নতুন দিল্লী
ভাৰত আৰু চীনে যি সময়ত তেওঁলোকৰ মাজৰ সম্পৰ্ক ভাৰ কৰাৰ দিশত কাম কৰি আছে, সেই একেসময়তে ভাৰত চৰকাৰে চীনা পৰ্যটকৰ ভিছা পুনৰ আৰম্ভ কৰাৰ দিশতো কাম কৰি আছে। সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ভাৰতে পাঁচ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ কাম পুনৰ আৰম্ভ কৰিব।
বেইজিঙত থকা ভাৰতীয় দূতাবাসৰ উদ্ধৃতি দি প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি এই নবীকৰণ বৃহস্পতিবাৰ অৰ্থাৎ ২৪ জুলাইৰ পৰা আৰম্ভ কৰা হ’ব। চীনৰ সংবাদ মাধ্যম দ্য গ্ল’বেল টাইমছে চীনত থকা ভাৰতীয় দূতাবাসে ৱেইব’ত কৰা এই পোষ্টটো শ্বেয়াৰ কৰিছে।
ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত ভাৰতীয় দূতাবাসে জাৰি কৰা পোষ্টটোত উল্লেখ কৰিছে যে, ২০২৫ চনৰ ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকে ভাৰত ভ্ৰমণৰ বাবে পৰ্যটন ভিছাৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকে প্ৰথমে ৱেব লিংকত অনলাইনযোগে ভিছা আবেদন পত্ৰ পূৰণ কৰি প্ৰিন্ট কৰি তাৰ পিছত ৱেব লিংকত এপইণ্টমেণ্ট ল’ব লাগিব। তাৰ পিছত তেওঁলোকে আবেদন দাখিল কৰিবলৈ পাছপ’ৰ্ট ভিছাৰ আবেদন পত্ৰ আৰু আন আন আনুষংগিক নথি-পত্ৰ লৈ যাব লাগিব।
২০২০ চনত ভাৰতে ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সকলো পৰ্যটকৰ ভিছা বন্ধ কৰি দিয়া হৈছিল। কিন্তু ২০২২ চনৰ এপ্ৰিল মাহত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাই (আইএটিএ) এক জাননী জাৰি কৰিছিল, য’ত কোৱা হৈছিল যে, চীনৰ নাগৰিকৰ বাবে সকলো পৰ্যটন ভিছা আৰু বৈধ নহ’ব। মহামাৰীৰ পিছত চীনে প্ৰায় ২২ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দেশত পুনৰ প্ৰৱেশ সীমিত কৰাৰ পিছত এই পদক্ষেপ হিচাপে লোৱা হৈছিল।
ইয়াৰ উপৰিও ভাৰত আৰু চীন দুয়োখন দেশে ২০২৫ চনৰ জানুৱাৰী মাহত বেইজিং আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বাণিজ্যিক বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু চীনেও এইবাৰ ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে পশ্চিম তিব্বতৰ মাউণ্ট কৈলাশ আৰু মানসৰোৱৰ যাত্ৰা আৰম্ভ কৰিবলৈ সন্মত হয়।