Thu Jul 17 2025 4:18:55 PM
  • Follow us on
  • Subcribe

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Years ago
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমহা পৰিৱেশ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমহা পৰিৱেশ
 
গুৱাহাটী

চলিত পর্যটন বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। অসম চৰকাৰৰ বনবিভাগৰ এক তথ্য অনুসৰি, ১৯৯৬-৯৮ পর্যটন বৰ্ষত কাজিৰঙালৈ অহা পর্যটক আছিল ১৮,৩৮২গৰাকী। ইয়াৰ পৰা কাজিৰঙাই অৰ্জন কৰিছিল ১৭ লাখ টকা। 
 
ইয়াৰ বিপৰীতে ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা হৈছে ৩,২৭,৪৯৩ গৰাকী।  ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় আৰু ১৩,৯১৯ গৰাকী বিদেশী পর্যটক। এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে অৰ্জন কৰে মুঠ ৮,৮১,৮৪,১৬১ টকা। 
উল্লেখ্য যে, ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী- বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকা ৰাজহ অৰ্জন কৰিবলৈসক্ষম হৈছিল। অর্থাৎ পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ ১২,৬৯৭জন দেশী-বিদেশী পর্যটক বৃদ্ধি পোৱাৰ উপৰি ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহো অৰ্জন কৰে।