গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 1 d ago
গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহ
গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহ
 
গুৱাহাটী
 
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ আজি ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। এই কাৰ্যসূচীত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ লৈছে। প্ৰতিষ্ঠি দিৱস উপলক্ষে আয়োজিত পেৰেডত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷ 
 
 
(CRPF)ৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত চি আৰ পি এফৰ পেৰেডেৰে সম্ভাষণ জনোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক৷ সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হয় চি আৰ পি এফৰ কেতবোৰ দৃষ্টিনন্দন কৰ্মশৈলী-বেণ্ড আদিও৷ বিভিন্ন অভিযানত চি আৰ পি এফে ব্যৱহাৰ কৰা সমৰসজ্জিত অত্যাধুনিক বিভিন্ন বাহনো প্ৰদৰ্শন কৰা হয়৷ সমগ্ৰ অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন৷ যোৱানিশা শিলচৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত আজি পুৱা এই বিশেষ কাৰ্ষসূচীত ভাগ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ সৰুসজাইৰ এই কাৰ্যসূচীৰ পাছতে তেওঁ সোণাপুৰৰ কঁচুতলীলৈ যাব আৰু তাত দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