নতুন দিল্লী
অহা ৯ ছেপ্টেম্বৰত হ’বলগীয়া উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে এক অধিসূচনা জাৰি কৰি মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ কৰে। অধিসূচনা অনুসৰি ২১ আগষ্টত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ, আনহাতে ২২ আগষ্টত নথি-পত্ৰসমূহৰ পৰীক্ষণ কৰা হ’ব৷
নিৰ্বাচনী যুঁজৰ পৰা নাম প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২৫ আগষ্টত ৷ জগদীপ ধনখড়ে ২১ জুলাইত স্বাস্থ্যজনিত কাৰণত উপ ৰাষ্ট্ৰপতি পদৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰাৰ পিছতে এই পদ খালী হৈ পৰে ৷ ২০২৭ চনৰ আগষ্ট মাহত ধনখড়ৰ কাৰ্যকাল শেষ হ’ব লাগিছিল ৷ সাংবিধানিক বিধান অনুসৰি মধ্যকালীন ভোটগ্ৰহণৰ ক্ষেত্ৰত বৰ্তমানৰ নিৰ্বাচিতজনে সম্পূৰ্ণ পাঁচ বছৰীয়া কাৰ্যকাল লাভ কৰে ৷
ভাৰতীয় সংবিধানৰ ৬৭ নং অনুচ্ছেদৰ বিধান অনুসৰি উপ-ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব৷
তদুপৰি, সংবিধানৰ ৬৮(২) অনুচ্ছেদৰ বিধান অনুসৰি, উপ-ৰাষ্ট্ৰপতিৰ মৃত্যু, পদত্যাগ বা অপসাৰণ বা অন্যান্য কাৰণত হোৱা খালী পদ পূৰণৰ বাবে যিমান পাৰি সিমান সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু নিৰ্বাচিত ব্যক্তিজনে কাৰ্যালয়ত প্ৰৱেশৰ তাৰিখৰ পৰা পাঁচ বছৰৰ সম্পূৰ্ণ কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ অধিকাৰী হ’ব ৷
ভাৰতৰ সংবিধানৰ ৬৬ নং অনুচ্ছেদ অনুসৰি সংসদৰ দুয়োটা সদনৰ সদস্যৰে গঠিত নিৰ্বাচক মণ্ডলীয়ে একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা আনুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থা অনুসৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে । ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচক মণ্ডলীত আছে :
ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সদস্য (বৰ্তমান পাঁচখন আসন খালী),
ৰাজ্যসভাৰ ১২ জন মনোনীত সদস্য
লোকসভাৰ ৫৪৩ জন নিৰ্বাচিত সদস্য (বৰ্তমান এখন আসন খালী)
নিৰ্বাচক মণ্ডলীত সংসদৰ দুয়োটা সদনৰ মুঠ ৭৮৮ জন সদস্য (বৰ্তমান ৭৮২ জন সদস্য) আছে ৷ যিহেতু সকলো নিৰ্বাচকেই সংসদৰ দুয়োটা সদনৰ সদস্য, গতিকে প্ৰতিজন সংসদ সদস্যৰ ভোটৰ মূল্য এক হ’ব ৷