উত্তৰকাশীৰ উদ্ধাৰ অভিযানত সহায়ৰ হাত আগবঢ়াইছে জামাত-ই-ইছলামী হিন্দে

Story by  atv | Posted by  [email protected] • 1 d ago
ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনে পুতি পেলোৱা অঞ্চলটো
ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনে পুতি পেলোৱা অঞ্চলটো
 
নতুন দিল্লী

ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ পিছত সৃষ্টি হোৱা আকস্মিক বানপানীয়ে বিধ্বস্ত কৰা উত্তৰাখণ্ডৰ উত্তৰকাশীত উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত নিৰাপত্তা বাহিনী আৰু কৰ্তৃপক্ষক সহায়ৰ হাত আগবঢ়াইছে জামাত-ই-ইছলামী হিন্দে (Jamaat-e-Islami Hind)। এক্সত এটা পোষ্টত জামাত-ই-ইছলামী হিন্দৰ উপ-সভাপতি অধ্যাপক চেলিম ইঞ্জিনিয়াৰে এই দুৰ্যোগক লৈ শোক প্ৰকাশ কৰি কয় যে য’তেই প্ৰয়োজন হয় তাতেই সহায় কৰিবলৈ তেওঁৰ সংগঠন সাজু আছে।
 
"আমি দেশৰ নাগৰিকসকলক আহ্বান জনাইছো যে এই সংকটৰ সময়ত উত্তৰকাশীবাসীৰ সৈতে থিয় হওক। জামাতৰ সদস্য আৰু সহযোগীসকলে উত্তৰকাশীত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আৰু স্থানীয় কৰ্তৃপক্ষ আৰু নাগৰিকৰ সৈতে সমন্বয়ৰে কাম কৰিছে।" এক্সত তেওঁ এইদৰে পোষ্ট কৰে।
জামাত-ই-ইছলামী হিন্দৰ উপ-সভাপতি অধ্যাপক চেলিম ইঞ্জিনিয়াৰে কয় যে সেনাবাহিনী, এনডিআৰএফ, এছডিআৰএফ, আৰু অন্যান্য সংস্থাসমূহৰ প্ৰচেষ্টাক আমি শলাগ লৈছো। কিন্তু নিৰুদ্দেশ হোৱা লোকসকলৰ স্থান নিৰ্ণয় আৰু গৃহহীন হৈ পৰাসকলক সহায় কৰাৰ বাবে ত্বৰান্বিত প্ৰচেষ্টাৰ প্ৰয়োজন আছে। 
 
উল্লেখ্য যে, ৫ জুলাইত ডাৱৰ বিস্ফোৰণৰ ফলত বোকা আৰু ধ্বংসাৱশেষে সমগ্ৰ অঞ্চলটো পুতি পেলাইছে। ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটো হৈছে দৰহলী গাঁও। প্ৰচণ্ড ভূমিস্খলনৰ বাবে ভাৰতীয় সেনা, আই টি বি পি আৰু এন ডি আৰ এফৰ দলে গাঁওখনত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে।
 
অধ্যাপক চেলিম ইঞ্জিনিয়াৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দ্ৰুত, সমন্বিত আৰু ফলপ্ৰসূভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ আহ্বান জনাইছে। তেওঁ সেনা, এন ডি আৰ এফ, এছ ডি আৰ এফ আদি সংস্থাসমূহৰ প্ৰস্তুতিৰ প্ৰশংসা কৰি কয় যে এই সময়ত প্ৰতিটো মুহূৰ্ত বহুমূলীয়া আৰু নিৰুদ্দেশ হোৱা লোকক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰা আৰু গৃহহীন লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।
সংগঠনটোৱে ঘোষণা কৰে যে জামাতৰ স্বেচ্ছাসেৱক আৰু তেওঁলোকৰ সহযোগী গোটসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। স্থানীয় প্ৰশাসন আৰু নাগৰিক সমাজৰ সংগঠনৰ সৈতে তেওঁলোকে সমন্বয়েৰে কাম কৰিব যাতে ভুক্তভোগীয়ে সময়মতে সহায় লাভ কৰিব পাৰে।
 
এই জটিল সময়ত উত্তৰকাশীবাসীৰ সৈতে থিয় দিবলৈও দেশবাসীক আহ্বান জনাইছে জামাতে। সংগঠনটোৱে কয় যে এয়া ৰাজনীতি বা ধৰ্মীয় বৈষম্যৰ সময় নহয়, বৰঞ্চ মানৱতাৰ সময়। কোনোবা নহয় কোনোবা ৰূপত যিমান পাৰি সহায় কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য-সেয়া দানেই হওক, স্বেচ্ছাসেৱক হিচাপে সেৱাই হওক বা কেৱল সহানুভূতি আৰু সমৰ্থনে হওক।