গুৱাহাটী
নাগৰিকত্ব সংশোধনী আইন (কা)ৰ অধীনত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰস্তুতি সম্পন্ন কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে। বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ প্রত্যাহাৰেৰে আইনী বাধা আঁতৰাই লাখ লাখ হিন্দু বাংলাদেশীক ভাৰতীয় কৰিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ।
জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত ৰাজ্যত চলা 'কা' বিৰোধী তীব্র গণ আন্দোলন, শ্বহীদৰ চূড়ান্ত ত্যাগ, সর্বোচ্চ ন্যায়ালয়ৰ মজিয়াত চলি থকা আইনী যুঁজৰ মাজতে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ চৰকাৰে চলোৱা তৎপৰতাই স্বাভাৱিকতে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, যোৱা ১৭ জুলাইত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি দিছপুৰত অনুষ্ঠিত হোৱা বৈঠকত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতলৈ আহি অসমত বসবাস কৰি থকা ৬ ধর্মাৱলম্বী লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
ইয়াৰবাবে সকলো জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ বিদেশী ন্যায়াধিকৰণৰ পৰা ২০২৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা হিন্দু, খ্রীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধর্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ প্রদান কৰা হয়। গোচৰ প্ৰত্যাহাৰৰ পাচত 'কা'ৰ অধীনত নাগিৰকত্বৰ বাবে আবেদনৰ কাৰণে উদগনি জনাবলৈও জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নির্দেশ প্রদান কৰা হয়।
গৃহ আৰু ৰাজনৈতিক বিভাগৰ বৈঠকৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল। তাৰ ভিত্তিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও পৰিবেশন কৰিছে বাতৰি। সেই বাতৰিৰ তথ্য অনুসৰি, অসমৰ ১.৬ লাখ ঘোষিত বিদেশীৰ ৬৯,৫০০ জন হিন্দু ধর্মাৱলম্বী। আনহাতে ২০১৯ৰ আগষ্ট মাহত প্রকাশ পোৱা চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিছিল। এই সংখ্যা মুঠ আবেদনকাৰীৰ ৫.৭ শতাংশ।
২০২৪ চনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা তথ্য অনুসৰি, এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ৫ লাখ হিন্দু বাঙালী। একেদৰে ২ লাখ অসমীয়া হিন্দু আৰু ১.৫ লাখ গোর্খা। বাদ পৰা অসমীয়া হিন্দুৰ তালিকাত কোচ ৰাজবংশী, দাস, কলিতা আৰু শর্মা উপাধিৰ লোক অন্তর্ভুক্ত হৈছে। তেওঁ উল্লেখ কৰা অনুসৰি এন আৰ চিৰ পৰা বাদ পৰা মুছলমানৰ সংখ্যা ৭ লাখ।
তাৎপর্যপূর্ণভাৱে 'কা'ৰ অধিনিয়মৰ আওঁতাত যদি অমুছলমান বিদেশীক নাগৰিকত্ব প্রদান কৰা হয়, তেন্তে ৫ লাখৰো অধিক অমুছলমান বিদেশীয়ে লাভ কৰিব নাগৰিকত্ব। কেৱল সেয়ে নহয়, বিদেশী ন্যায়াধিকৰণত ইতিমধ্যে বিদেশী ঘোষণা হোৱা ৬৯,৫০০ হিন্দু বিদেশীয়েও নাগৰিকত্ব লাভৰ পথ প্রশস্ত হ'ব।
লক্ষণীয়ভাৱে ২০২৪ৰ জুলাই মাহত অসম চৰকাৰে সীমান্ত আৰক্ষীক নির্দেশ দিছিল যে, ২০১৪ৰ পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমানৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰিব নালাগে। কেৱল সেয়ে নহয়, গোর্খা আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত ৰুজু হৈ থকা গোচৰসমূহ প্রত্যাহাৰৰ বাবে পূর্বতেও স্পষ্ট নির্দেশনা দিছিল চৰকাৰে। এনে পৰিস্থিতিত ৬ ধর্মাৱলম্বী অবৈধ বিদেশীৰ গোচৰসমূহ বিদেশী ন্যায়াধিকৰণৰ পৰা প্রত্যাহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা তৎপৰতাই স্বাভাৱিকতে তাৎপর্য বহন কৰিছে।
বিশেষকৈ দিছপুৰত অনুষ্ঠিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ বৈঠকত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়া হৈছিল যে তেওঁলোকে তাৎক্ষণিকভাৱে বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলেৰে বৈঠকত মিলিত হ'ব লাগে। লগতে সকলো বিষয় পর্যালোচনা কৰি বিভাগক কার্যব্যৱস্থা গ্রহণৰ প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে। এই প্রতিবেদন দাখিলৰ পিচত ৬ ধর্মাৱলম্বী লোকসকলক 'কা' প'ৰ্টেলত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈ সীমান্ত আৰক্ষীক গৃহ আৰু ৰাজনৈতিক বিভাগে নির্দেশ দিয়ে।