গুৱাহাটীক ‘Purple City’ হিচাপে গঢ়াৰ লক্ষ্য চৰকাৰৰ; খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰোপণ কৰিব এজাৰ গছ

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ৰ‍াজধানী চহৰ গুৱাহাটীক আটকধুনীয়াকৈ সজাই চহৰখনক 'বেঙুনীয়া চহৰ' হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ পৰিকল্পনা অনুসৰি বিশেষকৈ গুৱাহাটীৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৰোপণ কৰা হ'ব এজাৰ গছ। এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
 
বুধবাৰে বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধন আৰু কৃত্রিম বানপানীৰ প্ৰসংগত বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে সদনত কয়, "কম দিনৰ ভিতৰত খানাপাৰাৰ পৰা জালুকবাৰীলৈ এজাৰ গছ লগোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যাৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰস্তাৱিত ৰিং ৰোডৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব।"
 
আনহাতে গুৱাহাটীৰ বিশেষকৈ যোৰাবাটৰ ভয়াৱহ কৃত্রিম বানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "যোৱা পৰহি যোৰাবাটত কৃত্রিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ। এইক্ষেত্রত আমি সদনত জনাব বিচাৰো যে, গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্রিম বানপানীৰ পৰা সকাহ পোৱাৰ বাবে প্ৰকল্পটোত ১৫০কোটি টকা আৱণ্টন কৰি থোৱা হৈছে।"
 
তেওঁ কয়, "কনচালটেণ্টে ইয়াৰ নক্সা বনাই আছে। নক্সাখন আইআইটি গুৱাহাটীৰ পৰা অনুমোদন জনোৱাৰ কথা কৈছোঁ। ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত দেখা অসুবিধাখনি আঁতৰ কৰিব পাৰিম।"
 
মুখ্যমন্ত্রীয়ে লগতে কয়, "যোৰাবাট হৈছে অসম আৰু মেঘালয়ৰ কেন্দ্ৰবিন্দু। তাত বিভিন্ন কাৰণত যানজঁট হৈ আছে বা হৈ থাকিব। যাৰ বাবে আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহা ৰাস্তাটো চাৰিলেনযুক্ত কৰিব বিচাৰোঁ। যাতে জাগীৰোড আদি দিশৰ পৰা অহা লোকৰ বাবে বিকল্প ৰাস্তা হয়।"
 
লক্ষ্যণীয় বিষয় যে, বিগত কেইদিনত হোৱা প্ৰতিজাক বৰষুণতে যোৰাবাট অঞ্চলটো ভয়াৱহ কৃত্রিম বানৰ কৱলত পৰাৰ লগতে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছিল। ঘণ্টাৰ পাছত ঘণ্টা পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যাত্রী। গুৱাহাটীৰ পৰা যোৱা আৰু গুৱাহাটীত প্ৰৱেশ কৰা যানবাহনসমূহ যোৰবাটত হোৱা পানীৰ বাবে দীৰ্ঘ সময়ৰ অহা-যোৱা কৰিব পৰা নাছিল।