৬০ৰ দশকত ভাৰতৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰা ৫গৰাকী ব্যক্তিত্ব

Story by  atv | Posted by  Munni Begum • 17 h ago
৬০ৰ দশকৰ ভাৰতৰ ৫গৰাকী সফল ব্যক্তিত্ব
৬০ৰ দশকৰ ভাৰতৰ ৫গৰাকী সফল ব্যক্তিত্ব
 
চাকিব চেলিম
 
ষাঠিৰ দশকটো ভাৰতীয় ইতিহাসৰ এক টাৰ্নিং পইণ্ট (নিৰ্ণায়ক) আছিল। এই সময়ত ভাৰতে কেৱল ৰাজনৈতিক, সামৰিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকাই নহয়, সাংস্কৃতিক আৰু সামাজিকভাৱেও নিজৰ আত্মচেতনাৰ সন্ধান কৰিছিল। এই দশকতে ভাৰতে পণ্ডিত নেহৰুৰ দৰে দূৰদৰ্শী নেতাক হেৰুৱাৰ লগতে চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ সন্মুখীন হৈছিল। এই দশকতে গোৱাক মুক্ত কৰিছিল, ছিকিম ভাৰতৰ সৈতে একত্ৰিত হৈছিল আৰু ইন্দিৰা গান্ধীৰ দৰে নেত্ৰীৰ উত্থান ঘটিছিল। কিন্তু এই ঘটনাবোৰৰ সমান্তৰালভাৱে আন এক বিপ্লৱো চলি আছিল, সেয়া আছিল যুৱ আইকনৰ (সফল ব্যক্তিৰ) বিপ্লৱ।  
 
দেশৰ যুৱক-যুৱতীসকলক পথ প্ৰদৰ্শন তথা অনুপ্ৰাণিত কৰা এনে কিছুমান ব্যক্তিত্বই এই দশকতে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু জাতীয় মনোজগতত এক অমলিন চাপ বহুৱাইছিল। সেই বীৰসকলক কেৱল তেওঁলোকৰ কৃতিত্বৰ বাবেই নহয়, তেওঁলোকৰ চিন্তা, সাহস, সংগ্ৰাম আৰু মূল্যবোধৰ বাবেও স্মৰণ কৰা হয়। ষাঠিৰ দশকত ভাৰতীয় যুৱক-যুৱতীসকলৰ আদৰ্শ হোৱাৰ সুখ্যাতি অৰ্জন কৰা এনে পাঁচগৰাকী যুৱ আইকনৰ বিষয়ে আজি জানো আহঁক।
 
হাবিলদাৰ আব্দুল হামিদ
 
হাবিলদাৰ আব্দুল হামিদঃ সাহস আৰু ত্যাগৰ প্ৰতীক
 
এজন জাতীয় নায়কক তেওঁৰ কৰ্মৰদ্বাৰাহে চিনাক্ত কৰা হয়, তেওঁৰ পদৱীৰ বাবে নহয়। এই কথাষাৰ হাবিলদাৰ আব্দুল হামিদৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত যেতিয়া পাকিস্তানে নিজৰ 'অজেয় পেটন' টেংকৰে ভাৰতক আক্ৰমণ কৰিছিল, তেতিয়া আব্দুল হামিদে আৰ চি এল বন্দুক আৰু জীপৰ সহায়ত তেওঁলোকৰ সন্মুখত বীৰত্বৰে থিয় দিছিল।   
 
কুঁহিয়াৰৰ খেতিপথাৰত আত্মগোপন কৰি তেওঁ ৮ ছেপ্টেম্বৰত প্ৰথমখন পাকিস্তানৰ টেংক ধ্বংস কৰিছিল। সেইদিনাই তেওঁ তিনিখনকৈ টেংক ধ্বংস কৰি দুখন টেংক জব্দ কৰিছিল। এয়া আছিল এজন একক সৈনিকৰ যুদ্ধ কৌশল, বুজাবুজি আৰু সাহসৰ এক অন্যতম উদাহৰণ। 
 
পিছদিনা অৰ্থাৎ ১০ ছেপ্টেম্বৰত তেওঁ শ্বহীদ হৈছিল। কিন্তু তেতিয়ালৈকে তেওঁ ৯ খনতকৈও অধিক পাকিস্তানৰ টেংক ধ্বংস কৰি পেলাইছিল। তেওঁৰ বীৰত্বই যুদ্ধৰ জোৱাৰ ভাৰতৰ ফালে উভতাই অনাই নহয়, ভাৰতে নিজৰ মুছলমান নাগৰিকৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰে বুলি পাকিস্তানে কৰি অহা দাবীকো নস্যাৎ কৰিছিল।  
 
এজন প্ৰকৃত ভাৰতীয় মুছলমান হিচাপে আব্দুল হামিদে কেৱল দেশক সুৰক্ষিত কৰাই নহয়, ভাৰতীয় সেনাৰ বৈচিত্ৰ্য, ঐক্য আৰু নিষ্ঠা কিমান গভীৰ সেই কথাও প্ৰদৰ্শিত কৰিছিল। তেওঁৰ অনন্য ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল।
 
