Story by Munni Begum | Posted by Munni Begum • 20 h ago
স্বাধীনতা দিৱস উপলক্ষে পাকিজা শইকীয়াই প্ৰস্তুত কৰি উলিয়াইছে পৰম্পৰাগত অসমীয়া ভাপত দিয়া টেকেলী পিঠা আৰু দক্ষিণ ভাৰতৰ ইডলী
মুন্নী বেগম / গুৱাহাটী
ভাৰতৰ স্বাধীনতা দিৱস ৰং, শব্দ আৰু উদযাপনেৰে পৰিপূৰ্ণ। কিন্তু এইবাৰ বহুতে এই তালিকাত এটা নতুন কথা যোগ কৰিছে, সেয়া হ'ল ইতিহাসৰ সোৱাদ। প্ৰতি বছৰে সমগ্ৰ দেশতে চেফ, ঘৰুৱা ৰান্ধনী আৰু ৰেষ্টুৰেণ্টসমূহে ১৯৪৭ চনত স্বাধীনতাৰ সময়ত পৰিবেশন কৰা আৰু খোৱা খাদ্যৰ পৰা অনুপ্ৰাণিত হৈ এক বিশেষ স্বাধীনতা দিৱসৰ মেনু তৈয়াৰ কৰিছে। প্ৰতিবছৰৰ দৰে এইবেলিও স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ বাসিন্দা পাকিজা শইকীয়াইও প্ৰস্তুত কৰিছে বিশেষ খাদ্যৰ সম্ভাৰ।
আৱাজ-দ্য ভইচ অসম'ক পাকিজা শইকীয়াই কয়, "সাধাৰণতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ কথা শুনিলে হয়তো আমি প্ৰথমে খাদ্যৰ কথা নাভাবিব পাৰোঁ। কিয়নো প্ৰথমে আমাৰ মনলৈ পতাকা উত্তোলন, ভাষণ আৰু জাতীয় সংগীতৰ কথাহে আহে। কিন্তু ইতিহাসৰ পৰ্দাৰ আঁৰত মানুহে খাদ্য খোৱাৰ বাবেই গোট খাইছিল আৰু কাহিনী ভাগ-বতৰা কৰিছিল, পৰিকল্পনা কৰিছিল আৰু বিজয়ৰ দিনটো উদযাপন কৰিছিল। যিহেতু মইও বিগত ২৫ বছৰৰ পৰা বেকেৰীৰ কামৰ সৈতে জড়িত হৈ আছো। সেয়েহে মই প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে ঘৰতে পৰম্পৰাগত খাদ্য সামগ্ৰী প্ৰস্তুত কৰি এই দিৱস উদযাপন কৰি আহিছো। এইবেলিও 'স্বাধীনতা দিৱসৰ মেনু'ৰ বাবে মই পুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ আৰু সন্ধিয়াৰ চাহৰ বাবে বিশেষ খাদ্য প্ৰস্তুত কৰিছো।"
১৯৪৭ চনত ভাৰত এখন বেলেগ ঠাই আছিল। স্বাধীনতা আন্দোলনৰ সংগ্ৰাম আৰু বিভাজনৰ যন্ত্ৰণাৰ পৰা দেশখনে মাত্ৰ সুস্থ হৈ উঠিছিলহে। দেশখনৰ বাবে বিলাসীতা এক বিৰল বস্তু আছিল, আৰু খাদ্য সহজে উপলব্ধ আছিল যদিও সকলোবোৰ স্থানীয় সোৱাদেৰে ভৰা আছিল। বহু পৰিয়ালে বজাৰত পোৱা বস্তুৰে বা নিজৰ পথাৰত খেতি কৰা স্থানীয় বস্তুৰে ৰন্ধা-বঢ়া কৰি সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰি উলিয়াইছিল।
পাকিজাই কয় যে, "প্ৰথমতে স্বাধীনতা দিৱসত চৰকাৰী অনুষ্ঠানত নেতা আৰু অতিথিসকলক সতেজ, ঋতুভিত্তিক খাদ্য সামগ্ৰীৰে তৈয়াৰী পৰম্পৰাগত ভাৰতীয় খাদ্য ক্ৰমে দালি, ৰুটি, ভাত, বতৰৰ শাক-পাচলি, লাডুৰ দৰে পৰম্পৰাগত মিঠাই, চাহ আদি পৰিবেশন কৰা হৈছিল। এই খাদ্যবোৰ কেৱল খোৱাৰ বাবেই নাছিল, ই ভাৰতীয় সংস্কৃতিৰ প্ৰতি আত্মনিৰ্ভৰশীলতা আৰু গৌৰৱৰ প্ৰতীক আছিল। আজি বহু ঘৰ আৰু ৰেষ্টুৰেণ্টত স্বাধীনতা দিৱসৰ খাদ্যৰ তালিকা পুনৰ প্ৰস্তুত কৰা হৈছে। একাংশই ১৯৪৭ চনৰ সৰল, স্থানীয় আৰু সতেজ মূল শৈলীৰ খাদ্যবোৰত মনোনিবেশ কৰিছে। আন একাংশই আকৌ ত্ৰিৰংগা থিমটোক জীয়াই ৰাখি এক সৃষ্টিশীল টুইষ্ট যোগ কৰিছে। আনকি কোনো কোনো ৰেষ্টুৰেণ্টত কলপাত বা ধাতুৰ থালিত খাদ্য পৰিবেশন কৰি প্ৰকৃত “স্বাধীনতা যুগ”ৰ অনুভৱ কৰাও দেখা যায়। আজি এই ব্যঞ্জনবোৰ ৰান্ধি মানুহে কেৱল এসাজ আহাৰ গ্ৰহণ কৰাই নহয়, ইতিহাসৰ সৈতেও সংযোগও স্থাপন কৰিছে।"
স্বাধীনতা দিৱস উপলক্ষে পাকিজা শইকীয়াই প্ৰস্তুত কৰি উলিয়াইছে দুপৰীয়াৰ আহাৰ
পাকিজাই কয়, "সৰুৰে পৰাই মই ঘৰত স্বাধীনতা দিৱসৰ এক বিশেষ পৰিবেশ দেখা পাই আহিছো। এই দিনটোত আমাক মায়ে বগা ৰঙৰ ফ্ৰ'ক চিলাই কৰি দিয়ে আৰু দেউতাই আমাক ফিল্ডলৈ লৈ যায় আৰু আমি স্বাধীনতা দিৱস উদযাপন কৰো। একেদৰে মোৰ বিয়াৰ পিছতো মোৰ শহুৰৰ ঘৰতো মই একেই পৰিবেশে পাইছো। ইয়াতো পুৱাই পতাকা উত্তোলন কৰি কেঁচা বুট-মুগু খোৱা হয়। দিনত বিশেষ খাদ্য পৰিবেশন কৰা হয়। ইয়াৰোপৰি মোৰ স্বামী আনোৱাৰ হুছেইন শইকীয়াই বহু বছৰৰ পৰা স্বাধীনতা দিৱস তথা গনতন্ত্ৰ দিৱস আদিত কেন্সাৰ হাস্পতাললৈ গৈ ৰক্তদান কৰি উদযাপন কৰি আহিছে।"
চাবলৈ গ'লে খাদ্যই এটাতকৈ অধিক দিশত স্বাধীনতা আন্দোলনৰ অংশ আছিল। স্বদেশী আন্দোলনে ভাৰতীয়সকলক আমদানিকৃত সামগ্ৰীৰ পৰিৱৰ্তে স্থানীয় উৎপাদিত সামগ্ৰী খাবলৈ উৎসাহিত কৰিছিল। দীৰ্ঘদিনীয়া প্ৰতিবাদৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলক সামূহিক পাকঘৰৰ পৰা খাদ্য যোগান ধৰা হৈছিল আৰু সাধাৰণ খাদ্যই মানুহক আত্মনিৰ্ভৰশীলতাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছিল।