পশ্চিমবংগ, বাংলাদেশতো শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰভাৱ, সাহিত্য-সংস্কৃতিৰ চৰ্চা

Story by  atv | Posted by  [email protected] • 2 Years ago
শ্ৰীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ

আৱাজ দ্য ভইচ অসম, গুৱাহাটী

জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰভাৱে অসমৰ সীমা অতিক্ৰম কৰি পশ্চিমবংগ আৰু বাংলাদেশতো অনুগামীৰ হৃদয়ত স্থান দখল কৰিছে।পশ্চিমবংগ আৰু ইয়াৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো শেহতীয়াকৈ গুৰুজনাৰ বৈষ্ণৱ আদর্শ, বহুমূলীয়া সাহিত্য-সংস্কৃতিৰ চৰ্চা বৃদ্ধি পাইছে।

অসমৰ পঞ্চদশ শতিকাৰ প্ৰখ্যাত ধৰ্ম আৰু সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন আৰু চহকী সৃষ্টিৰাজিৰ চৰ্চাৰে এতিয়া অসমৰ এই চুবুৰীয়া অঞ্চলসমূহৰ নামঘৰসমূহো মুখৰ হ'বলৈ ধৰিছে।

মনকৰিবলগীয়া বিষয়টো হ'ল যে, কেৱল হিন্দুসকলেই নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ বিৰচিত সাহিত্য-সংস্কৃতিৰ প্ৰতি বালাংদেশৰ অজস্ৰ মুছলমান লোকো আকৃষ্ট হৈছে।এক অৰ্থত বাংলাদেশৰ অনুগামীৰ মাজত সৰ্বগুণাকৰ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সার্বজনীন ৰূপ লাভ কৰা দেখা গৈছে।

এই ক্ষেত্ৰত আগভাগ লৈছে বাংলাদেশৰ শংকৰদেৱ ফাউণ্ডেচনে।দেশখনত একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা এই সংগঠনটোৰ অবিৰত প্ৰচেষ্টাৰ বাবেই তাত এনে এক সুন্দৰ পৰিবেশ বিৰাজ কৰিছে।শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ অমৰ সৃষ্টিক বাংলাদেশৰ সাহিত্য-সংস্কৃতিৰ সৈতে সংযোগ কৰাৰ বাবে গুৰু দুজনাৰ অমৰ সৃষ্টি আৰু কৰ্মৰাজিক অনুগামীৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত শংকৰদেৱ ফাউণ্ডেচনে বিভিন্ন পদক্ষেপ হাতত লৈছে।

শ্ৰীমন্ত শংকৰদেৱ চেতনা সমিতিৰ উদ্যোগত নামঘৰৰ লাইখুটা স্থাপনৰ মূহুৰ্ত

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সোমবাৰে বাংলাদেশৰ গাজীপুৰত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এইপর্যন্ত বাংলা ভাষাত প্ৰকাশ কৰা হৈছে ৬ খনকৈ গ্রন্থ।

শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত বাংলাদেশত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰধান উদ্যোক্তা হৈছে সুবোধ চন্দ্র দাস। শংকৰদেৱ-মাধৱদেৱৰ ব্যক্তিত্ব আৰু নামধৰ্মক লৈ তেওঁ ইতিমধ্যে শংকৰদেৱ ও আসামেৰ ভক্তি আন্দোলন', শ্রীশ্রীমাধবদেৱ ও আসামেৰ ভক্তি আন্দোলন', 'মহাপুৰুষীয়া কল্যাণসূত্রম শীর্ষক গ্রন্থও ৰচনা কৰি প্ৰকাশ কৰি উলিয়াইছে।তেওঁৰ আৰু এখন গ্রন্থ প্রকাশৰ অপেক্ষাত আছে।গ্ৰন্থখন হৈছে'শ্রীমন্ত শংকৰদেৱ ও কামৰূপীয় বৈষ্ণৱ সাহিত্য'।

শংকৰদেৱ ফাউণ্ডেচনৰ আৰু এগৰাকী উদ্যোক্তা হৈছে পার্থসাৰথি।তেওঁ 'আসামেৰ ভক্তি আন্দোলন ও সত্ৰীয়া শিল্পকলা' আৰু 'পৰম ভাব ও আলাপ' নামৰ দুখন গ্রন্থও লিখি উলিয়াইছে ।

