ইম্ফল
মণিপুৰত NDA বিধায়িনী দলৰ নেতা হিচাপে মনোনীত হোৱা বিজেপি বিধায়ক য়ুমনাম খেমচান্দ বুধবাৰে বিয়লি ইম্ফলত উপস্থিত হয়। ইফালে, ইম্ফলৰ লোক ভৱনত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে।
বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা অশান্ত জৰ্জৰ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত শীৰ্ষত থকা খেমচান্দক আদৰণি জনাবলৈ ইম্ফল বিমানবন্দৰৰ বাহিৰত শ শ বিজেপি সমৰ্থক সমবেত হয়।
মণিপুৰত নতুন চৰকাৰ গঠনক লৈ মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ইম্ফলত উপস্থিত হয়। তেওঁৰ সৈতে বিজেপিৰ অন্যান্য বিধায়কসকল আৰু দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দও উপস্থিত থাকে।
বিজেপি বিধায়ক থংগাম বিশ্বজিতে কয়, "মুখ্যমন্ত্ৰীকে ধৰি পাঁচগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বিষয়ত আমি অতি সুখী। নতুন চৰকাৰখনে ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিব, সেয়া নিশ্চিত।"
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘে সাংবাদিকক কয়, "আপোনালোকৰ শুভকামনা আমাক লাগে। আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব আৰু ভাল কাম কৰিব লাগিব।"
এখন চাৰ্টাৰ্ড বিমানেৰে উপস্থিত হোৱাৰ পিছত খেমচান্দ দলীয় কাৰ্যালয়লৈ যায়। আনহাতে, কেইবাজনো বিজেপি নেতা ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰিবলৈ লোক ভৱনলৈ ৰাওনা হয়।
প্ৰশাসনীয় সূত্ৰই জনোৱা মতে, ইম্ফলৰ লোক ভৱনত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠীগত হিংসা ৰোধ কৰিব নোৱাৰাৰ অভিযোগত সমালোচিত হৈ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত এন বীৰেন সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছৰে পৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈ আছে।