IED বিস্ফোৰণত ক্ষতিগ্ৰস্ত মণিপুৰ আৰু নাগালেণ্ড সংযোগী দলং

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল
 
মণিপুৰৰ ইম্ফল আৰু নাগালেণ্ডৰ ডিমাপুৰ সংযোগী এখন দলং বুধবাৰে ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত হয়। 
 
ৰাষ্ট্ৰীয় ঘাইপথ ২ত অৱস্থিত এই দলংখন মণিপুৰৰ কৌব্ৰু লেইখা, ছাপেৰমেইনা গাঁও আৰু কাংপকপি জিলাৰ মাজেৰে গৈছে। বুধবাৰে পুৱা প্ৰায় ১২.৪৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
 
আৰক্ষীৰ মতে, বিস্ফোৰণৰ ফলত দলংখনৰ মাজত তিনিটা গাঁতৰ সৃষ্টি হয় আৰু দুয়ো মূৰত ফাট মেলিছে। এই ঘটনাত কোনো লোক আহত বা হতাহতি হোৱাৰ খবৰ পোৱা নাই। ইফালে, ঘাইপথত গধুৰ বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে।