ৰাখী বন্ধন : ভাতৃ-ভগ্নীৰ অনন্য এনাজৰী উদযাপনৰ এক পবিত্ৰ উৎসৱ

Story by  atv | Posted by  [email protected] • 6 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 স্বপ্না দাস
 
ভাই-ভনীৰ মাজৰ আন্তৰিক প্ৰীতি আৰু সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াসৰ আনুষ্ঠানিক উদযাপন ৰাখী বন্ধন নামৰ উৎসৱবিধ। হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱৰ মাজৰ অন্যতম তথা সমগ্ৰ ভাৰতৰ এক আদৰৰ উৎসৱ হিচাপে পৰিচিত ৰাখী বন্ধনে ভাতৃ-ভগ্নীৰ মাজৰ অনঘ বন্ধনক প্ৰতিনিধিত্ব কৰাৰ উপৰি সন্মান প্ৰদৰ্শন কৰে। হিন্দু শ্ৰাৱণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা এই উৎসৱত ভাতৃক ভগ্নীয়ে ৰাখী পিন্ধায় আৰু ইগৰাকীয়ে সিগৰাকীক নিঃচৰ্ত মৰম আৰু সুৰক্ষা প্ৰদানৰ আন্তৰিক প্ৰতিশ্ৰুতি দিয়ে।

'ৰাখী বন্ধন' বা 'ৰক্ষা বন্ধন' শব্দই আক্ষৰিক অৰ্থৰে 'ৰক্ষাৰ বান্ধোন'ক বুজায়। এই পৱিত্ৰ দিনটোতে ভগ্নীসকলে মৰমেৰে ভাতৃৰ হাতত ৰাখী--- অৰ্থাৎ সুসজ্জিত আৰু পৰম্পৰাগতভাৱে নিজহাতে প্ৰস্তুত কৰা সূতা বান্ধি মৰম যাচে। আজিকালি বজাৰত পোৱা ৰাখীও বান্ধে যদিও নিজহাতে প্ৰস্তুত কৰা ৰাখী পিন্ধোৱাৰহে পৰম্পৰাগত নিয়ম প্ৰচলিত। যি কি নহওক, ৰাখীক ভনীয়েকে ভায়েকৰ  মংগলৰ বাবে কৰা প্ৰাৰ্থনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
 
ইয়াৰ বিনিময়ত ভায়েকে নিজৰ ভনীয়েকক গোটেই জীৱন সুৰক্ষা প্ৰদান কৰা আৰু সকলো উচিত দিশতে সমৰ্থন আগবঢ়োৱাৰ আন্তৰিক প্ৰতিশ্ৰুতি দিয়ে। এনেদৰেই ভাই-ভনীৰ মাজৰ আন্তৰিক প্ৰীতি আৰু সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়াসৰ পণ ৰাখী বন্ধনত লোৱা হয়।
 

ৰাখী বন্ধনৰ প্ৰতিনিধিত্বমূলক ফটো
 
ৰাখী বন্ধনো অন্যান্য বিভিন্ন উৎসৱৰ দৰেই পৰম্পৰা আৰু পৌৰাণিক গাথাৰ সমাহাৰ ঘটা এবিধ অনন্য উৎসৱ। প্ৰচলিত কিংবদন্তি অনুসৰি হিন্দু পৌৰাণিক গাথাৰ লক্ষ্মী আৰু দুৰ্গা আদি দেৱীসকলে নিজৰ প্ৰিয় দেৱতাৰ হাতত ৰাখী বান্ধিছিল, যাৰ জৰিয়তে সুৰক্ষাৰ ঐশ্বৰিক বান্ধোনক প্ৰতিনিধিত্ব কৰা হৈছিল। আনহাতে, ৰজা বালি আৰু দেৱী লক্ষ্মীৰ কাহিনীয়েও ৰাখী বন্ধন উৎসৱৰ তাৎপৰ্যক মহিমামণ্ডিত কৰি আহিছে। সেইমতে দেৱী লক্ষ্মীয়ে ৰজা বালিৰ হাতত ৰাখী পিন্ধাই ছিল। তেনেদৰেই আন্তৰিক ইচ্ছা পূৰণৰ লগতে ভাই-ভনীৰ প্ৰেম আৰু সুৰক্ষাৰ শক্তি প্ৰদৰ্শন কৰা হৈছিল বুলি কোৱা হয়। 
 
ভাতৃ-ভগ্নীয়ে সুৰক্ষাৰ উৎসৱ হিচাপে ৰাখী বন্ধন উদযাপন কৰিবলৈ একত্ৰিত হোৱাৰ লগে লগে তেওঁলোকে ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ়ভাৱে প্ৰতিষ্ঠাপিত কৰাৰ প্ৰয়াস কৰা বুলি ক'ব পাৰি।এই সুন্দৰ উৎসৱ হৈছে ভাই-ভনীৰ মাজৰ প্ৰেমৰ অবিচ্ছেদ্য সম্পৰ্কৰ উদযাপন তথা আমাৰ জীৱনলৈ আনন্দ, সমৰ্থন আৰু সুৰক্ষা কঢ়িয়াই অনা সম্পৰ্কৰ শক্তিৰ অনবদ্য প্ৰমাণ। পিছে জৈৱিক সম্পৰ্কক গুৰুত্বাৰোপ কৰাৰ উপৰি তেজৰ সম্পৰ্কৰো ঊৰ্দ্ধত যে আন্তৰিক প্ৰীতি, শ্ৰদ্ধা আৰু দায়িত্বৰ‌ লগতে কৰ্তব্য, তাকো ৰাখী বন্ধনে‌ উনুকিয়ায়।
 
ৰাখী বন্ধনৰ উপহাৰ
 
সেয়েই এই উৎসৱত সহোদৰৰ বাদেও ঘনিষ্ঠ বন্ধু, ভাতৃপ্ৰতিম আৰু পৰিয়ালৰ সদস্যৰ হাতত ৰাখী পিন্ধাই আন্তৰিক বন্ধন শক্তিশালী কৰাৰ লগতে ৰাজহুৱাভাৱে এই উৎসৱৰ আয়োজন কৰি সম্প্ৰদায়বোধৰ মাজত ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰা হয়।
 
এই অনন্য উৎসৱে পৰস্পৰৰ প্ৰতি প্ৰেম, সন্মান, দায়িত্ব আৰু কৰ্তব্যৰ মূল্যবোধৰ প্ৰসাৰ কৰে; লগতে সম্পৰ্কক লালন-পালনৰ গুৰুত্বৰ কথাও আমাক আওপকীয়াকৈ সোঁৱৰাই দিয়ে। কিন্তু সাম্প্ৰতিক সময়ত আমাৰ সমাজত ভাতৃত্ববোধ বৰ্তি আছেনে? ভাতৃত্ববোধৰ এনাজৰীৰে আমি কিমান নিকপকপীয়াকৈ বান্ধ খাই আছোঁ? উত্তৰ যদি সদৰ্থক হয় তেন্তে ৰাখী বন্ধন উদযাপনৰ সদৰ্থক প্ৰভাৱেও আমাক সু-প্ৰভাৱিত কৰি থাকিব। উত্তৰ যদি ঋণাত্মক হয় তেন্তে এই অনন্য উৎসৱৰ গুঢ়াৰ্থ উপলব্ধি কৰি আমি ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ প্ৰয়োজন।

(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। আজি ৰাখী বন্ধন উপলক্ষে লেখাটো আগবঢ়োৱা হ'ল।)