৰ কিছু মন্তব্যৰ ভিডিঅ’ পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছে সন্থাল সংস্কৃতিক গুৰুত্ব নিদিয়াৰ লগতে ৰাষ্ট্ৰপতিক “অপমান” কৰাৰ অভিযোগ উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে লিখিছে, "এয়া লজ্জাজনক আৰু অভূতপূৰ্ব। গণতন্ত্ৰ আৰু জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণত বিশ্বাসী প্ৰতিজন ব্যক্তি হতাশ হৈ পৰিছে। নিজেই জনজাতীয় সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি জীয়ে প্ৰকাশ কৰা আঘাত আৰু যন্ত্ৰণাই ভাৰতবাসীৰ মনত অপৰিসীম দুখৰ সৃষ্টি কৰিছে।"

তেওঁ লগতে কয়, "পশ্চিম বংগৰ টিএমচি চৰকাৰে সঁচা অৰ্থত সকলো সীমা অতিক্ৰম কৰিছে। ৰাষ্ট্ৰপতিৰ এই অপমানৰ বাবে তেওঁলোকৰ প্ৰশাসন দায়ী। সন্থাল সংস্কৃতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাক পশ্চিম বংগ চৰকাৰে ইমান অৱহেলা কৰাটো সমানেই দুৰ্ভাগ্যজনক।"

গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীৰ মত প্ৰতিধ্বনিত কৰে।

এক্সত তেওঁ লিখিছে, "পশ্চিম বংগৰ টিএমচি চৰকাৰে আজি প্ৰট’কলৰ প্ৰতি চকুত পৰা অৱজ্ঞাৰে ভাৰতৰ ৰাষ্ট্ৰপতিক অপমান কৰি নিজৰ অৰাজক আচৰণৰ নতুন নিম্ন স্তৰত উপনীত হৈছে।"

ৰাষ্ট্ৰপতিৰ এই বক্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলকাতাত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বেনাৰ্জীয়ে কয় যে ভোটাৰ তালিকা ৰাজনৈতিক প্ৰকৃতিৰ হৈছে।

তৃণমূলৰ মুৰব্বীগৰাকীয়ে কয়, "মই ৰাষ্ট্ৰপতি মহোদয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছো যে আপোনাৰ পদৰ পৰা ভাল নেদেখা বক্তব্য নিদিব। আপুনি আজি এটা সম্প্ৰদায়ৰ কথা ক'লে, ইয়াত বংগৰ বাকী সম্প্ৰদায়ৰ কথা নক'লে। আপুনি ৰাজনীতি কৰিব জানে। মোৰ সাংসদসকলক অনুৰোধ জনাইছো যে ৰাষ্ট্ৰপতি ভৱনৰ অনুমতি  লৈ ইয়াত অনুসূচিত জাতি/অনুসূচিত জনগোষ্ঠীৰ উন্নয়নৰ বাবে কৰা সকলো কামৰ বিষয়ে এখন স্মাৰক পত্ৰ দাখিল কৰক।"

"নিৰ্বাচনৰ আগত বিজেপিৰ পৰামৰ্শ মতে ৰাজনীতি নকৰিব। ইয়াত ভোটাৰ তালিকাৰ পৰা কিমান জনজাতীয় লোকৰ নাম বাদ পৰিছে জানেনে? সেই জ্ঞান আপুনি ৰাখেনে... বছৰত এবাৰ আহিলে মই আপোনাক আদৰি ল'ব পাৰো। কিন্তু, নিৰ্বাচনৰ সময়ত যদি আপুনি বাৰে বাৰে আহে, তেন্তে মোৰ বাবে সকলোতে উপস্থিত থকাটো কেনেকৈ সম্ভৱ?" তেওঁ লগতে কয়।

তৃণমূল কংগ্ৰেছে আদিবাসীসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে বংগ চৰকাৰে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ তালিকাও উল্লেখ কৰে।

দলটোৱে এক্সত লিখিছে, "বংগত আদিবাসী জনগোষ্ঠীৰ বাবে কোনো উন্নয়ন হোৱা নাই বুলি মাননীয় ৰাষ্ট্ৰপতিগৰাকী ভুল ধাৰণা পোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।"

ইয়াত উল্লেখ কৰা হৈছে যে ‘লক্ষ্মীৰ ভাণ্ডাৰ’ৰ অধীনত অনুসূচিত জনজাতিৰ মহিলাসকলৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য ৫০০ টকা বৃদ্ধি কৰি মুঠ ১৭০০ টকা প্ৰতিমাহে বা বছৰি ২০,৪০০ টকালৈ বৃদ্ধি কৰা হৈছে।

তৃণমূল কংগ্ৰেছে জনজাতিয় ছাত্ৰ-ছাত্ৰীক দিয়া বৃত্তি, জনজাতিয় সমাজক সহায় কৰিবলৈ বিদ্যালয় স্থাপন, আদিবাসী অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে লোৱা পদক্ষেপৰ বিষয়েও কয়।

"এইবোৰ হৈছে সমগ্ৰ বংগৰ আদিবাসী সম্প্ৰদায়ৰ বাবে মৰ্যাদা, সুযোগ আৰু উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে কৰা কাম।" - ইয়াত কোৱা হৈছে।