বিভিন্ন ক্ষেত্ৰত উজলি উঠা ১৯৭০ চনৰ ভাৰতীয় যুৱ তাৰকাসকল

Story by  atv | Posted by  Munni Begum • 4 h ago
১৯৭০ চনৰ ভাৰতীয় যুৱ তাৰকাসকল
১৯৭০ চনৰ ভাৰতীয় যুৱ তাৰকাসকল
 
ছাকিব ছেলিম
 
সত্তৰৰ দশকটো প্ৰথম পাৰমাণৱিক পৰীক্ষা, পাকিস্তানৰ পৰাজয়, জৰুৰীকালীন পৰিস্থিতি, জনতা পাৰ্টিৰ উত্থান-পতন আৰু সঞ্জয় গান্ধীৰ উত্থানৰ সাক্ষী হৈছিল। মোৰ দৃষ্টিত এই দশকটোৰ পাঁচগৰাকী যুৱ আইকন আছিল কিৰণ বেদী, বিজয় অমৃতৰাজ, ৰাজেশ খান্না, সুনীল গাভাস্কাৰ, এলবাৰ্ট এক্কা। তেওঁলোকৰ বিষয়ে এই লেখাটোত আলোচনা কৰা হৈছে। 
 
কিৰণ বেদীঃ
 
১৯৭২ চনত ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ত যোগদান কৰা প্ৰথমগৰাকী মহিলা হৈ ইতিহাস ৰচনা কৰিছিল কিৰণ বেদীয়ে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৩ বছৰ। 
 
কিৰণ বেদী
 
যি সময়ত মানুহে বিশ্বাস কৰিছিল যে মহিলাসকলে পুলিচিঙৰ দৰে কঠিন কাম চম্ভালিব নোৱাৰে, তেতিয়াই তেওঁ মানুহৰ ধাৰণা ভুল প্ৰমাণিত কৰিছিল আৰু সমগ্ৰ দেশৰ যুৱতীসকলৰ বাবে এক আদৰ্শ হৈ পৰিছিল। আই পি এছত যোগদান কৰাৰ পূৰ্বে কিৰণ বেদী লন টেনিছ চেম্পিয়ন আছিল আৰু বহু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হৈছিল। 
 
১৯৭০ চনত অমৃতসৰৰ খালছা কলেজত শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও তেওঁৰ সপোন আৰু ডাঙৰ আছিল। আৰক্ষী বিষয়া হিচাপে তেওঁৰ প্ৰথম পদবী আছিল ১৯৭৫ চনত দিল্লীত, যিটো আন্তৰ্জাতিক মহিলা বৰ্ষ হিচাপেও উদযাপন কৰা হয়। 
 
সেই বছৰতে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত কিৰণ বেদীয়ে আৰক্ষীৰ দলটোক নেতৃত্ব দিছিল। ১৯৭৮ চনত দিল্লীত হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদৰ সময়ত উপ-আৰক্ষী আয়ুক্ত হিচাপে পৰিস্থিতি চম্ভালি থকাৰ সময়তে তেওঁ আহত হয়। আঘাতৰ মাজতো বেদীয়ে সাহস আৰু পেছাদাৰীতাৰে পৰিস্থিতি পৰিচালনা কৰিছিল। 
 
এই সাহসৰ বাবে ১৯৭৯ চনত তেওঁক ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ পদক প্ৰদান কৰা হয়। কিৰণ বেদীয়ে বিশ্ববাসীক দেখুৱাই দিলে যে মহিলাসকলে সন্মুখৰ পৰাই নেতৃত্ব দিব পাৰে, আনকি আৰক্ষী বাহিনীৰ দৰে প্ৰত্যাহ্বানমূলক ভূমিকাতো। ভাৰতত অসামৰিক সেৱাৰ প্ৰস্তুতি চলাই থকা সকলো উদীয়মান যুৱতীৰ বাবে কিৰণ বেদী অন্যতম প্ৰেৰণা হৈয়েই আছে।
 
বিজয় অমৃতৰাজঃ
 
১৯৭৩-৭৪ চনত বিজয় অমৃতৰাজ নামৰ এজন যুৱ ভাৰতীয় টেনিছ খেলুৱৈয়ে ৰড লেভাৰ, বৰ্ন বৰ্গ, জিমি কনৰ্ছৰ দৰে টেনিছ কিংবদন্তিক পৰাস্ত কৰি বিশ্বক স্তম্ভিত কৰি তুলিছিল। তেওঁৰ উল্লেখযোগ্য প্ৰদৰ্শনে টেনিছক ভাৰতত জনপ্ৰিয় খেল হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। ১৯৭৩ চনৰ ৩০ জুলাইত দ্য টেলিগ্ৰাফে তেওঁৰ চমকপ্ৰদ উত্থানৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। 
 
বিজয় অমৃতৰাজ
 
উল্লেখ্য যে, মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ আমেৰিকাত অনুষ্ঠিত ভলভো আন্তঃৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ৰেড ক’ৰ্টত ভৰি দি শীৰ্ষ খেলুৱৈক পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। 
 
কেইবাজনো কিংবদন্তি খেলুৱৈক পৰাস্ত কৰি বিজয়ে উইম্বলডন আৰু ইউ এছ অ’পেনৰো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ১৯৭৬ চনত তেওঁ ভাতৃ আনন্দ অমৃতৰাজৰ সৈতে উইম্বলডনত ডাবলছ খেলি বিশ্ববাসীক দেখুৱাইছিল যে ভাৰতীয় খেলুৱৈয়ে উচ্চতম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। বিজয়ৰ প্ৰভাৱ কেৱল টেনিছ কৰ্টতে সীমাবদ্ধ নাছিল। তেওঁ জেমছ বণ্ডৰ এখন ছবিত অভিনয় কৰিও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিছিল।
 
তাতোকৈ ডাঙৰ কথাটো হ’ল বিজয় অমৃতৰাজে ভাৰতীয় টেনিছৰ ভেটি স্থাপন কৰিছিল। লিয়েণ্ডাৰ পেজ, মহেশ ভূপতি, ৰোহন বোপান্না, আৰু ছানিয়া মিৰ্জাৰ দৰে তাৰকাই তেওঁৰ পদাংক অনুসৰণ কৰি পৰৱৰ্তী সময়ত বিশ্ব টেনিছত দপদপাবলৈ আৰম্ভ কৰে। এসময়ত পশ্চিমৰ আধিপত্য থকা টেনিছ খেলত ভাৰতীয় খেলুৱৈৰ উত্থান আৰম্ভ হৈছিল বিজয় অমৃতৰাজৰ পৰাই।
 
ৰাজেশ খান্নাঃ
 
ছলমান খানৰ পিতৃ চেলিম খানে এবাৰ লিখিছিল, "মানুহে কয় যে ছলমানৰ দৰে তাৰকাৰ প্ৰতি মানুহৰ ইমান উন্মাদনা আমি আনৰ ক্ষেত্ৰত কেতিয়াও দেখা নাই। কিন্তু মই তেওঁলোকক কওঁ যে আশীৰ্বাদৰ সন্মুখত (ৰাজেশ খান্নাৰ বাংলো) মই আৰু ডাঙৰ ভিৰ দেখিছো। ৰাজেশ খান্নাই যি ধৰণৰ মৰম পাইছিল, মই আন কাৰোবাৰ বাবে দেখা নাই।"
 
ৰাজেশ খান্না
 
উল্লেখ্য যে, ১৯৭০ চনৰ আৰম্ভণিতে ভাৰতীয় চিনেমাত নতুন ধৰণৰ তাৰকাৰ উত্থান ঘটিছিল। এই ক্ষেত্ৰত শীৰ্ষত আছিল ৰাজেশ খান্না। তেওঁক মৰমেৰে কাকা বুলি কোৱা হৈছিল। তেওঁৰ আগতে দিলীপ কুমাৰ, ৰাজ কাপুৰ, দেৱ আনন্দৰ দৰে কিংবদন্তি তাৰকা আছিল যদিও ৰাজেশ খান্না বলীউদৰ প্ৰথমজন প্ৰকৃত ছুপাৰষ্টাৰ হৈ পৰিছিল।
 
তেওঁৰ চিনেমাবোৰ ৰোমান্টিক আছিল যদিও ভাৰতৰ সামাজিক বিষয়ৰ সৈতে গভীৰভাৱে জড়িত আছিল। দুৰ্নীতি, দৰিদ্ৰতা, মানুহৰ আৱেগ আৰু প্ৰেমৰ বিষয়ে তেওঁৰ ছবিসমূহে আলোচনা কৰিছিল আৰু লাখ লাখ লোকৰ অন্তৰ চুই গৈছিল। তেওঁৰ অনন্য শৈলী এটা ফেশ্বন ট্ৰেণ্ডত পৰিণত হৈছিল। সেয়া আছিল তেওঁৰ বিশেষ “খান্না কাট কুৰ্তা। 
 
ইয়াক সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে অনুসৰণ কৰিছিল। ৰাজেশ খান্নাৰ খ্যাতি কেৱল ছবিৰ মাজতে আৱদ্ধ নাছিল; তেওঁ মানুহৰ জীৱন, হৃদয় আৰু আশাৰ অংশ হৈ পৰিছিল।
 
সুনীল গাভাস্কাৰঃ
 
ক্ৰিকেট বিশ্লেষক চি ডি ক্লাৰ্কে ১৯৮০ চনত লিখিছিল: “যেতিয়া ভাৰতে আগশাৰীৰ ক্ৰিকেট দলসমূহক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছিল, তেতিয়া এজন যুৱ বেটছমেনৰ আবিৰ্ভাৱ হৈছিল যিয়ে বিশ্বক স্তম্ভিত কৰি তুলিছিল। ‘দূৰ্বল’ দেশ এখনৰ হৈ খেলাৰ বাবেই পূৰ্বতে সম্ভৱ বুলি নভবা নতুন মানদণ্ড আৰু অভিলেখ গঢ়ি তেওঁ এটা সময়ত ভাৰতীয় ক্ৰিকেটৰ ইতিহাসৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।”
 
সুনীল গাভাস্কৰ
 
যি সময়ত ভাৰতক ক্ৰিকেটত শক্তিশালী বুলি গণ্য কৰা হোৱা নাছিল, সেই সময়ত সুনীল গাভাস্কৰ এজন নায়ক হৈ পৰিছিল। ১৯৭১ চনত বিপজ্জনক দ্ৰুত বলাৰৰ বাবে পৰিচিত শক্তিশালী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ অভিষেক ঘটায়। গাভাস্কাৰে তেওঁৰ প্ৰথমটো টেষ্ট শৃংখলাত ৭৭৪ ৰান সংগ্ৰহ কৰিছিল। এয়া আছিল টেষ্ট ক্ৰিকেটৰ যিকোনো অভিষেককাৰীৰ সৰ্বাধিক। 
 
তেওঁ ৫ খন মেচৰ ভিতৰত মাত্ৰ ৪ খনহে খেলিছিল আৰু সম্পূৰ্ণ ফিটো নাছিল। তথাপিও, তেওঁৰ গড় ১৫৪ ৰান কিংবদন্তি ডন ব্ৰেডমেনৰ পিছতে দ্বিতীয় স্থানত আছিল। তেওঁৰ কৃপাত ভাৰতে ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্ট শৃংখলা দখল কৰিবলৈ সক্ষম হয়। মানুহে উপলব্ধি কৰিছিল যে ভাৰতীয়ই যুঁজিব পাৰে আৰু জয়ী হ’ব পাৰে, আনকি শ্ৰেষ্ঠ দলৰ বিৰুদ্ধেও। 
 
এইদৰে সত্তৰৰ দশকটো গাভাস্কাৰৰ যুগ হৈ পৰিল। ভাৰতৰ প্ৰতিজন ডেকা ল’ৰাই তেওঁৰ দৰে বেটিং কৰিব বিচাৰিছিল। শচীন তেণ্ডুলকাৰ, সঞ্জয় মঞ্জৰেকাৰ, আজহাৰুদ্দিন, বিনোদ কাম্বলী আদি বহু খেলুৱৈৰ বাবে তেওঁ আদৰ্শ হৈ পৰিছিল। কিন্তু সুনীল গাভাস্কৰে ভাৰতক কেৱল ৰাণতকৈও অধিক দিলে —তেওঁ দিছিল আত্মবিশ্বাস, সাহস আৰু আশা। তেওঁ প্ৰমাণ কৰিলে যে ভাৰতীয় দলে বেগী বলাৰৰ মুখামুখি হ’ব পাৰে আৰু প্ৰতিপক্ষৰ পৰা জয় আজুৰি আনিব পাৰে।
 
এলবাৰ্ট এক্কাঃ
 
জনজাতি (আদিবাসী) সম্প্ৰদায়ৰ এজন সাহসী সৈনিক এলবাৰ্ট এক্কাই মাত্ৰ ২৯ বছৰ বয়সতে ভাৰতৰ হৈ নিজৰ প্ৰাণ আহুতি দিছিল। ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰা তেওঁ আছিল প্ৰথমজন আদিবাসী। ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ নিশা ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত এলবাৰ্টে লেফটেনেণ্ট কৰ্ণেল অ’ পি কোহলীৰ অধীনত ভাৰতীয় সেনাৰ সৈতে গংগাসাগৰত যুদ্ধ কৰি আছিল।
 
এলবাৰ্ট এক্কা
 
শত্ৰুপক্ষই শক্তিশালী মেচিনগান লৈ শক্তিশালী বাংকাৰত আত্মগোপন কৰি থকাৰ বিপৰীতে ভাৰতীয় সৈন্যৰ হাতত আছিল কেৱল ৰাইফল। এলবাৰ্টে দেখিলে যে শত্ৰুৰ মেচিনগানে বহু ভাৰতীয় সৈনিকক হত্যা কৰি আছে। তেওঁ নিৰ্ভয়ে শত্ৰুৰ ফালে দৌৰি গ’ল, বেয়নেটে (bayonet)ৰে দুজন সৈনিকক হত্যা কৰিলে আৰু মেচিনগানটো ৰখাই দিলে। প্ৰতিপক্ষৰ আঘাতত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু তেওঁ থমকি ৰোৱা নাছিল৷
 
পিছত শত্ৰুৰ আন এটা বন্দুকে এটা অট্টালিকাৰ পৰা গুলী চলাবলৈ আৰম্ভ কৰে। গুৰুতৰভাৱে আহত হ’লেও এলবাৰ্টে আগবাঢ়ি গৈ ভিতৰলৈ গ্ৰেনেড দলিয়াই দিলে আৰু তাৰ পিছত বেৰ বগাই গৈ কোঠাটোত সোমাই গুলী চলাই থকা শত্ৰুৰ সৈনিকজনক হত্যা কৰিলে। তেওঁৰ এই বীৰত্বৰ বাবে ভাৰতীয় সৈন্যই যুদ্ধত জয়ী হ’ব পাৰিছিল। দুখৰ বিষয় যে মিছন সম্পূৰ্ণ হোৱাৰ পিছতেই আলবাৰ্টৰ আঘাতৰ ফলত মৃত্যু হয়। 
 
নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদি তেওঁ শত্ৰুৰ বিৰুদ্ধে অত্যন্ত সাহসেৰে যুঁজ দিয়ে আৰু দেশৰ বাবে জীৱন ত্যাগ কৰে। এলবাৰ্ট এক্কাৰ এই ত্যাগ আৰু সাহসৰ কাহিনী আদিবাসী যুৱক-যুৱতীসকলৰ বাবে ভাৰতীয় সেনাক গৌৰৱেৰে সেৱা আগবঢ়োৱাৰ প্ৰেৰণা হৈ পৰিছিল।