২ জুলাইলৈ ৰাজ্যত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা

Story by  atv | Posted by  Munni Begum • 3 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
প্রবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা অভাৱনীয় বানপানীৰ বিভীষিকা অব্যাহত থকাৰ সময়তে ৰাজ্যত পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই। 
 
সতর্কতা জাৰি কৰি বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে ৰ পৰা মংগলবাৰৰ পৰা অহা ২ জুলাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পূব-উত্তৰ প্ৰদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ এক সাগৰীয় চাপ বৈ অহাৰ বাবেই বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্রই। 
 
এই সময়ছোৱাত বজ্রপাত, ধুমুহা আদি হ'ব পাৰে। ইয়াৰোপৰি খহনীয়াপ্রবল অঞ্চল, নদীৰ কাৰ্য আৰু পানী জমা হোৱা ঠাইলৈ কোনো ব্যক্তিকে  নাযাবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। 


শেহতীয়া খবৰ