নিশাৰ এজাক বৰষুণত জলমগ্ন গুৱাহাটী মহানগৰী; হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুল বন্ধৰ ঘোষণা

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
নিশাৰে পৰা হোৱা বৰষুণত প্লাৱিত হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল। কৃত্ৰিম বানৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত জীয়াতু ভুগিবলগীয়া হৈছে জনসাধাৰণে। পুৱাই স্কুললৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ পৰা কৰ্মস্থলীলৈ যাবলগীয়া লোকসকলে কৃত্ৰিম বানৰ ফলত য'তে ত'তে আবদ্ধ হৈ থাকিবলগীয়া হৈছে।
 
এই বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত একাঁঠু পৰ্যন্ত পানীৰে উপচি পৰিছে। পানীত বুৰ গৈছে হাতীগাঁও, অনিল নগৰ, জু ৰোড, ডাউন টাউন, ৱায়াৰলেছ আদি অঞ্চল। পানীৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বিদ্যালয়লৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল।
 
বৰবাৰী-ছয়মাইল সংযোগী পথতো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। একেদৰে এই বানৰ কবলত পৰিছে অম্বিকাগিৰী নগৰ, জু-ৰোডৰ দেৱদাৰু পথ, মিলন পথ, ধ্ৰুৱজ্যোতি পথ। গীতানগৰ আৰু হেঙেৰাবাৰীৰ দাঁতিকাষৰীয়া পাহাৰীয়া পানীয়ে জুৰুলা কৰিছে অম্বিকাগিৰী নগৰ অঞ্চল। পাহাৰীয়া পানীয়ে দুৰ্বিসহ কৰি তুলিছে জনসাধাৰণৰ জীৱন।
 
বানৰ বাবে সাতগাঁৱৰ এছ এফ এছ আৰু হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুল বন্ধ ঘোষণা কৰা হৈছে। বন্ধ ঘোষণা কৰা হৈছে ছুপাৰ মাৰ্কেটৰ আনন্দ একাডেমীয়ো। অৱশ্যে যোৰাবাটত স্বাভাৱিকভাৱে চলি আছে যাতায়াত। যোৰাবাটত এইপৰ্যন্ত সৃষ্টি হোৱা নাই বানপানীৰ।