লাডাখৰ কৃষকসকলৰ বাবে সিন্ধু নদীৰ পানীৰ অধিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰথমটো শিলৰ বান্ধ নিৰ্মাণ ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
লাডাখ
 
লাডাখৰ কৃষকসকলৰ পানীৰ সংকট কিছু পৰিমাণে দূৰ কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত সিন্ধু নদীৰ পানীৰ অধিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। লেহৰ উপশিত থকা সিন্ধু নদীৰ ওপৰত দেশৰ প্ৰথমটো শিলৰ চেক বান্ধ (Rock Check Dam) নিৰ্মাণ কৰা হৈছে।  
 
সম্পূৰ্ণ প্ৰাকৃতিক শিল-বল্ডাৰ ব্যৱহাৰ কৰি, কোনো ধৰণৰ চিমেণ্ট ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা এই বান্ধটোৱে নদীৰ পানীৰ স্তৰ প্ৰায় ১০ ফুটলৈ বৃদ্ধি কৰিছে। ফলত বসন্তকালীন বীজ সিঁচাৰ সময়ত বহুদিন ধৰি পানীৰ অভাৱত সমস্যাত ভোগা কৃষকসকলে এতিয়া নিজৰ খেতিপথাৰত পানী যোগান ধৰিবলৈ সক্ষম হৈছে। 
 
বহু বছৰ ধৰি স্থানীয় কৃষকসকলে খেতি কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। গভীৰ গিৰিখাতৰ মাজেৰে বৈ যোৱা সিন্ধু নদীৰ পানীৰ স্তৰ বসন্তকালত ইমানেই তললৈ নামি গৈছিল যে, পানী পাম্পৰ জৰিয়তে ওপৰলৈ তুলি খেতিপথাৰত যোগান ধৰাটো সম্ভৱ হোৱা নাছিল। ইয়াৰ লগতে সিন্ধু নদীৰ পানী ব্যৱহাৰৰ ক্ষেত্ৰত থকা বিভিন্ন সীমাবদ্ধতা আৰু পানীৰ অভাৱে কৃষিভূমিসমূহ শুকান কৰি পেলোৱাৰ লগতে কৃষক সমাজৰ ওপৰত আৰ্থিক বোজাও বৃদ্ধি কৰিছিল। 
 
নতুনকৈ নিৰ্মাণ কৰা এই বান্ধটোৱে প্ৰায় ৪ কোটি লিটাৰ পানী সংৰক্ষণ কৰিব পাৰে। এই পানী ইগু ফে (Igoo Phey) জলসিঞ্চন খালৰ জৰিয়তে পানীৰ অভাৱত ভোগা গাঁৱৰ খেতিপথাৰলৈ যোগান ধৰা হৈছে।
 
এই প্ৰকল্পটোৱে স্থানীয় কৃষিক সহায় কৰাৰ লগতে এক কৌশলগত বাৰ্তাও বহন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সিন্ধু জল চুক্তি (Indus Waters Treaty) বৰ্তমান স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পই দেখুৱাইছে যে, ভাৰত এতিয়া সীমান্তৱৰ্তী অঞ্চলসমূহত সিন্ধু নদীৰ পানী ব্যৱহাৰৰ বাবে সক্ৰিয়ভাৱে আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু নদীখনৰ পানী তললৈ বৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পূৰ্বে নিজৰ সীমান্তৱৰ্তী জনসাধাৰণৰ প্ৰয়োজন পূৰণৰ ওপৰত গুৰুত্ব দিছে।
 
লাডাখ প্ৰশাসনে এতিয়া সিন্ধু নদীৰ ওপৰত এনেধৰণৰ আৰু অধিক চেক বান্ধ নিৰ্মাণৰ কাম আগবঢ়াইছে। কিছুমান স্থানত ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু আন বহু স্থানত এনে প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে।
 
ইয়াৰ অংশ হিচাপে লাডাখ প্ৰশাসনে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়লৈ কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৩৬টা চেক বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰকল্পসমূহৰ মূল লক্ষ্য হৈছে লাডাখৰ জল সুৰক্ষা শক্তিশালী কৰা আৰু জলসিঞ্চনৰ সম্ভাৱনা বৃদ্ধি কৰা।
 
প্ৰস্তাৱিত ৩৬টা প্ৰকল্পৰ ভিতৰত লেহ অঞ্চলত ৭টা হিমালয়ান ৰক চেক বান্ধ আৰু কাৰ্গিল অঞ্চলত ২৯টা আৰচিচি চেক বান্ধ বা ৱেয়াৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই সমগ্ৰ প্ৰকল্পসমূহৰ আনুমানিক ব্যয় ৫৬ কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে।