দিল্লীত প্ৰবল বতাহ-বৰষুণৰ ফলত ব্যাহত জনজীৱন

Story by  atv | Posted by  [email protected] • 3 d ago
দিল্লীত প্ৰবল বতাহ-বৰষুণৰ ফলত ব্যাহত জনজীৱন
দিল্লীত প্ৰবল বতাহ-বৰষুণৰ ফলত ব্যাহত জনজীৱন
 
নতুন দিল্লী
 
সোমবাৰে নিশাৰ পৰা দিল্লী-এনচিআৰত অব্যাহত আছে বতাহ আৰু ধাৰাসাৰ বৰষুণ। ৰাজধানী চহৰখনত নিশা প্ৰায় ১২ বজাৰ পৰা অবিৰতভাৱে বৰষুণ দি আছে। বৰষুণৰ ফলত একাংশ অঞ্চলৰ পথ সমূহত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।
 
উল্লেখযোগ্য যে, বৰষুণে মানুহক গৰম আৰু আৰ্দ্ৰতাৰ পৰা সকাহ দিছে যদিও বাটে-ঘাটে পানী জমা হোৱাৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। ইয়াৰ পূৰ্বে শনিবাৰে দিল্লী-এনচিআৰত প্ৰচণ্ড বৰষুণ হৈছিল।
 
অৱশ্যে বতৰ বিজ্ঞান বিভাগে দেওবাৰ আৰু সোমবাৰেও বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল। দিল্লী-নয়দাৰ বহু অঞ্চলত পানী জমা হোৱাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাইজ।