নতুন দিল্লী
বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলৰ বাবে প্ৰথম পচন্দ হৈছে ভাৰত। ২০২৪ চনত ভাৰতলৈ ৯৯ লাখৰো অধিক পৰ্যটক অহাৰ কথা সদৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে।
৯৯ লাখৰো অধিক বিদেশী পৰ্যটকে ভাৰত ভ্ৰমণ কৰাৰ বিপৰীতে ২০২৪ চনত ৩ কোটিৰো অধিক ভাৰতীয়ই বিদেশ ভ্ৰমণ কৰিছিল বুলি বৃহস্পতিবাৰে চৰকাৰে ৰাজ্য সভাত পৰ্যটন মন্ত্ৰীগৰাকীয়ে।
ৰাজ্যসভাত লিখিত উত্তৰত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, ২০২৪বৰ্ষত ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা ৯৯,৫১,৭২২। ২০২৩ চনত এই সংখ্যা আছিল ৯৫,২০,৯২৮ হোৱাৰ বিপৰীতে দেশলৈ আহিছিল ৬৪,৩৭,৪৬৭ জন বিদেশী পৰ্যটক।
২০২৪বৰ্ষত আমেৰিকাৰ পৰা আহিছিল সৰ্বাধিক পৰ্যটক। আমেৰিকাৰ পৰা আহিছিল ১৮,০৪,৫৮৬ গৰাকী পৰ্যটক। ইয়াৰ পিছতে বাংলাদেশ (১৭,৫০,১৬৫), আৰু তৃতীয় স্থানত আছে বিট্ৰেইন (১০,২২,৫৮৭)।