অসম-মেঘালয় সীমা সমস্যা সমাধানৰ‌ বাবে তৎপৰ দুয়োখন ৰাজ্য

Story by  atv | Posted by  [email protected] • 6 h ago
অসম-মেঘালয় সীমা সমস্যা সমাধানৰ‌ বাবে তৎপৰ দুয়োখন ৰাজ্য
অসম-মেঘালয় সীমা সমস্যা সমাধানৰ‌ বাবে তৎপৰ দুয়োখন ৰাজ্য
 
নতুন দিল্লী
 
অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা সমস্যা শিঘ্ৰেই সমাধান হোৱাৰ পথত।‌ ইতিমধ্যে দুয়োখন ৰাজ্যই বিষয়টো নিষ্পত্তি কৰিবলৈ অহৰহ চেষ্টা চলায় আহিছে।‌ এই সীমা সমস্যা সন্দৰ্ভত শিঘ্ৰেই দুয়োখন ৰাজ্যৰ মাজত এলানি উচ্চ পৰ্যায়ৰ আলোচনা হ'ব।
 
দুয়োখন ৰাজ্যৰ মাজত ১২টা স্থানক লৈ সীমা সমস্যা আছে যদিও প্রথম পর্যায়ত ৬ টা স্থানৰ সীমা সমস্যা সমাধানৰ বাবে সাজু হৈছে দুয়োখন ৰাজ্য। কাছাৰ জিলাৰ মেঘালয় সীমান্তত থকা কাটিগৰা ৰাজহ চক্রৰ অন্তৰ্গত বাইকাম পুঞ্জি আদি কৰি ৬টা স্থানৰ ওপৰত প্রথম পর্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব।
 
এই আলোচনাৰ পুৰ্বে প্ৰাথমিক পৰ্যায়ত দুয়োখন ৰাজ্যৰ চৰকাৰী বিষয়াসকল শুকুৰবাৰে বিতৰ্কিত এলেকাত গৈ যুটীয়াভাবে জৰীপ আৰম্ভ কৰে। জৰিপৰ দলটোত দুয়োখন ৰাজ্যৰ দুজন নোডেল বিষয়াসহ কাটিগৰাৰ চক্র বিষয়া উপস্থিত আছিল।‌ জৰিপৰ দলটোৱে বাইকাম পুঞ্জিত বসবাস কৰা প্রতিটো পৰিয়ালৰ ঘৰত গৈ বিতৰ্কিত ভূমিৰ সকলো নথিপত্ৰ পৰীক্ষা কৰে।‌ লগতে স্থানীয় ৰাইজৰ মতামতো গ্রহণ কৰে।
 
ইফালে,বাইকাম পুঞ্জিৰ হেডমেনে জানিবলৈ দিয়া মতে,বাইকাম পুঞ্জিৰ ২৬০ হেক্টৰ অসমৰ ভূমিত ৩৭ টা পৰিয়ালে দীর্ঘদিনৰ পৰা বসবাস কৰি আহিছে। কিন্তু এই ২৬০ হেক্টৰ ভূমিক লৈ দুয়োখন ৰাজ্যৰ মাজত দীর্ঘদিনৰ পৰা বিতর্ক চলি আহিছে। বৰ্তমান বাইকাম পুঞ্জীৰ সৰহ সংখ্যক লোকেই মেঘালয়ৰ অন্তৰ্ভুক্ত হ’ব বিচাৰিছে বুলি জৰিপৰ দলটোৰ আগত সদৰি কৰে পুঞ্জীটোৰ একাংশ লোকে। ইয়াৰ বিপৰীতে আন একাংশ লোকে অসমত থকাৰ বাবে দাবী জনাইছে।