জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে

Story by  atv | Posted by  Munni Begum • 1 Months ago
জুবিন গাৰ্গৰ মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে
জুবিন গাৰ্গৰ মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে
 
গুৱাহাটী
 
জনতাৰ প্ৰাণৰ শিল্পী নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ডিমৰীয়াৰ সেউজীয়াৰ মাজতেই  হ'ব সকলোৰে মৰমৰ শিল্পীগৰাকীৰ নতুন ঠিকনা।
 
যুগান্তকাৰী মহানায়কগৰাকীক মঙলবাৰে ডিমৰীয়াৰ সেউজীয়াৰ মাজত কোনে কৰিব মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে। পামী বৰঠাকুৰক সংগ দিব অৰুণ গাৰ্গে আৰু ৰাহুল গৌতম শৰ্মাই। 
 
উল্লেখ্য যে, মঙলবাৰে পুৱা পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে পুৱা ৭-৩০ বজাত সৰুসজাইৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ নশ্বৰদেহ। 
 
জি এম চি এইছত মৰণোত্তৰ পৰীক্ষাত প্ৰয়োজন হয় প্ৰায় ডেৰ ঘণ্টা। তাৰ পাছত পুনৰ জুবিনৰ নশ্বৰদেহ লৈ যোৱা হয় সৰুসজাইলৈ।
 
তাৰপৰা এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হয় শেষকৃত্য অনুষ্ঠানলৈ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া।