উল্লেখ্য যে, শংকৰদেৱ ফাউণ্ডেচনৰ সৈতে বাংলাদেশৰ ১০ টা অসমীয়া পৰিয়াল জড়িত হৈ আছে।এই  পৰিয়ালসমূহৰ পূৰ্বপুৰুষে ব্ৰিটিছৰ সময়ত কৰ্মসূত্রে বাংলাদেশৰ বিভিন্ন প্ৰান্তত বাস কৰিছিল।এই পৰিয়াল কেইটাই গাজীপুৰত নামঘৰ প্ৰতিষ্ঠা কৰাৰ লগতে শংকৰদেৱ ফাউণ্ডেচন গঢ়ি তুলি একশৰণ নামধৰ্মৰ প্ৰচাৰত আত্মনিয়োগ কৰিছে।

নামঘৰৰ গুৰু আসনৰ সন্মুখত তেওঁলোকে নিয়মিতভাৱে নাম-প্ৰসংগ কৰে।লক্ষণীয়ভাৱে, এই সকলো অনুষ্ঠানত মুছলমান সম্প্রদায়ৰ লোকেও সহায়-সহযোগিতা কৰিবলৈ আগুৱাই আছে।প্রসংগতঃ উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱৰ একান্ত অনুগত তথা বাংলাদেশৰ শংকৰী কৃষ্টি সাধক সুবোধ চন্দ্ৰ দাসৰ পৈতৃক ঘৰ অসম নহয়, বাংলাদেশহে।তেওঁ বাংলাদেশত থকা অসমীয়া, মূলীয় হিন্দু লোকসকলৰ মাজত বৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰি অত্যধিক উৎসাহ অনুভৱ কৰে।

শ্ৰীমন্ত শংকৰদেৱ চেতনা সমিতিৰ উদ্যোগত গ্ৰন্থ উন্মোচনী অনুষ্ঠান, কলকাতাত

ইফালে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা শংকৰী সংস্কৃতি আৰু নব্য বৈষ্ণৱ ধৰ্মই পশ্চিমবংগবাসীকো প্ৰভাৱান্বিত কৰিছে।কলকাতাৰ ওচৰৰ দক্ষিণ ২৪ পৰগনাৰ দুজন বঙালী সম্প্ৰদায়ৰ লোকে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ শেহতীয়াকৈ নামঘৰ আৰু সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে ভূমি দান কৰিছে।এই নামঘৰ আৰু সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰই শ্ৰীমন্ত শংকৰদেৱৰ অনন্য কৰ্মৰাজি যেনে, অংকিয়া নাট, ভাওনা  মুখাভিনয়, পাল নাম, বৰগীত আৰু প্ৰখ্যাত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ কৰিব।

শংকৰদেৱৰ কলা-সংস্কৃতিক অসমৰ সীমা পাৰ কৰাই পশ্চিম বংগত প্ৰতিষ্ঠিত কৰাৰ আঁৰত আছে দুগৰাকী বঙালী লোক।তেওঁলোকৰ এজন হৈছে মেঘালয়ৰ তুৰাৰ প্ৰবীৰ দাস, আৰু আনজন হৈছে ত্ৰিপুৰাৰ সুজিত চক্ৰৱৰ্তী।

যদিও শংকৰদেৱে জীৱনৰ এছোৱা কাল পশ্চিম বংগৰ কোচবিহাৰত থাকি মধুপুৰ সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাতে মৃত্যুবৰণ কৰিছিল, তথাপি পশ্চিম বংগৰ বাবে শংকৰদেৱ সামগ্ৰিকভাৱে এগৰাকী অখ্যাত ব্যক্তি আছিল।

২০১৬ চনত কলকাতাত সাহিত্যিক গুৰু পদ বিশ্বাস(বৰ্তমান প্ৰয়াত)ক সভাপতি হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ চেতনা সমিতি গঠন কৰা প্ৰবীৰ দাস আৰু সুজিত চক্ৰৱৰ্তীয়ে শংকৰদেৱৰ বহুমুখী প্ৰতিভাত মুগ্ধ হৈ পৰিছিল আৰু তেওঁলোকৰ মতে শংকৰদেৱ কেৱল বংগতে নহয় ভাৰতৰ অন্যান্য প্ৰান্ততো জনাজাত হ’ব লাগে।এই সকলোবোৰ কেনেকৈ আৰম্ভ হ’ল সেই কথা বৰ্ণনা কৰি দাসে কয় যে তেওঁ গুৱাহাটীত পঢ়ি থকা সময়ত শংকৰদেৱৰ বিষয়ে জানিব পাৰিছিল।অসমীয়া ভাষাত লিখা শংকৰদেৱৰ সৃষ্টিৰাজি তেওঁ প্ৰথমে বুজি পোৱা নাছিল।

"মই লাহে লাহে ভাষাটো বুজিবলৈ আৰম্ভ কৰিলোঁ আৰু বন্ধু-বান্ধৱীক মই বুজিব নোৱাৰা কথাখিনি অনুবাদ কৰিবলৈ ক'লোঁ।শংকৰদেৱৰ বহুমুখী ব্যক্তিত্বৰ প্ৰতি মই ইমানেই আকৰ্ষিত হৈছিলো, যে মই তেওঁক অৰবিন্দ ছ'চাইটিৰ অন্তৰ্গত এদল বঙালীৰ লগত চিনাকি কৰাই দিয়াটো মোৰ মিছন হিচাপে গ্ৰহণ কৰিছিলো।মইও এই ছ'চাইটিৰ এজন সদস্য”।

"২০১৬ চনত মই নগাঁৱৰ বৰদোৱা থানলৈ গৈছিলো আৰু তাতেই সঞ্জীব বৰকাকতিক লগ পাইছিলোঁ, যিয়ে ছ'চাইটি অৱ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠা কৰিছে।এই ছ'চাইটিয়ে ভাৰত আৰু বিদেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰৰ ক্ষেত্ৰত বহু ভাল কাম কৰি আছে।তেওঁ শংকৰদেৱৰ বিষয়ে সবিশেষ মোৰ আগত বৰ্ণনা কৰিছিল আৰু শংকৰদেৱৰ বিভিন্ন গ্ৰন্থ দি মোক সহায় কৰিছিল।’-দাসে কয়।

উল্লেখ্য যে, কলা-সংস্কৃতিৰ কেন্দ্ৰ নগাঁওৰ বৰদোৱা বা বৰদোৱা সত্ৰত অসমৰ নব্য বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।দাসে কয় যে তেওঁক আটাইতকৈ বেছি আকৃষ্ট কৰা কথাটো আছিল শংকৰদেৱৰ দূৰদৰ্শীতা।“মহাপুৰুষজনাই কৈছিল যে এজোপা গছ ১০০ সন্তানৰ সমান, যিটো আজিৰ যুগত কিমান প্ৰাসংগিক, সকলোৱে জানে।প্ৰায় ৫০০ বছৰ পূৰ্বে শংকৰদেৱে যেতিয়া এই কথা কৈছিল তেতিয়া অসমৰ বেছিভাগ স্থান বনাঞ্চলেৰে আবৃত আছিল।তথাপি, তেওঁ গছ আৰু প্ৰকৃতিৰ গুৰুত্বৰ কথা উপলব্ধ কৰিছিল।" দাসে কয়।

"শংকৰদেৱৰ আন এটা কথাই মোৰ হৃদয়ত স্থান পাইছিল, সেয়া হ’ল নাটক, সংগীত আৰু নৃত্যত মূৰ্ত হৈ থকা তেওঁৰ বৌদ্ধিক চিন্তা।তেওঁ এটা দৰ্শনৰ ওপৰত ভিত্তি কৰি এক সামাজিক-ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল, যিয়ে সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত সমতাৰ আহ্বান জনাইছিল।তেওঁ সঁচাকৈয়ে আছিল অনন্য প্ৰতিভাৰ অধিকাৰী।" দাসে পুনৰ কয়।

প্ৰবীৰ দাসে উল্লেখ কৰে যে কলকাতাৰ গোলপাৰ্ক ৰাম কৃষ্ণ মিছনত তেওঁ শংকৰদেৱৰ বিষয়ে কৈছিল আৰু তেতিয়া সেই মিছনৰ মূৰব্বী সন্ন্যাসীজনে শংকৰদেৱৰ জীৱনীত হাত থৈ শংকৰদেৱক সন্মান জনাইছিল আৰু অসমৰ মহান পুৰুষজনাক লৈ প্ৰায় ৪৫ মিনিটৰ এটা বক্তৃতা প্ৰদান কৰিছিল।