মনছুৰ আলী খান পাটৌদী
 
মনছুৰ আলী খান পাটৌদীঃ ক্ৰিকেটত আত্মবিশ্বাসৰ বিপ্লৱ
 
১৯৬০ চনৰ আৰম্ভণিতে ক্ৰিকেটক অভিজাত খেল হিচাপে গণ্য কৰা হৈছিল আৰু ভাৰতীয় দলটো প্ৰায়ে এই খেলত পৰাস্ত হৈ আহিছিল। কিন্তু ১৯৬১ চনত এজন যুৱ খেলুৱৈ মনছুৰ আলী খান পাটৌদীয়ে খেলপথাৰত ভৰি দি খেলৰ দিশ সলনি কৰি পেলাইছিল। ২১ বছৰ বয়সত তেওঁ ভাৰতীয় টেষ্ট দলৰ আটাইতকৈ কম বয়সীয়া অধিনায়ক হিচাপে পৰিগণিত হৈছিল। কিন্তু এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত তেওঁ এটা চকু হেৰুৱাবলগীয়া হৈছিল। কিন্তু ইয়াৰ পিছতো তেওঁ ক্ৰিকেট খেলিবলৈ এৰি দিয়া নাছিল।    
 
পাটৌদীৰ অধিনায়কত্বই ভাৰতীয় ক্ৰিকেটত আত্মবিশ্বাস আৰু আগ্ৰাসনৰ ভেটি স্থাপন কৰিছিল। তেওঁৱে ভাৰতীয় দলটোক বিদেশৰ ভূমিত প্ৰথমবাৰৰ বাবে টেষ্টত জয় লাভ কৰিবলৈ সক্ষম কৰিছিল। তেওঁৰ বেটিং শৈলী আছিল আক্ৰমণাত্মক আৰু ফিল্ডিঙত তেওঁ আছিল শ্ৰেষ্ঠ।  
 
তেওঁ ভাৰতীয় ক্ৰিকেটক নতুন আত্মসন্মান প্ৰদান কৰি বিজয়ীৰ মানসিকতা গঢ়ি তুলিছিল, যিয়ে পিছলৈ কপিল দেৱ, গাংগুলী, ধোনীৰ দৰে অধিনায়কক অনুপ্ৰাণিত কৰিছিল। তেওঁ কেৱল এজন ক্ৰিকেটাৰ নাছিল, বৰঞ্চ এজন যুৱ ভাৰতৰ আত্মবিশ্বাসৰ প্ৰতীক হৈ পৰিছিল। 
 
মনোজ কুমাৰ
 
মনোজ কুমাৰ: দেশপ্ৰেমৰ চিনেমাৰ এজন অভিনেতা
 
যেতিয়া ভাৰতে নিজৰ অস্তিত্বৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছিল, তেতিয়া ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল এজন নতুন নায়ক মনোজ কুমাৰে। ১৯৬৫ চনত ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰা তেওঁৰ 'শ্বহীদ' ছবিখনে দেশপ্ৰেমক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ভগত সিঙৰ সংগী বটুকেশ্বৰ দত্তই ৰচনা কৰা এই ছবিখনৰ বিশ্বাসযোগ্যতা আৰু আৱেগিক গভীৰতাই দৰ্শকক গভীৰভাৱে চুই গৈছিল।  
 
ইয়াৰ পিছত লাল বাহাদুৰ শাস্ত্ৰীয়ে মনোজ কুমাৰক 'জয় জৱান, জয় কিষাণ'ৰ আধাৰত এখন ছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ১৯৬৭ চনৰ 'উপকাৰ' ছবিখনে মুক্তি লাভ কৰিছিল, য’ত ‘মেৰে দেশ কি ধৰ্তি’ৰ দৰে গীতে ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ শিখা জ্বলাই তুলিছিল। 
 
ইয়াৰ পিছতে মনোজ কুমাৰক ‘ভাৰত কুমাৰ’ উপাধি প্ৰদান কৰা হৈছিল আৰু তেওঁ যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছিল। তেওঁ কলাৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ দেশপ্ৰেমৰ ভাব বিয়পাইছিল। তেওঁৰ চিনেমা শ্লোগান নহয়, চেতনা আছিল। 
 
ৰীতা ফাৰিয়া
 
ৰীতা ফাৰিয়াঃ আধুনিকতা আৰু পৰম্পৰাৰ সংগম
 
১৯৬৬ চনত যেতিয়া ভাৰতে পশ্চিমীয়া সংস্কৃতি আৰু পৰম্পৰাগত মূল্যবোধৰ মাজত আৱদ্ধ হৈ আছিল, তেতিয়া এগৰাকী ২৩ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰী ৰীতা ফাৰিয়াই মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী এছিয়ান যুৱতী আছিল। তেওঁ প্ৰমাণ কৰিছিল যে, সৌন্দৰ্য্যতা যে কেৱল মুখমণ্ডলতে আৱদ্ধ নহয়, ই চিন্তা-চৰ্চা আৰু ব্যক্তিত্বতো অন্তৰ্নিহিত হৈ থাকে।
 
প্ৰতিযোগিতাখনত ৰীতা ফাৰিয়াই শাৰী পৰিধান কৰি ‘বেষ্ট ইন ছুইমছুট’ আৰু ‘বেষ্ট ইন ইভিনিংৱেৰ’ৰ দৰে খিতাপও লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰদ্বাৰা এই কথা প্ৰতিফলিত হৈছিল যে, ভাৰতীয় সাজ-পোছাকো বিশ্ব মঞ্চত আত্মবিশ্বাসেৰে পৰিধান কৰিব পাৰি।  
 
কিন্তু তেওঁৰ আটাইতকৈ ডাঙৰ গুণটো আছিল যে, তেওঁ মডেলিং বা ছবিৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল বৰঞ্চ তেওঁ চিকিৎসক হোৱাৰ লক্ষ্যকহে অধিক অগ্ৰাধিকাৰ দিছিল। চিকিৎসা বিজ্ঞানৰ পঢ়া-শুনা সম্পূৰ্ণ কৰি তেওঁ পিছলৈ চিকিৎসা ক্ষেত্ৰখনত সেৱা আগবঢ়াইছিল। সেই সময়ৰ নৱপ্ৰজন্মৰ বাবে ৰীতা ফাৰিয়াই এক বাৰ্তাস্বৰূপ আছিল যে, 'আপুনি সুন্দৰতাৰ লগতে বুদ্ধিমানো হ’ব পাৰে'।
 
আমিন ছায়ানী
 
আমিন ছায়ানীঃ ভাৰতক সংযোগ কৰা এক কণ্ঠ
 
বেহেনো ওৰ ভাইয়ো! এই বাক্যটি শুনাৰ লগে লগে যিকোনো ভাৰতীয়ৰ কাণত আমিন ছায়ানীৰ কণ্ঠৰ অনুৰণন ঘটে। ৰেডিঅ’ৰ জগতখনলৈ তেওঁৰ অৱদান অতুলনীয় আছিল। ১৯৬০ চনত টেলিভিছন আছিল এক কল্পনা আৰু ছ’চিয়েল মিডিয়া এক বহু দূৰৈৰ সপোন। এনে পৰিস্থিতিত প্ৰতি বুধবাৰে নিশা ৰেডিঅ’ চিল'নত ‘বিনাকা গীতিমালা’ আমিন ছায়ানীৰ কণ্ঠৰ সৈতে প্ৰতিটো ঘৰতে বাজি উঠিছিল।   
 
তেওঁ কণ্ঠটিত আপোন আপোন যেন লগা এক  অনুভৱে বিৰাজ কৰিছিল। তেওঁৰ কণ্ঠই সমগ্ৰ ভাৰতক একেডাল ডোলেৰে বান্ধি ৰাখিছিল। তেওঁৰ উচ্চাৰণ শৈলী আৰু উপস্থাপনে তেওঁক ভাৰতৰ প্ৰথম ‘ভইচ আইকন’ হিচাপে গঢ়ি তুলিছিল। সৰু চহৰৰ পৰা মেট্ৰ’লৈকে তেওঁক অনুকৰণ কৰা বহু ঘোষক পোৱা গৈছিল। ছায়ানী কেৱল ৰেডিঅ' ঘোষকেই নাছিল, তেওঁ ভাৰতৰ জনপ্ৰিয় সংস্কৃতিকো গঢ় দিছিল। তেওঁ এনে এটা যুগৰ কণ্ঠ আছিল য'ত কণ্ঠয়ে মাধ্যম আছিল।  
 
১৯৬০ ৰ দশকটো কেৱল ইতিহাসৰ কিতাপবোৰত লিপিবদ্ধ হোৱা ঘটনাৰে পৰিপূৰণ হৈ থকা নাছিল। সেই সময়ত ভাৰতে আত্মসন্ধান, আত্মসন্মান আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰিছিল। হাবিলদাৰ আব্দুল হামিদে সাহসৰ সংজ্ঞা দিছিল, মনছুৰ আলী খান পাটৌদীয়ে আত্মবিশ্বাস শিকাইছিল, মনোজ কুমাৰে দেশপ্ৰেমৰ নতুন ৰূপ প্ৰদৰ্শন কৰিছিল, ৰীতা ফাৰিয়াই আধুনিকতা আৰু পৰম্পৰাৰ ভাৰসাম্য প্ৰদৰ্শন কৰিছিল আৰু আমিন ছায়ানীয়ে ভাৰতীয়ৰ কণ্ঠৰ সংজ্ঞা দাঙি ধৰিছিল।  
 
এই পাঁচগৰাকী যুৱ আইকনে ষাঠিৰ দশকত ভাৰতীয় যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাই নহয়, নিজৰ দেশৰ প্ৰতি আবেগ, আত্মবিশ্বাস আৰু সমৰ্পণ থাকিলে সীমিত সম্পদৰেও সীমাহীন উচ্চতা লাভ কৰিব পৰা যায় বুলিও শিকাইছিল। এইয়া সেই ভাৱনা হয় যিয়ে আজিও যুৱ ভাৰতক অনুপ্ৰাণিত কৰি আহিছে।