নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু বাণিজ্য কেন্দ্ৰ ‘যশোভূমি’ৰ প্ৰথম পৰ্যায় দেশবাসীৰ নামত উচৰ্গা কৰে৷ ‘যশোভূমি’ত এটা বিশাল সন্মিলন কেন্দ্ৰ, একাধিক প্ৰদৰ্শনী হলৰ লগতে অন্যান্য সা-সুবিধা আছে। বিশ্বকৰ্মা পূজা উপলক্ষে তেওঁ পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ বাবে ‘পি এম বিশ্বকৰ্মা আঁচনি’ও মুকলি কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ ল’গ’, টেগলাইন আৰু পৰ্টেলো মুকলি কৰে। এই উপলক্ষে তেওঁ অলংকৃত ষ্টাম্প শ্বীট, সঁজুলিৰ ই-বুকলেট আৰু ভিডিঅ’ও মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত ১৮গৰাকী হিতাধিকাৰীক বিশ্বকৰ্মা প্ৰমাণ পত্ৰ বিতৰণ কৰে।
সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে গুৰু-শিষ্য পৰম্পৰা আৰু নতুন প্ৰযুক্তি শীৰ্ষক এক প্ৰদৰ্শনী পৰিদৰ্শন কৰে। যশোভূমিৰ ৩ডি আৰ্হিও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দিল্লী বিমানবন্দৰৰ মেট্ৰ’ এক্সপ্ৰেছ লাইন দ্বাৰকা ছেক্টৰ-২১ৰ পৰা নতুন মেট্ৰ’ ষ্টেচন ‘যশোভূমি দ্বাৰকা ছেক্টৰ-২৫’লৈ সম্প্ৰসাৰণৰ কাম উদ্বোধন কৰে।
এই উপলক্ষে উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক বিশ্বকৰ্মা জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় এই আঁচনি পৰম্পৰাগত শিল্পী আৰু কাৰিকৰসকলৰ নামত উচৰ্গা কৰিছে৷
সমগ্ৰ দেশৰ লাখ লাখ বিশ্বকৰ্মাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাই তেওঁ আনন্দ প্ৰকাশ কৰে। এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনী পৰিদৰ্শন কৰি শিল্পী আৰু কাৰিকৰসকলৰ সৈতে মত বিনিময় কৰাৰ মহান অভিজ্ঞতাৰ ওপৰতো তেওঁ আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক এই উপলক্ষে ৰাইজক প্ৰদৰ্শনীখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ শিল্পী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে পিএম বিশ্বকৰ্মা আঁচনিয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।
আন্তঃৰাষ্ট্ৰীয় অধিৱেশন আৰু বাণিজ্য কেন্দ্ৰ ‘যশোভূমি' সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এই ব্যাপক সুবিধা সৃষ্টিত শ্ৰমিক আৰু বিশ্বকৰ্মাসকলৰ অৱদানৰ কথা স্বীকাৰ কৰে। “আজি মই দেশৰ প্ৰতিজন শ্ৰমিকক, প্ৰতিজন বিশ্বকৰ্মালৈ ‘যশোভূমি’ উৎসৰ্গা কৰিছো”, তেওঁ কয়। আজিৰ কাৰ্যসূচীৰ সৈতে জড়িত বিশ্বকৰ্মাসকলক তেওঁ কয় যে ‘যশোভূমি’ তেওঁলোকৰ সৃষ্টিসমূহক বিশ্ব আৰু বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰা এক সজীৱ কেন্দ্ৰত পৰিণত হ’ব।
প্ৰধানমন্ত্ৰীয়ে দেশৰ দৈনন্দিন জীৱনত বিশ্বকৰ্মাসকলৰ অৱদান আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ ক্ষেত্ৰত যিমানেই উন্নতি নহওক কিয়, সমাজত সদায় বিশ্বকৰ্মাসকলৰ গুৰুত্ব বৰ্তি থাকিব। তেওঁ কয় যে বিশ্বকৰ্মাসকলক স্বীকৃতি আৰু সমৰ্থন দিয়াটো সময়ৰ প্ৰয়োজন।
মোদীয়ে কয়,“বিশ্বকৰ্মাসকলৰ সন্মান, সামৰ্থ্য আৰু সমৃদ্ধি বৃদ্ধি কৰিবলৈ চৰকাৰে অংশীদাৰ হিচাপে আগবাঢ়ি আহিছে”। শিল্পী আৰু কাৰিকৰৰ ১৮টা ক্ষেত্ৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে কাঠমিস্ত্ৰী, কমাৰ, সোণাৰি, ভাস্কৰ্য শিল্পী, মৃৎশিল্পী, মুচি, দৰ্জী, ৰাজমিস্ত্ৰী, নাপিত, ধোবা আদিক পি এম বিশ্বকৰ্মা আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বাবে ১৩,০০০ কোটি টকা ব্যয় হ’ব।