অসমীয়া সাহিত্য জগতত গভীৰ শোকৰ ছাঁ: ‘জাতীয় কবি’ আনিছ উজ জামানৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 h ago
জাতীয় কবি’ আনিছ উজ জামান
জাতীয় কবি’ আনিছ উজ জামান
 
গুৱাহাটী
 
অসমীয়া সাহিত্য জগতলৈ এক গভীৰ শোকৰ বাৰ্তা। বিশিষ্ট কবি তথা অনুবাদক আনিছ উজ জামান আৰু নাই। দেওবাৰে পুৱা ৪.৩০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত বৰেণ্য কবিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতে বহু গুণমুগ্ধ আৰু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।
 
অসমীয়া কবিতা আৰু অনুবাদ সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেত চিৰস্মৰণীয় হৈ ৰ'ব। সাহিত্যিকগৰাকীয়ে তেওঁৰ জীৱনকালত কেইবাটাও সন্মানীয় বঁটা আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ (২০২১), গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা (২০২২), অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা (২০২৩) আৰু গণেশ গগৈ বঁটা (২০২৪) বিশেষভাৱে উল্লেখযোগ্য।
 
স্মৰ্তব্য যে, তেখেতৰ অতুলনীয় সৃষ্টিৰাজিৰ স্বীকৃতিস্বৰূপে অসম সাহিত্য সভাই জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ পিছত ২০২৪ বৰ্ষত কবি আনিছ উজ জামানক ‘জাতীয় কবি’ সন্মানেৰে বিভূষিত কৰিছিল।
 
তেখেতৰ বিয়োগত ৰাজ্যৰ সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।