গুৱাহাটী
বহু প্ৰত্যাশিত পঞ্চম বি টি চি পৰিষদীয় নিৰ্বাচনত শেষ হাঁহি মাৰিলে হাগ্ৰামা মহিলাৰীয়ে। শূন্যৰ ঘৰতে থাকিল বিজেপি-কংগ্ৰেছ দল। বি পি এফ দলে চিৰাঙৰ ৭ টা পৰিষদীয় সমষ্টিৰ ৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ইপিনে প্ৰমোদ বড়োৰ ইউ পি পি এল মডেল ৰাজনীতিয়ে সমগ্ৰ বি টি চিতে বেয়াকৈ মুখ থেকেচা খায়।
১৩ নং চিৰাং সমষ্টিত বি টি আৰৰ কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰীক ৩৩০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয় শুকুৰ সিং মুচাহাৰী ৷ একেদৰে ১৫ নং কাজলগাঁও সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক ৭৭৩৩ টা ভোটত পৰাস্ত কৰি জয়ী হয় পানীৰাম ব্ৰহ্ম, ১৬ নং নিচিমা সমষ্টিত বি পি এফৰ জেমছ বসুমতাৰীয়ে ২৯০০ ভোটত পৰাস্ত কৰে ৰঞ্জিত কুমাৰ বসুমতাৰীক, ১৭ নং সুবাইঝাৰ সমষ্টিত বি পি এফৰ ধীৰাজ বৰগয়াৰীয়ে ৪৯২৪ টা ভোটত ইউ পি পি এলৰ ফণীন বড়োক পৰাস্ত কৰাৰ লগতে থুৰিবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী তথা বিজনীৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায়ক ৪০২৭ টা ভোটত পৰাস্ত কৰি বি পি এফৰ খলিলুৰ ৰহমানে জয়লাভ কৰে।
চিৰাং দূৱাৰ সমষ্টিত হাগ্ৰামা মহিলাৰীক ইউ পি পি এলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে ৪৪৩ টা ভোটত পৰাস্ত কৰে৷ একেদৰে মানাস সেৰফাং সমষ্টিত বি পি এফৰ জাঙ্গিলা হাজোৱাৰীক ইউ পি পি এলৰ ধনঞ্জয় বসুমতাৰীয়ে ১৯১৮ টা ভোটত পৰাস্ত কৰে।
মুঠতে এইবাৰ নিৰ্বাচনত চিৰাঙত শূন্য হ’ল বিজেপি, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ। প্ৰমোদ বড়োৰ ইউ পি পি এলৰ মডেল ৰাজনীতিয়ে কাম নকৰিলে এইবাৰ বি টি চিত। প্ৰতিটো সমষ্টিত ৭ হেজাৰকৈ ইউ পি পি এলৰ সমৰ্থক পৰিয়াল হাগ্ৰামাৰ ধুমুহাত নোহোৱা হ’ল। দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা খাম্পা বৰগয়াৰীয়ে এটাত জয়ী হোৱাৰ বিপৰীতে ৰঞ্জিত কুমাৰ বসুমতাৰী দুয়োটাতে পৰাজিত হয়।
এইবাৰ দূৰ্নীতিৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া দুৰ্নীতিক চেৰ পেলাই মাত্ৰ ৫ বছৰতে প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এলে অভিলেখ গঢ়িবলৈ সক্ষম হ’লেও বিটিচি পৰিষদীয় নিৰ্বাচনত পিচপৰি থাকিল।
দলটোৰ দুজন সাংসদ, এজন মন্ত্ৰী আৰু বিধায়কসকলেও যেন দলৰ ভেটি ৰক্ষা কৰিব নোৱাৰিলে হাগ্ৰামা ধুমুহাত। একক সংখ্যাগৰিষ্ঠতাৰে বি টি চিৰ ৰজাৰ আসনত আকৌ হাগ্ৰামা মহিলাৰীৰ উত্থান হ’ল। ১৫ দিন পূৰ্বৰ পৰা হাগ্ৰামাই ঘোষণা কৰা দৰেই ৩ অক্টোবৰতে শপত লোৱাৰ বাবে আগবাঢ়িল। চিৰাং দূৱাৰ সমষ্টিত পৰাজিত হৈয়ো ৰজা হ'ব হাগ্ৰামা মহিলাৰী।