দৃষ্টিহীনক দৃষ্টি দিয়া ডাঃ পাৰভিজ উবেদৰ বৈপ্লৱিক যাত্ৰা

Story by  Pallab Bhattacharyya | Posted by  [email protected] • 14 h ago
দৃষ্টিহীনক দৃষ্টি দিয়া ডাঃ পাৰভিজ উবেদ
দৃষ্টিহীনক দৃষ্টি দিয়া ডাঃ পাৰভিজ উবেদ
 

 পল্লৱ ভট্টাচার্য

যোৱা ১০ জুলাইৰ দিনটো উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ দিন হিচাপে পৰিগণিত হৈ ৰ'ব। কিয়নো সেই দিনটোতে ডাঃ পাৰভিজ উবেদে ইআৰচি আই কেয়াৰৰ ৭সংখ্যক হাব হাস্পতাল (7th Hub Hospital of ERC Eye Care) এখন বঙাইগাঁও জিলাৰ অভয়াপুৰীত উদ্বোধন কৰে।ৰাজীৱ ভবনৰ ওচৰৰ মূল পথত পুৱা ১১ বজাত আৰম্ভ হোৱা এই অনুষ্ঠান কেৱল এক নতুন হাস্পতাল মুকলি হোৱা উৎসৱ নহয়—এয়া হৈছে এজন সমাজ উদ্যোগীৰ ৰূপান্তৰকাৰী দৃষ্টিভংগীৰ প্ৰতীক।

যোৰহাটত জন্ম গ্ৰহণ কৰা ডাঃ পাৰভিজ উবেদে ২০০৭ চনত গুৱাহাটী মেডিকেল কলেজত চকু বিশেষজ্ঞ হিচাপে অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত এটা ডাঙৰ সিদ্ধান্ত লৈছিল, যিয়ে কিছু বছৰৰ ভিতৰত হাজাৰ হাজাৰ মানুহৰ জীৱন সলনি কৰিছিল। তেওঁৰ সহপাঠীসকলে বিদেশৰ ডাঙৰ চহৰলৈ ডাঙৰ চাকৰিৰ বাবে গুচি যোৱা সময়তে ডাঃ উবেদে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ সমস্যাবোৰ গভীৰভাৱে বুজি নিজৰ ৰাজ্যত থাকি নাগৰিকসকলৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে। 

২০১১ চনৰ জুন মাহত মাকৰ পৰা মাত্ৰ ৪ লাখ টকা লৈ এটা ERC আই কেয়াৰ প্ৰতিষ্ঠা কৰি তেওঁৰ উদ্যোগিক যাত্ৰা আৰম্ভ কৰিছিল। নিজৰ ঘৰৰ পাকঘৰটো তেওঁ আই কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰিছিল। এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে আৰম্ভ হোৱা এই প্ৰয়াস এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ২৬৭ জন ফুল-টাইম আৰু ১৯০ জন পাৰ্ট-টাইম কৰ্মচাৰীসহ এক ফিজিটেল (physical + digital) আই কেয়াৰৰ বৃহৎ নেটৱৰ্কলৈ পৰিবৰ্তিত হৈছে।

ডাঃ উবেদৰ উদ্যোগে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ এক গুৰুত্বপূর্ণ অভাৱ পূৰণ কৰিবলৈ সমৰ্থ হৈছে। অসমত দৃষ্টিহীনতাৰ প্ৰাদুৰ্ভাব ৰাষ্ট্ৰীয় গড় ১.৯৯%ৰ তুলনাত ৩.০৩ শতাংশ—ইয়াৰ প্ৰায় ৯২% অন্ধতা ৰোধ কৰিব পৰা যায়। 
 

প্ৰধানমন্ত্ৰীৰ পৰা এটা বঁটা গ্ৰহণৰ সময়ত ডাঃ পাৰভিজ উবেদ
 
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতৰ যিসকল লোক কেটাৰেক্টত ভুগে, তাৰে ১৮.৮% কেৱল অসমৰ। অঞ্চলটোৰ বিভিন্ন সমস্যা আছে যেনে বেয়া ৰাস্তা, দুৰ্গম ভূ-প্ৰকৃতি, তথ্যৰ অভাৱ, সামগ্ৰিক স্বাস্থ্য অৱস্থাৰ অবনতি আৰু সংগীৰ অভাৱে চকুৰ চিকিৎসা সেৱাৰ বিস্তাৰত ডাঙৰ বাধাৰ সৃষ্টি কৰে। অসমত প্ৰতি ১ লাখ লোকৰ মাজত কেৱল ০.৬ জন চকু বিশেষজ্ঞ আছে। ই ৰাষ্ট্ৰীয় গড়তকৈ বহুত কম আৰু ইয়াৰ ফলত সুলভ চকু স্বাস্থ্যসেৱাত বাধাৰ সৃষ্টি হয়।

ডাঃ উবেদৰ উদ্যোগিক প্ৰতিভা তেওঁৰ উদ্ভাৱনী ‘হাব-এণ্ড-স্পোক’ ব্যৱসায় মডেল (hub-and-spoke business model)ত পৰিলক্ষিত হয়। চহৰত অৱস্থিত কেন্দ্ৰীয় হস্পিতালত বহুসংখ্যক ৰোগীৰ সমাগম ঘটে আৰু এই ৰোগীসকলৰ গৰিষ্ঠ সংখ্যক অৰ্থনৈতিকভাবে অৱস্থাপন্ন ব্যক্তি। 

ইয়াত উপাৰ্জন হোৱা অৰ্থৰ এক অংশ সীমান্তবৰ্তী গাওঁৰ দৰিদ্ৰ লোকসকলৰ চকু চিকিৎসাত বিনামূলীয়াকৈ ব্যয় কৰা হয় আৰু এই মডেলৰ জৰিয়তে স্বাস্থ্য সেৱাৰ তিনিটা মুখ্য সমস্যা যেনে স্বল্পব্যয়, সহজলভ্যতা আৰু উপলব্ধতাৰ সমাধান হয়।

বৰ্তমানলৈকে ডাঃ উবেদে অসমত ৭ খন ‘হাব হাস্পতাল’ শল্য চিকিৎসা আৰু আধুনিক সুবিধাৰে সজ্জিত মুখ্য কেন্দ্ৰ হিচাবে স্থাপন কৰিছে। এই কেইখন শিৱসাগৰ (২০১৫), নগাঁও, শিলচৰ, গুৱাহাটী, তেজপুৰ, বকো (ষষ্ঠ হাস্পতাল, জানুৱাৰী ২০২৫ত)আৰু অভয়াপুৰীত(সপ্তম হাস্পতাল, জুলাই ২০২৫) স্থাপন কৰা হৈছে। 
 

কৰ্তব্যৰ সয়মত ডাঃ পাৰভিজ উবেদ
 
‘স্পোক চেণ্টাৰ’ অৰ্থাৎ পিছপৰা কেন্দ্ৰবিলাক ছেটেলাইট ভিছন চেণ্টাৰ আৰু মোবাইল ইউনিটৰ দ্বাৰা সজ্জিত আৰু এই ব্যৱস্থাই দুৰ্গম অঞ্চললৈ প্ৰাথমিক চকু চিকিৎসা সেৱা লৈ যোৱাত সহায়ক হয়।

ইয়াৰ বাহিৰেও ডিজিটেল মাধ্যম, AI আৰু IoT প্ৰযুক্তি ব্যৱহাৰ কৰি ডাঃ উবেদে ‘erclens.com’ ৱেবৰ এক প্লেটফৰ্মৰ সৃষ্টি কৰিছে। এই প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ ফলত দূৰ-দূৰণিৰ দূৰ্গম স্থানত বসবাস কৰা ৰোগীসকলেও চকু চিকিৎসা সেৱা পাবলৈ সমৰ্থ হৈছে। 

ফলস্বৰূপে ডাঃ উবেদৰ এই নতুন আৰ্হিয়ে তেওঁৰ erclens কোম্পানীক বিশ্বৰ প্ৰথম ‘ফিজিটেল’ (physical + digital) আই কেয়াৰ কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ডাঃ উবেদৰ আন এক বৈশিষ্ট হʼল নিজকে চিকিৎসকৰ পৰা সমাজ উদ্যোগীলৈ ৰূপান্তৰিত কৰা। এই প্ৰক্ৰিয়াই তেওঁক অসাধাৰণ ব্যৱসায়িক সফলতা প্ৰদান কৰে। 

এবাৰ এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই MBA-ৰ কিতাপ পঢ়ি ব্যৱসায়িক পৰিকল্পনা বিচাৰি বহু নিশা পাৰ কৰিলোঁ।" তেওঁৰ এই আত্ম-অধ্যয়ন পিছত ষ্টেনফৰ্ড ইউনিভাৰ্চিটী গ্ৰ্যাজুৱেট স্কুল অফ বিজনেছত (২০১৯-২০২১) আনুষ্ঠানিক শিক্ষা লাভেৰে সম্পূৰ্ণ হয়। 
 

ডাঃ উবেৰৰ চকু চিকিৎসা কেন্দ্ৰত একাংশ ৰোগী
 
সামাজিক উদ্যোগিক দক্ষতাৰ ফলত ডাঃ উবেদে বহু সফল বিনিয়োগ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে (১) ২০১৩চনত Ankur Capital, Ennovent Impact Investment Holding, Beyond Capital Fund, আৰু Angel Investor Sadeesh Raghavanৰ পৰা বিনিয়োগ লাভ।

(২) ২০১৫ চনত বিশ্ব বেংকৰ Washington DC কাৰ্যালয়ৰ পৰা শিৱসাগৰৰ প্ৰথম হাব হাস্পতালৰ বাবে গুৰুত্বপূর্ণ অনুদান লাভ আৰু (৩) ২০১৬-২০১৮ চনত ‘গ্লোবেল ইম্পেক্ট ইনভেষ্টৰ’ৰ পৰা ‘pre-series A funding’ অৰ্জন।

 
উল্লেখ্য যে, ডাঃ উবেদে বহু প্ৰতিষ্ঠিত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অন্যতম স্বীকৃতিসমূহ হৈছেঃ (১)মহিন্দ্ৰা Spark the Rise Award (২০১২): ৩.৬ লাখ টকা লাভ (২) IIT মুম্বাইৰ পৰা Eureka Award (৩) World Bank India Development Marketplace Winner (২০১৪) (৪) ভাৰত চৰকাৰৰ NEVFৰ অধীনত প্ৰথম Startup (২০১৭) বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সন্মান লাভ আৰু (৫) World Economic Forum Agenda Contributor-ৰ পৰা গ্লোবেল চিন্তাশীল ব্যক্তি হিচাপে স্বীকৃতি লাভ।

ডাঃ উবেদৰ তত্বাৱধানত চলা চকু চিকিৎসাৰ পৰিসংখ্যাই সমাজত তেওঁ কৰা সেৱাৰ এক উৎসাহজনক ছবি ডাঙি ধৰে। সেইবোৰ হৈছেঃ ১১ লাখৰো অধিক ৰোগীক সেৱাপ্ৰদান, ৫ লাখ চশমা বিতৰণ, আৰু ৪৩ হাজাৰ ‘কেটাৰেক্ট অস্ত্ৰোপচাৰ’ৰ সফল ৰূপায়ণ।  প্ৰতিটো সংখ্যাৰ অন্তৰালত আছে একোটা জীৱনৰ সফল পৰিবৰ্তন, জীৱিকাৰ পুনৰুদ্ধাৰ, আৰু আশাৰ পুনৰুজ্জীৱন। ইয়াৰ বাহিৰেও প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা অতি কম মূল্যৰ বিনিময়ত কৰা চকু চিকিৎসাই তেওঁৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই সেৱাসমূহ হৈছেঃ চকুৰ পৰামৰ্শৰ বাবে কেবল ৫০ টকা, চশমাৰ দাম ৯৯ টকাৰ পৰা আৰম্ভ, কেটাৰেক্ট অস্ত্ৰোপচাৰ ৩,৫০০ টকাৰে আৰম্ভ আদি। 

ERCৰ দ্বাৰা সম্পন্ন এক অধ্যয়নে দেখুৱাইছে যে সঠিক দৃষ্টিয়ে এজন ব্যক্তিৰ আয় ৩০% আৰু উৎপাদনক্ষমতা ২৫% বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ চকুৰ চিকিৎসা কেৱল চিকিৎসা নহয়, ই অৰ্থনৈতিক ক্ষমতা প্ৰদানৰো এক কাৰ্য্যকৰী উপায়।

 
ডাঃ উবেদৰ AI, machine learning, আৰু IoT প্ৰযুক্তিৰ ব্যৱহাৰে চকু চিকিৎসাত এক যুগান্তকাৰী পৰিবৰ্তন সাধন কৰিছে। তেওঁৰদ্বাৰা সৃষ্ট erclens.com প্লেটফৰ্মে টেলিকনচাল্টেচন, অনলাইন এপণ্টমেণ্ট, আৰু ঘৰতেই চকু পৰীক্ষা কৰাৰ দৰে সুবিধা আগবঢ়াইছে। ফলস্বৰূপে সেৱা প্ৰদানে ঢুকি নোপোৱা অঞ্চলবোৰত ERCৰ অভূতপূৰ্ব সফলতা দেখা গৈছে। প্ৰতিষ্ঠানটোৰ ভবিষ্যতৰ বিস্তাৰ পৰিকল্পনা হʼল ভাৰতৰ বাহিৰেও দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকালৈ ERC সেৱাক প্ৰসাৰণ কৰা যাতে বিশ্বৰ জনগনেও সুলভ মূল্যত স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহন কৰিব পাৰে।

অভয়াপুৰী হস্পিতালত ‘ৰিবন’ কটা মুহূৰ্তটো কেৱল এখন হস্পিতাল খোলাৰ মূহূৰ্ত নহয়—এইটো ১৪ বছৰ আগতে এটা ৰান্ধনীঘৰত আৰম্ভ হোৱা এক অসাধাৰণ যাত্ৰাৰ অব্যাহত ধাৰা। ডাঃ পাৰভিজ উবেদৰ জীৱনে এই কথাৰ প্ৰতিফলন ঘটাইছে যে এজন ব্যক্তিৰ সেৱাৰ প্ৰতিশ্ৰুতিয়ে লাখ লাখ মানুহৰ পথ উজ্বল কৰিব পাৰে। সমাজ উদ্যোগিতাৰ ইতিহাসত ডাঃ পাৰভিজ উবেদৰ নাম কেৱল সফল ব্যৱসায়ী হিচাপে নহয়, দৃষ্টিহীনক দৃষ্টি আৰু নিৰাশক আশা দিয়া এজন দূৰদৰ্শী হিচাপে খোদিত হৈ থাকিব।

(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)


শেহতীয়া খবৰ