মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ট্ৰেক্টৰত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন জে পি নাড্ডাৰ

Story by  atv | Posted by  [email protected] • 14 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ট্ৰেক্টৰত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন জে পি নাড্ডাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ট্ৰেক্টৰত উঠি বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন জে পি নাড্ডাৰ
 
গুৱাহাটী
 
কিছু পলমকৈ হ'লেও উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা। বুধবাৰে পুৱাই তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগী কৰি ৰাওনা হয় শিৱসাগৰ, চৰাইদেউৰ বান পৰিস্থিতি পৰ্যবেশক্ষণ কৰিবলৈ।
 
তেওঁ পুৱা প্ৰায় ৯-১৫ বজাত নেপালীখুঁটিৰ কেইবাটাও আশ্ৰয় শিবিৰত থকা পৰিয়ালৰে মত-বিনিময় কৰে। ট্ৰেক্টৰত উঠি চণ্টক, নেপালীখুঁটি আদি এলেকা পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তসকলৰ মনৰ বুজ লয় নাড্ডাই।
 
উল্লেখযোগ্য যে, তেওঁৰ এই পৰিদৰ্শনকালত সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘালে। লগতে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, অসম ভ্ৰমণ সামৰি তেওঁ যাব নাগালেণ্ডলৈ।