আৱাজ-দ্য ভইছ অসম ব্যুৰো
যোগী আদিত্যনাথ চৰকাৰে হজ-২০২৬ৰ বাবে আবেদনৰ সংখ্যা বৃদ্ধি কৰাৰ এক প্ৰচেষ্টা হাতত লৈছে। কিয়নো যোৱা কেইবছৰমানৰ পৰা হজযাত্ৰাৰ বাবে কৰা আবেদনৰ সংখ্যা আৰু উত্তৰ প্ৰদেশৰ আবণ্টিত কোটাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
যদিও উত্তৰ প্ৰদেশৰ হজ-২০২৬ৰ বাবে কোটা পৰিমাণ প্ৰায় ৩০ হাজাৰ, তথাপিও এতিয়ালৈকে মাত্ৰ ১৩ হাজাৰ আবেদনকাৰীৰ পৰাহে হজৰ আবেদন লাভ কৰা হৈছে। সেয়েহে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ আগষ্টলৈ পুনৰ সাত দিন বৃদ্ধি কৰি দিয়া হৈছে।
যোৱা বছৰ ৩০ হাজাৰ কোটাৰ বিপৰীতে ১৫ হাজাৰ হজ যাত্ৰীৰ পৰা আবেদন লাভ কৰা হৈছিল আৰু ইয়াৰে ভিতৰত ১৩,৬০০ ব্যক্তিয়ে হজযাত্ৰালৈ গৈছিল। ২০২৪ চনত ৰাজ্যৰ পৰা প্ৰায় ১৭ হাজাৰ হজযাত্ৰীৰ পৰা আবেদন লাভ কৰা হৈছিল। ২০২৩ চনত এই সংখ্যা আছিল ২৬ হাজাৰ।
উত্তৰ প্ৰদেশৰ হজযাত্ৰী
এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ সংখ্যালঘু কল্যাণ বিভাগ, মুছলমান ৱাকফ আৰু হজৰ ৰাজ্যিক মন্ত্ৰী ডানিছ আজাদ আনছাৰীয়ে কয়, "হজ ২০২৬ৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ৩১ জুলাই। এই সময়সীমা বৃদ্ধি কৰাৰ বাবে আমি কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলো। ইয়াৰ পিছত আবেদনৰ অন্তিম তাৰিখ পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰা হৈছে। এতিয়ালৈকে আমি প্ৰায় ১৩ হাজাৰ আবেদন লাভ কৰিছো, যদিও এই সংখ্যা বৃদ্ধি পাব বুলি আমি আশাবাদী।"
ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ হৈ থকা আনছাৰীয়ে লগতে কয় যে, হজযাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে মৌলবীসকলৰ ওচৰলৈ যোৱাৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমত অভিযান চলোৱালৈকে আমি সকলো ধৰণৰ প্ৰচেষ্টা কৰিছো।
হজ হৈছে ইছলামৰ এটা মূল স্তম্ভ। হজযাত্ৰা কৰাটো ইছলাম ধৰ্মালম্বী লোকসকলৰ বাবে বাধ্যতামূলক। ভাৰতত হজ কোটা ১,৭৫,০০০ লোকৰ বাবে, ইয়াৰে ১,২৫,০০০ লোক ভাৰতৰ হজ কমিটিৰ জৰিয়তে আৰু ৫০,০০০ ব্যক্তিগত ভ্ৰমণৰ জৰিয়তে হজযাত্ৰা সম্পন্ন কৰে।