গুৱাহাটী
অহা ২৬ মে'ত ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট আৰু ২৭ মে'ত অৰেঞ্জ এলার্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা ২৭ মে'ত অসমত প্ৰৱলৰপৰা অতি প্ৰৱল বৰষুণ (৬৪.৫-২০৪.৪ মিঃ মিঃ) হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্রই সতর্কতা জাৰি কৰিছে। এই সময়ছোৱাত অঞ্চল বিশেষে ধুমুহা-বতাহ বলাৰ সম্ভাৱনা আছে।
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই জনোৱামতে, যোৱা ২৪ ঘণ্টাত অসমৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈছিল। অহা ২৪ ঘণ্টাত ৰাজ্যৰ দুই-এঠাইত পাতলীয়াৰপৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ঠায়ে ঠায়ে বজ্রপাতৰ সম্ভাৱনা আছে।
আনহাতে, অহা ২৬ মে'ত কোনো কোনো অঞ্চলত ঘণ্টাত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা-বতাহৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ লগতে ২৭ মে'ত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিবেগত ধুমুহা-বতাহৰ সৈতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা ২৬ মে'ত য়েল্লো এলার্ট জাৰি কৰা ১২ খন জিলা হৈছে- কোকৰাঝাৰ, বৰপেটা, দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ।
ইপিনে, ২৭ মে'ত ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, কার্বি আংলং, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজ্যৰ বাকী কেইখন জিলাৰ কোনো কোনো অঞ্চলত ৪০-৫০ কিলোমিটাৰ গতিবেগত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অহা ২৬ মে'লৈকে গুৱাহাটীৰ আকাশ আংক্ষিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে, ২৭ মে'ৰ পৰা ২৯ মে'লৈকে মহানগৰীখনৰ আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ কৱলত পৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ অঞ্চল বিশেষে বৃষ্টিপাত হৈ আছে যদিও সমান্তৰালভাৱে গ্ৰীষ্ম প্রৱাহো অব্যাহত আছে।
আজি আৰু কাইলৈলৈ ৰাজ্যৰ বহুকেইটা অঞ্চলত সর্বোচ্চ তাপমান ৩৬-৩৮ ডিগ্রী চেলছিয়াছৰ ভিতৰত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। অৱশ্যে তাৰ পাছৰ দিন কেইটাত পাৰাস্তম্ভ স্বাভাৱিক অৱস্থাতকৈ ২-৪ ডিগ্রী চেলচিয়াছ তললৈ নমাৰ সম্ভাৱনা আছে। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলতেই ৰাজ্যত ২৬ আৰু ২৭ মে'ত ধুমুহা বতাহৰ লগতে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিছে।