পাহলগামৰ সকলো পৰ্যটন অংশীদাৰৰ বাবে QR ক’ড ভিত্তিক চিনাক্তকৰণ ব্যৱস্থা মুকলি জম্মু-কাশ্মীৰৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
শ্ৰীনগৰ 
 
যোৱা বছৰ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা মাৰাত্মক আক্ৰমণৰ ফলত জোকাৰি যোৱা পহলগামত পৰ্যটকৰ সুৰক্ষাৰ বাবে জম্মু-কাশ্মীৰৰ কৰ্তৃপক্ষই সকলো পৰ্যটন সেৱা প্ৰদানকাৰীৰ বাবে এক অনন্য QR ক’ড ভিত্তিক চিনাক্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।
 
বিষয়াসকলে জনোৱা মতে, এই ব্যৱস্থাই পনি-ৰাইড অপাৰেটৰ, হকাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাহিৰৰ বিক্ৰেতাকে ধৰি প্ৰকৃত আৰু পঞ্জীয়নভুক্ত সেৱা প্ৰদানকাৰীসকলক সহজে চিনাক্ত আৰু পৰীক্ষণ কৰিবলৈ সক্ষম হব।
 
যোৱা বছৰৰ ২২ এপ্ৰিলত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত কঁপাই যোৱা অনন্তনাগ জিলাৰ জনপ্ৰিয় পৰ্যটনস্থলীলৈ অহা লোকসকলৰ আত্মবিশ্বাস ঘূৰাই অনাৰ বাবে এই পদক্ষেপক এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
 
বৈছাৰণৰ উপত্যকাত সংঘটিত হোৱা এই আক্ৰমণত ২৫ জন পৰ্যটকৰ লগতে স্থানীয় পনি ৰাইড অপাৰেটৰ এজনৰ মৃত্যু হৈছিল। এজন বিষয়াই কয় যে, “প্ৰতিগৰাকী সেৱা প্ৰদানকাৰীক আৰক্ষীৰ দ্বাৰা সঠিকভাৱে পৰীক্ষা কৰা হৈছে, কৰ্তৃপক্ষই পঞ্জীয়ন কৰিছে আৰু এটা অনন্য QR ক’ড প্ৰদান কৰা হৈছে য’ত সেই ব্যক্তিজনৰ ব্যক্তিগত তথ্য আৰু অন্যান্য সবিশেষ সন্নিবিষ্ট কৰা হৈছে।”
 
যেতিয়া পৰ্যটকে মোবাইল ফোনেৰে ক’ড স্কেন কৰে তেতিয়া তেওঁলোকে সংশ্লিষ্ট ব্যক্তিজনৰ সম্পূৰ্ণ তথ্য পৰীক্ষা কৰিব পাৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
 
এই পদক্ষেপে এক সঠিক আৰু পঞ্জীয়নভুক্ত চিনাক্তকৰণ ব্যৱস্থা হিচাপে কাম কৰে, যিয়ে প্ৰৱঞ্চনা ৰোধ কৰিব আৰু কোনো অকৰ্তৃত্বশীল ব্যক্তিয়ে যাতে কাম নকৰে বা পৰ্যটনৰ সৈতে জড়িত বুলি দাবী নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি তেওঁলোকে কয়।
 
এই ব্যৱস্থাই পৰ্যটন প্ৰদানকাৰীক চিনাক্ত কৰাত সহায় কৰে আৰু দৰ্শনাৰ্থীসকলে কোনো অনুমোদিত সেৱা প্ৰদানকাৰীৰ সৈতে লেনদেন কৰাটো নিশ্চিত কৰে। এজন ব্যক্তিক বিশ্বাস কৰাৰ আগতে পৰ্যটকসকলে QR ক’ড স্কেন কৰি সেই ব্যক্তিজনৰ বিষয়ে সবিশেষ পৰীক্ষা কৰিব পাৰে।
 
এজন বিষয়াই কয় যে, ইয়াৰ দ্বাৰা তেওঁলোকে সেৱা প্ৰদানকাৰীৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাত সহায় কৰিব, যাৰ ফলত তেওঁলোকৰ আস্থা বৃদ্ধি পাব আৰু লগতে নিৰাপত্তাৰ পৰিৱেশ উন্নত হ’ব।
 
কিউআৰ ক’ডত সেৱা প্ৰদানকাৰীৰ নাম, পিতৃ-মাতৃ, বিশদ ঠিকনা, মোবাইল নম্বৰ, আধাৰ নম্বৰ, পঞ্জীয়ন নম্বৰ, অপাৰেচনেল ৰুট, আৰু তেওঁ আৰক্ষীৰ দ্বাৰা পৰীক্ষা কৰা হৈছে নে নাই সেই বিষয়ে উল্লেখ আছে বুলি বিষয়াসকলে জনায়।
 
পৰ্যটনৰ অংশীদাৰসকলে এই পদক্ষেপক আদৰণি জনাইছে, সেৱা প্ৰদানকাৰীসকলৰ প্ৰামাণ্যতা আৰু পৰ্যটকৰ সুৰক্ষাৰ বাবে ইয়াক এক ভাল পদক্ষেপ বুলি অভিহিত কৰিছে। তেওঁলোকে কয় যে এই পদক্ষেপে দৰ্শনাৰ্থীৰ আস্থা লাভ কৰাত সহায় কৰিব। 
 
সেৱা প্ৰদানকাৰী গোলাম হাছানে কয় যে, "যোৱা বছৰৰ আক্ৰমণৰ পিছত সামগ্ৰিক নিৰাপত্তা শক্তিশালী হৈছে। সেৱা প্ৰদানকাৰীৰ ক্ষেত্ৰত যিমানদূৰলৈকে নথিপত্ৰ পৰীক্ষণৰ পিছত আমাক QR ক’ড দিয়া হৈছে; আমাৰ আধাৰ নম্বৰসমূহো লিংক কৰা হৈছে।"
 
হাছানে কয়, "আমাৰ সকলো সবিশেষ, ঠিকনা আদি তাত আছে, যিবোৰ স্থানীয় আৰক্ষী থানাৰ সৈতে সংযুক্ত। নিৰাপত্তা বাহিনীয়ে সময়ে সময়ে আমাৰ QR ক'ড পৰীক্ষা কৰে যাতে কেৱল প্ৰকৃত, পঞ্জীয়নভুক্ত, আৰু সঠিকভাৱে পৰীক্ষা কৰা সেৱা প্ৰদানকাৰীয়েহে কাম কৰি আছে।"
 
নাম প্ৰকাশ নকৰা আন এজন সেৱা প্ৰদানকাৰীয়ে কয় যে, পনি-ৰাইড অপাৰেটৰ, ফটোগ্ৰাফাৰ, বিক্ৰেতা আদিকে ধৰি পহলগামত কাম কৰা সকলো সেৱা প্ৰদানকাৰীকে সঠিক পৰীক্ষণৰ পিছত তেওঁলোকৰ ব্যক্তিগত তথ্য থকা এক অনন্য QR ক’ড প্ৰদান কৰা হৈছে।
 
তেওঁলোকে কয়, "পৰ্যটকসকলে নিৰাপদ অনুভৱ কৰিব, কিয়নো তেওঁলোকৰ হাতত সেৱা প্ৰদানকাৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য থাকিব। এইটো এটা ভাল পদক্ষেপ যিয়ে পৰ্যটকৰ সুৰক্ষা আৰু শক্তিশালী কৰিব।"
 
বিষয়াসকলৰ মতে, জীৱিকা উপাৰ্জনৰ বাবে ইয়ালৈ অহা জম্মু-কাশ্মীৰৰ বাহিৰৰ পৰা অহা বিক্ৰেতাসকলকো আৰক্ষীৰ দ্বাৰা সঠিকভাৱে পৰীক্ষা কৰা হৈছে, যাতে কোনো ধৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নহয়।